প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰামাগুণ্ডম, তেলেংগনাত বিভিন্ন বিকাশ কাৰ্যৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 12 NOV 2022 8:18PM by PIB Guwahati

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

সকলোলৈ অভিনন্দন!

 

তেলেংগনাৰ গৱৰ্ণৰ ডাঃ তমিলিসাই সৌন্দৰৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী কিষণ ৰেড্ডী জী, ভগৱন্ত খুবা জী, সংসদৰ মোৰ সংগী বন্দী সঞ্জয় কুমাৰ জী, শ্ৰী ভেংকটেশ নেথা জী, অন্য মহানুভৱ, ভাতৃ আৰু ভগ্নীসকল।

 

ৰামাগুণ্ডমৰ ভূমিৰ পৰা সমগ্ৰ তেলেংগনাক মোৰ আদৰপূৰ্বক নমস্কাৰ! এইমাত্ৰ মোক কোৱা হৈছে আৰু এতিয়া মই টিভি স্ক্ৰীণতো চাই আছিলো যে এই সময়ত তেলেংগনাৰ ৭০টা বিধানসভা ক্ষেত্ৰত, ৭০টা assembly segmentত, হাজাৰ হাজাৰ কৃষক ভাতৃ-ভগ্নীসকলো এই কাৰ্যক্ৰমত আমাৰ সৈতে সংযুক্ত হৈছে। মই সেই সকলো কৃষক ভাতৃ-ভগ্নীসকলকো আদৰণি জনাইছো, তেওঁলোকক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি ১০ হাজাৰ কোটি টকাৰ অধিক মূল্যৰ বিকাশ পৰিকল্পনাৰ লোকাৰ্পণ আৰু শিলান্যাস তেলেংগনাৰ বাবে হৈছে। এই পৰিকল্পনাই ইয়াত খেতি আৰু উদ্যোগ, দুয়োটাকে শক্তি দিব। ফাৰ্টিলাইজাৰ প্লাণ্ট হওক, নতুন ৰে'ল লাইন হওক, হাইৱে হওক, ইয়াৰ পৰা উদ্যোগো বিস্তাৰিত হ'ব। এই পৰিকল্পনাৰ ফলত তেলেংগনাত সংস্থাপনৰ নতুন সুযোগ হ'ব, সাধাৰণ লোকৰ Ease of Living বাঢ়িব। এই সকলো পৰিকল্পনাৰ বাবে দেশবাসীক, তেলেংগনাবাসীক মই বহুত বহুত অভিনন্দন জনাইছো।

 

বন্ধুসকল,

যোৱা দুই-আঢ়ৈ বছৰৰ পৰা সমগ্ৰ বিশ্বই কৰোণা মহামাৰীৰে যুঁজি আছে, আনফালে যি সংঘৰ্ষ চলি আছে, দুশ্চিন্তা চলি আছে, মিলিটাৰী এক্সন হৈ আছে, তাৰ পৰিণামো, তাৰ প্ৰভাৱো দেশ আৰু দুনিয়াৰ ওপৰত পৰি আছে। কিন্তু এই বিপৰীত পৰিস্থিতিৰ মাজত আজি আমি সকলোৱে আৰু এটা কথা সমগ্ৰ পৃথিৱীত প্ৰধানকৈ শুনি আছো। পৃথিৱীৰ বহু বিশেষজ্ঞই কৈ আছে যে ভাৰত বহু সোনকালে পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব, সেই দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছে। সকলো বিশেষজ্ঞই এইবুলিও কৈ আছে যে যিমান গ্ৰ'থ ৯০ৰ পিছৰ ৩০ বছৰত হৈছে, সিমান এতিয়া কেৱল কেইবছৰমানতে হ'ব। অৱশেষত ইমান অভূতপূৰ্ব বিশ্বাস আজি পৃথিৱীৰ, অৰ্থনৈতিক জগতৰ বিদ্বানসকলৰ ইমান বিশ্বাস আজি ভাৰতৰ ওপৰত কিয় হৈ আছে? ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে ভাৰতত যোৱা ৮ বছৰত হোৱা পৰিৱৰ্তন। যোৱা ৮ বছৰত দেশে কাম কৰাৰ পুৰণা পদ্ধতি সলাই দিলে। এই ৮ বছৰত গৱৰ্ণেঞ্চক লৈ চিন্তাৰো পৰিৱৰ্তন হৈছে, এপ্ৰোচতো পৰিৱৰ্তন আহিছে। লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, লাগে চৰকাৰী প্ৰক্ৰিয়া হওক, লাগে Ease of Doing Business হওক, এই পৰিৱৰ্তনসমূহক অনুপ্ৰাণিত কৰি আছে ভাৰতৰ Aspirational Society, আজি বিকশিত হোৱাৰ আকাংক্ষা লৈ, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ নতুন ভাৰত পৃথিৱীৰ সন্মুখত আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

বিকাশ আমাৰ বাবে ২৪ ঘণ্টা, সাতো দিন, ১২ মাহ আৰু সমগ্ৰ দেশত চলিবলগা মিছন। আমি এটা প্ৰকল্পৰ লোকাৰ্পণ কৰো যদি, লগে লগেই অনেক নতুন প্ৰকল্পৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিওঁ। এয়া আজি আমি ইয়াতো দেখিছো। আৰু আমাৰ এইটোও প্ৰয়াস থাকে যে যি প্ৰকল্পৰ শিলান্যাস হয়, তাৰ ওপৰত দ্ৰুতগতিত কাম হওক, আৰু সেইটো দ্ৰুতগতিত সম্পূৰ্ণ হওক। ৰামাগুণ্ডমৰ এই ফাৰ্টিলাইজাৰ কাৰখানা ইয়াৰ এটা উদাহৰণ। ২০১৬ চনত ইয়াৰ শিলান্যাস কৰিছিল আৰু আজি ইয়াক ৰাষ্ট্ৰক সমৰ্পিত কৰা হ'ল।

 

ভাতৃ আৰু ভগ্নীসকল,

২১শ শতিকাৰ ভাৰতে বৃহৎ লক্ষ্য আগত লৈ, সেইবোৰ দ্ৰুতগতিত প্ৰাপ্ত কৰিহে আগবাঢ়িব পাৰে। আৰু আজি যেতিয়া লক্ষ্য ডাঙৰ হয়, তেতিয়া নতুন পদ্ধতি প্ৰয়োগ কৰিবলগা হয়, নতুন ব্যৱস্থা বনাবলগা হয়। আজি কেন্দ্ৰ চৰকাৰে সততাৰে এই প্ৰয়াসতে লাগি আছে। দেশৰ ফাৰ্টিলাইজাৰ ছেক্টৰো ইয়াৰ সাক্ষী হৈ আছে। যোৱা দশকবোৰত আমি দেখিছো যে দেশে ফাৰ্টিলাইজাৰৰ বাবে বেছিভাগ বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছিল। ইউৰিয়াৰ ডিমাণ্ড পূৰণ কৰিবলৈ যি কাৰাখানা আছিল, সেয়াও টেকনলজি পুৰণা হোৱা বাবে বন্ধ হৈছিল। য'ত ৰামাগুণ্ডমৰ সাৰ কাৰখানাও আছিল। ইয়াৰ উপৰিও, আৰু এটা ডাঙৰ সংকট আছিল। ইমান দামী ইউৰিয়া বিদেশৰ পৰা আহিছিল, কিন্তু সেয়া কৃষকে পোৱাৰ সলনি অবৈধ কাৰখানালৈ চুৰ কৰি পঠোৱা হৈছিল। ইয়াৰ ফলত কৃষকে ইউৰিয়া পাবলৈ ৰাতি ৰাতি শাৰীত থিয় দিবলগা হৈছিল আৰু বহুবাৰ লাঠীও সহ্য কৰিবলগা হৈছিল। ২০১৪ৰ আগতে প্ৰতি বছৰ, প্ৰতিটো ছিজনত এই সমস্যা কৃষকৰ সন্মুখলৈ আহিছিল।

 

বন্ধুসকল,

২০১৪ৰ পাছত কেন্দ্ৰ চৰকাৰে প্ৰথম কাম এইটো কৰে যে ইউৰিয়াৰ এশ শতাংশ নীম কোটিং কৰে। ইয়াৰ ফলত ইউৰিয়াৰ ক'লা বজাৰ বন্ধ হ'ল। কেমিকেলৰ ফেক্টৰীত যি ইউৰিয়া গৈ পাইছিল সেয়া বন্ধ হ'ল। খেতিত কিমান ইউৰিয়া দিব লাগিব, এই কথা নিৰ্ধাৰণ কৰিবলৈও কৃষকৰ বহুত সুবিধা নাছিল, উপায় নাছিল। সেয়ে আমি কৃষকক ছইল হেল্থ কাৰ্ড দিয়াৰ সমগ্ৰ দেশত অভিযান চলাওঁ। ছইল হেল্থ কাৰ্ড পোৱাত কৃষকে এই কথা জানিব পাৰিলে যে যদি আমি শস্য বঢ়াব লাগে তেন্তে বিনা কাৰণত ইউৰিয়াৰ ব্যৱহাৰৰ প্ৰয়োজন নাই, তেওঁলোকে মাটিৰ স্বভাৱৰ কথা গম পাবলৈ ল'লে।

 

বন্ধুসকল,

এটা বহুত ডাঙৰ কাম আমি ইউৰিয়াত আত্মনিৰ্ভৰতাক লৈ আৰম্ভ কৰিলো। ইয়াৰ বাবে দেশৰ যি ৫টা সাৰ কাৰখানা বছৰ বছৰ ধৰি বন্ধ হৈ আছিল, সেইবোৰ পুনৰ আৰম্ভ কৰা দৰকাৰ আছিল। এতিয়া আজি চাওক ইউপিৰ গোৰখপুৰত সাৰ উৎপাদন আৰম্ভ হৈ গৈছে। ৰামাগুণ্ডম সাৰ কাৰখানাৰো লোকাৰ্পণ হৈ গৈছে। যেতিয়া এই পাঁচোটা কাৰখানা আৰম্ভ হৈ যাব তেতিয়া দেশে ৬০ লাখ টন ইউৰিয়া লাভ কৰিব। অৰ্থাৎ হাজাৰ হাজাৰ কোটি টকা বিদেশলৈ যোৱাৰ পৰা বাচিব আৰু কৃষকে ইউৰিয়া সহজে পাব। ৰামাগুণ্ডম সাৰ কাৰখানাৰ পৰা তেলেংগনাৰ লগতে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, ছত্তিশগড় আৰু মহাৰাষ্ট্ৰৰ কৃষকেও সহায় পাব। এই প্লাণ্টৰ ফলত ইয়াৰ আশেপাশে অন্য ব্যৱসায়ৰ সুবিধাও হ'ব, লজিষ্টিক আৰু ট্ৰেন্সপোৰ্টৰে জড়িত কাম ওলাব। অৰ্থাৎ ৬ হাজাৰ কোটি টকা যাক কেন্দ্ৰ চৰকাৰে ইয়াত বিনিয়োগ কৰিছে, ইয়াৰ পৰা কেইবা হাজাৰ কোটিৰ লাভ তেলেংগনাৰ নজোৱানসকলৰ হ'ব।

 

ভাতৃ আৰু ভগ্নীসকল,

দেশৰ ফাৰ্টিলাইজাৰ ছেক্টৰক আধুনিক কৰিবলৈ আমি নতুন টেকনলজিৰ ওপৰত সিমানেই জোৰ দিছো। ভাৰতে ইউৰিয়াৰ নেনো টেকনলজি বিকশিত কৰিছে। এবস্তা ইউৰিয়াৰ পৰা যি লাভ হয়, সেয়া নেনো ইউৰিয়াৰ এটা বটলৰ পৰাই পাব।

 

বন্ধুসকল,

সাৰত আত্মনিৰ্ভৰতা কিমান প্ৰয়োজন, এয়া আমি আজিৰ বিশ্বজনীন পৰিস্থিতিলৈ লক্ষ্য কৰি বেছি অনুভৱ কৰিছো। কৰোণা আহিল, যুদ্ধ হ'ল আৰু পৃথিৱীত ফাৰ্টিলাইজাৰৰ দাম বাঢ়ি গ'ল। কিন্তু আমি এই বৰ্ধিত দামৰ বোজা নিজৰ কৃষক ভাতৃ ভগ্নীৰ ওপৰত পৰিবলৈ দিয়া নাই। ইউৰিয়াৰ প্ৰতি বেগ যাক কেন্দ্ৰ চৰকাৰে বিদেশৰ পৰা আনে সেয়া প্ৰায় এক বস্তা, ফাৰ্টিলাইজাৰ বাহিৰৰ পৰা আনিলে ২০০০ টকাত কিনে, ভাৰত চৰকাৰে ২০০০ টকা দি আনে। কিন্তু কৃষকৰ পৰা ২০০০ টকা নলয়। সমগ্ৰ খৰচ ভাৰত চৰকাৰে বহন কৰে, মাত্ৰ ২৭০ টকাত এই ফাৰ্টিলাইজাৰৰ বস্তা কৃষকে পায়। এনেদৰেই ডিএপিৰ এটা বেগো চৰকাৰে প্ৰায় ৪ হাজাৰ টকাত আনে। কিন্তু কৃষকৰ পৰা ৪ হাজাৰ টকা নলয়। এই এটা বেগতো চৰকাৰে আঢ়ৈ হাজাৰ টকাৰো বেছি ছাবছিডি চৰকাৰে দিয়ে।

 

বন্ধুসকল,

যোৱা ৮ বছৰত কৃষকক সস্তাত সাৰ দিবলৈকে কেন্দ্ৰ চৰকাৰে এই পৰিসংখ্যাও মনত ৰাখিব ভাতৃসকল, মানুহক ক'ব, ৮ বছৰত কৃষকৰ সাৰৰ বোজা নাবাঢ়ক, তেওঁলোকে সস্তাত সাৰ পাওক তাৰ বাবে চাৰে ন লাখ কোটি টকা অৰ্থাৎ প্ৰায় ১০ লাখ কোটি টকা ভাৰত চৰকাৰে খৰচ কৰিছে। এই বছৰতে কেন্দ্ৰ চৰকাৰে আঢ়ৈ লাখ কোটি টকাৰ অধিক কৃষকক সস্তাত সাৰ দিবলৈ খৰচ কৰিব। আঢ়ৈ লাখ কোটি টকা। ইয়াৰ উপৰিও আমাৰ চৰকাৰে পিএম কিষান সন্মান নিধিৰ জৰিয়তেও প্ৰায় আঢ়ৈ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেঙ্ক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে। কৃষকৰ হিতক সৰ্বোচ্চ স্থান দিয়া চৰকাৰ যেতিয়া দিল্লীত আছে তেতিয়া কৃষকৰ ভালৰ বাবে অনেক এনেকুৱা প্ৰকল্প আগবঢ়াই নিয়ে, কাম কৰে।

 

বন্ধুসকল,

দশক দশক ধৰি আমাৰ দেশৰ কৃষকে সাৰৰ সৈতে জড়িত আৰু এটা সমস্যাৰ সন্মুখীন হৈ আহিছে। দশক দশক ধৰি সাৰৰ এনেকুৱা বজাৰ হৈ গৈছিল য'ত বেলেগ বেলেগ ফাৰ্টিলাইজাৰ, সিবিলাকৰ ব্ৰেণ্ড, এই বজাৰখনত বিক্ৰী হৈছিল। সেয়ে কৃষকৰ সৈতে ঠগবাজিও হৈছিল। এতিয়া কেন্দ্ৰ চৰকাৰে কৃষকক ইয়াৰ পৰাও সকাহ দিবলৈ আৰম্ভ কৰিছে। এতিয়া দেশত ইউৰিয়াৰ কেৱল এটাই ব্ৰেণ্ড থাকিব, ভাৰত ইউৰিয়া- ভাৰত ব্ৰেণ্ড। ইয়াৰ দামো নিৰ্দিষ্ট আৰু কোৱালিটিও নিৰ্দিষ্ট। এই সকলো প্ৰয়াস এই কথাৰ প্ৰমাণ যে দেশৰ কৃষক, বিশেষকৈ সৰু কৃষকৰ বাবে আমি কেনেকৈ ছিষ্টেম সংশোধন কৰি আছো।

 

বন্ধুসকল,

আমাৰ দেশত আৰু এটা প্ৰত্যাহ্বান কানেক্টিভিটীৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ আছে। আজি দেশে এই অভাৱো দূৰ কৰি আছে। দেশৰ সকলো ৰাজ্যত হাইৱে, আধুনিক ৰে'লৱে, এয়াৰপৰ্ট, ৱাটাৰৱে আৰু ইণ্টাৰনেট হাইৱেৰ ওপৰত দ্ৰুতগতিত কাম হৈ আছে। এতিয়া ইয় পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ পৰা নতুন শক্তি পাই আছে। আপুনি মনত পেলাওক আগতে কি হৈছিল? উদ্যোগৰ বাবে স্পেচিয়েল জ'ন ঘোষণা হৈছিল। কিন্তু তালৈকে পথ, বিজুলী, পানী যি প্ৰাথমিক সুবিধা লাগে, সেয়া কৰোতেই কেইবাবছৰ লাগি গৈছিল। এতিয়া এই কাৰ্যশৈলী আমি সলনি কৰি আছো। এতিয়া ইনফ্ৰা প্ৰজেক্টৰ ওপৰত সকলো ষ্টেকহল্ডাৰ আৰু প্ৰজেক্টৰ সৈতে জড়িত সকলো এজেঞ্চী একেলগ হৈ, এটা নিৰ্ধাৰিত ৰণনীতিৰ ওপৰত কাম কৰে। ইয়াৰ ফলত প্ৰজেক্টৰ ইফাল সিফাল হোৱাৰ আশংকা নাথাকে।

 

বন্ধুসকল,

ভদ্ৰাদি কোত্তাগুডেম এই জিলা আৰু খম্মম জিলাক সংযুক্ত কৰা নতুন ৰে'ল লাইন আজি আপোনালোকৰ সেৱাৰ বাবে সমৰ্পিত। এই ৰে'ল লাইনৰ পৰা ইয়াৰ স্থানীয় লোকৰ তো লাভ হ'বই, সমগ্ৰ তেলেংগনাৰো লাভ হ'ব। ইয়াৰ ফলত তেলেংগনাৰ বিজুলী খণ্ডৰ লাভ হ'ব, উদ্যোগৰ লাভ হ'ব আৰু নজোৱানৰ বাবে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব। নিৰন্তৰ প্ৰয়াসৰ কাৰণে ৪ বছৰত এই ৰে'ল লাইন নিৰ্মাণ হৈছে আৰু বৈদ্যুতিকীকৰণো হৈছে। ইয়াৰ ফলত কয়লা কম খৰচত বিজুলী কাৰখানা গৈ পাব আৰু প্ৰদূষণো কম হ'ব।

 

বন্ধুসকল,

আজি যি ৩টা হাইৱেৰ ওখ কৰাৰ কাম আৰম্ভ হৈছে, তাৰ ফলত কয়লা বেল্ট, ঔদ্যোগিক বেল্ট আৰু কুঁহিয়াৰ খেতিয়কৰ পোনপটীয়া লাভ হ'ব। ইয়াত হালধিৰ উৎপাদন বঢ়োৱাতো আমাৰ কৃষক ভাতৃসকল লাগি আছে। কুঁহিয়াৰ খেতিয়ক হওক, হালধিৰ খেতিয়ক হওক, ইয়াত সুবিধা বাঢ়িলে তেওঁলোকৰ বাবে নিজৰ শস্যৰ পৰিবহন সহজ হ'ব। এনেকৈ কয়লাৰ খনি আৰু বিজুলী কাৰখানাৰ মাজত পথ ওখ হ'লে সুবিধা হ'ব, সময় কম লাগিব। হায়দৰাবাদ-ৱাৰাংগল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, ককাটিয়া মেগা টেক্সটাইল পাৰ্কৰ ওখ পথৰ সৈতে কানেক্টিভিটীয়ে ইবোৰৰো সামৰ্থ্য বঢ়াব।

 

বন্ধুসকল,

যেতিয়াই দেশে বিকাশ কৰে, বিকাশৰ কামত গতি আহে, তেতিয়াই বহুবাৰ ৰাজনৈতিক স্বাৰ্থত, কিছুমান বিকৃত মানসিকতাৰ মানুহে, কিছুমান শক্তিয়ে নিজৰ উৰাবাতৰি প্ৰচাৰ কৰিবলৈ লয়, মানুহক উচতাবলৈ লয়। তেলেংগনাত এনেকুৱাই উৰাবাতৰি আজিকালি 'সিংগাৰেণী কইলৰীজ কোম্পানী লিমিটেড- এছচিচিএল' আৰু বিভিন্ন কয়লা খনিক লৈ প্ৰচাৰ কৰি থকা হৈছে আৰু মই শুনিছো যে হায়দৰাবাদৰ পৰা তাক বতাহ দি থকা হৈছে। তাত নতুন নতুন ৰহণ সানি থকা হৈছে। মই আজি যেতিয়া আপোনালোকৰ মাজলৈ আহিছো সেয়ে মই কিছু তথ্য আপোনালোকক দিব বিচাৰো। এই উৰাবাতৰি বিয়পোৱা লোকসকলে এই কথাও নাজানে যে তেওঁলোকৰ এই মিথ্যাচাৰ ধৰা পৰিব। আটাইতকৈ ডাঙৰ মিথ্যাচাৰ বুজক আৰু ইয়াত সাংবাদিক বন্ধুসকল বহি আছে, অলপ ওচৰৰ পৰা চাই লওক এওঁলোকক। SCCLত ৫১ শতাংশ অংশ এই তেলেংগনাৰ ৰাজ্য চৰকাৰৰ, ইয়াৰ বিপৰীতে ভাৰত চৰকাৰৰ অংশ মাত্ৰ ৪৯ শতাংশ। SCCLৰ ব্যক্তিগত কৰণৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে নিজা স্তৰত কৰিবই নোৱাৰে, ৫১ শতাংশ তেওঁলোকৰ ওচৰত আছে। মই আকৌ এবাৰ দোহাৰিম SCCLৰ প্ৰাইভেটাইজেচনৰ কোনো প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰৰ ওচৰত বিচাৰাধীন নহয় আৰু কেন্দ্ৰ চৰকাৰৰ কোনো ইচ্ছাও নাই। আৰু সেয়ে, মই ভাতৃ-ভগ্নীসকলক আহ্বান জনাওঁ যে কোনো উৰাবাতৰিৰ ওপৰত অলপো মনোযোগ নিদিব। এই মিথ্যাচাৰৰ বেপাৰীসকলক হায়দৰাবাদতে থাকিবলৈ দিয়ক।

 

বন্ধুসকল,

আমি সকলোৱে, দেশত কয়লা খনিবোৰক লৈ হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি হোৱা দেখিছো। এই দুৰ্নীতিত দেশৰ লগতে শ্ৰমিক, গৰীব আৰু সেই ক্ষেত্ৰসমূহৰ লোকচান হৈছে, য'ত এই খনিবোৰ আছিল। আজি দেশত কয়লাৰ বৰ্ধিত প্ৰয়োজন দেখি কোল মাইন্সৰ সম্পূৰ্ণ পাৰদৰ্শিতাৰে নিলামী কৰি থকা হৈছে। যি ক্ষেত্ৰৰ পৰা খনিজ ওলাই আছে, তাৰ লাভ তাত থকা মানুহক দিবৰ বাবে আমাৰ চৰকাৰে DMF অৰ্থাৎ ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ডো গঠন কৰিছে। এই ফাণ্ডৰ জৰিয়তেও হাজাৰ হাজাৰ কোটি টকা ৰাজ্যসমূহক ৰিলীজ কৰা হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

আমি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' মন্ত্ৰৰ ওপৰত চলি তেলেংগনাক আগবঢ়াই নিব বিচাৰো। তেলেংগনাৰ দ্ৰুত বিকাশৰ বাবে আপোনালোক সকলোৰে আশীৰ্বাদ আমি পাই থাকিম, এই বিশ্বাসেৰেই আকৌ এবাৰ আপোনালোকক এই বহুত বিকাশ কাৰ্যৰ বহুত বহুত অভিনন্দন। মোৰ কৃষক ভাতৃসকলক বিশেষ অভিনন্দন আৰু ইমান বৃহৎ সংখ্যাত আপোনালোক আহিছে, হায়দৰাবাদত কিছুমান মানুহৰ আজি টোপনি নাহিব। ইমান বৃহৎ সংখ্যাত অহা বাবে মই আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞ। ধন্যবাদ।

 

মোৰ লগত কওক। ভাৰত মাতা কী জয়। দুয়োটা মুঠি বন্ধ কৰি সম্পূৰ্ণ শক্তিৰে কওক।

 

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

ধন্যবাদ!

 

**********

 

DS/VJ/VK/AK


(Release ID: 1876133) Visitor Counter : 116