প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ ল'গ', থিম আৰু ৱেবছাইট উন্মোচন

Posted On: 08 NOV 2022 6:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ ল'গ', থিম আৰু ৱেবছাইট উন্মোচন কৰে।

ভাৰ্চুৱেল মোডত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা ল’গ’ আৰু থিম তলত দিয়া ধৰণৰ।

'' আৰু থিমৰ ব্যাখ্যা

জি-২০ৰ ল’গ’টোৱে ভাৰতৰ জাতীয় পতাকাৰ প্ৰাণৱন্ত ৰং কেশৰ, বগা আৰু সেউজীয়া আৰু নীলা ৰঙৰ পৰা প্ৰেৰণা লাভ কৰিছে। ইয়াৰ উপৰিও ই পৃথিৱী গ্ৰহটোক ভাৰতৰ জাতীয় ফুল পদুমৰ সৈতে জড়িত কৰে, যিয়ে প্ৰত্যাহ্বানৰ মাজতো সমৃদ্ধিৰ প্ৰতিফলন ঘটায়।জি-২০ৰ ল’গ’ৰ তলত দেৱনাগৰী লিপিৰে লিখা আছে “ভাৰত”।

ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ বিষয়বস্তুহ’ল "বসুধৈৱ কুটুম্বকম" বা "এক পৃথিৱী এক পৰিয়াল এক ভৱিষ্যত"।এয়া মহা উপনিষদৰ প্ৰাচীন সংস্কৃত পাঠৰ পৰা অংকিত।

ভাৰতৰ বাবেজি-২০ প্ৰেচিডেন্সিয়ে "অমৃতকাল"ৰ আৰম্ভণিকো চিহ্নিত কৰে, যি হৈছে ১৫ আগষ্ট,২০২২তদেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বাৰ্ষিকীৰ পৰা আৰম্ভ হোৱা ২৫ বছৰীয়া সময়।

জি-২০ ৱেবছাইট

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ প্ৰেচিডেন্সীৰ ৱেবছাইটো(www.g20.in) মুকলি কৰে।ভাৰতে জি-২০ প্ৰেচিডেন্সীৰ দায়িত্ব গ্ৰহণৰ দিনাৰ পৰা অৰ্থাৎ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ৱেবছাইটোৱে সাৱলীলভাৱে কাম আৰম্ভ কৰিব। জি-২০ আৰু লজিষ্টিক ব্যৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্যৰ উপৰিও ৱেবছাইটটো জি-২০ৰ তথ্যৰ ভঁৰাল নিৰ্মাণ আৰু কাম কৰিবলৈও ব্যৱহাৰ কৰা হ’ব। ৱেবছাইটটোত নাগৰিকসকলে নিজৰ পৰামৰ্শ দাখিল কৰিব পৰাকৈ এটা শিতান সন্নিবিষ্ট কৰা হৈছে।

জি-২০ এপছ

ৱেবছাইটটোৰ উপৰিও, এণ্ড্ৰইড আৰু আইঅ'এছ দুয়োটা প্লেটফৰ্মত "জি20 ইণ্ডিয়া" নামৰ এটা মোবাইল এপ মুকলি কৰা হৈছে।

***

DS/MS



(Release ID: 1875744) Visitor Counter : 207