প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংগালুৰুৰ বিধানা চৌধাত সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 11 NOV 2022 11:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ বিধানা চৌধাত সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে৷

শ্ৰী কনকা দাসাত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “আজি কনকা দাসা জয়ন্তীৰ পবিত্ৰ ক্ষণত মই বাংগালুৰুত শ্ৰী কনকা দাসাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ আমাক ভক্তি মাৰ্গ দেখুওৱাৰ লগতে কানাড়া সাহিত্যৰ সমৃদ্ধিশালী কৰা আৰু আমাক এক সামাজিক ঐক্যতাৰ বাৰ্তা প্ৰদান কৰাৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো৷”

প্ৰধানমন্ত্ৰী মোদীক মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বোম্মাই আৰু কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰ চান্দ গেহলটে সংগ দিয়ে৷

*****

DS/TS/DB



(Release ID: 1875449) Visitor Counter : 90