তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘আইএফএফআই ৫৩’-ত বহু আকাংক্ষিত ‘সোণালী ময়ূৰ’-লৈ চকু ১৫ চলচ্চিত্ৰৰ


মহোত্সৱৰ ‘আন্তঃৰাষ্ট্ৰীয় শাখা’ত অন্তৰ্ভুক্ত হৈছে ১২খন বিদেশী আৰু ৩খন ভাৰতীয় ছবি

Posted On: 07 NOV 2022 10:37AM by PIB Guwahati

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৫৩ সংখ্যক ‘ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’(আইএফএফআই)ত দেশ-বিদেশৰ ১৫খন চলচ্চিত্ৰই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ‘গ’ল্ডেন পীকক’—‘সোণালী ময়ূৰ’ অৰ্জনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। প্ৰতিযোগিত অংশগ্ৰহণ কৰিবলগীয়া ১৫ খন ছবিৰ ভিতৰত ১২খন বিদেশী ভাষাৰ হোৱাৰ লগতে ৩খন ভাৰতীয় ছবি আছে, যিয়ে শিল্পৰ নানন্দনিকতাৰ লগতে ৰাজনীতিৰ সাম্প্ৰতিক প্ৰৱণতাক প্ৰতিনিধিত্ব কৰিব।

‘আইএফএফআই’-ৰ তৃতীয়টো তাঙৰণত প্ৰথমবাৰৰ বাবে ‘সোণালী ময়ূৰ’ বঁটা প্ৰদানৰ প্ৰথা আৰম্ভ কৰা হৈছিল আৰু সাম্প্ৰতিক সময়ত ই এছীয়াৰ ভিতৰতে সবাতোকৈ আকাংক্ষিত বঁটাসমূহৰ অন্যতম হিচাপে প্ৰতিস্থা লাভ কৰিছে। এই বছৰৰ তালিকাভুক্ত ছবিসমূহৰ পৰা শ্ৰেষ্ঠ ছবিখন নিৰ্বাচন কৰিবলৈ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া বিচাৰকমণ্ডলীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ইজৰাইলৰ লিখক-নিৰ্দেশক নাডাব লাপিড, আমেৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা জিনকো গটোহ, ফ্ৰান্সৰ বিশিষ্ট সম্পাদক পাস্কেল চৱাঞ্চ, ফ্ৰান্সৰ তথ্যছবি নিৰ্মাতা, ছবি সমালোচক তথা সাংবাদিক জেভিয়াৰ এংগুলো বাৰ্টাৰেন আৰু ভাৰতৰ অতিকে আপোন চলচ্চিত্ৰ নিৰ্দেশক সুদীপ্ত সেন।

এই বেলিৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া ছবিসমূহ হ’ল:

1. পাৰ্ফেক্ট নাম্বাৰ(২০২২)

পোলেণ্ডৰ ছবি নিৰ্মাতা ক্ৰীজিটফ জানুছিৰ ‘পাৰ্ফেক্ট নাম্বাৰ’ হৈছে নৈতিকতা আৰু মৰণশীলতা সন্দৰ্ভত নতুন চিন্তা উদ্ৰেককাৰী নাটকীয় উপস্থাপনা। ইটালী আৰু ইজৰাইলৰ যুটীয়া প্ৰযোজানৰে নিৰ্মিত ছবিখনত এগৰাকী যুৱ-গণিতজ্ঞ আৰু তেওঁৰ দূৰ-সম্পৰ্কীয় ভাতৃৰ মাজৰ সম্পৰ্কৰ অনুসন্ধানৰ লগতে ৰহস্যময় বিশ্বব্যৱস্থা, জীৱনৰ অৰ্থ আৰু ইয়াৰ উত্তৰণ সন্দৰ্ভত কেনেদৰে ধ্যানে দুই মূল চৰিত্ৰৰ মাজত মিলনৰ এক সুযোগ আনি দিছিল তাৰে নাটকীয় উপস্থাপনা।

2. ৰে’ড শ্বুজ (২০২২)

মেক্সিকান ছবি নিৰ্মাতা কাৰ্লোছ আইচেলমান কাইজাৰে তেওঁ ছবি ‘ৰে’ড শ্বুজ’ সন্দৰ্ভত দিয়া ব্যাখ্যা অনুসৰি এয়া আবেগিক প্ৰতিফলনৰ বাহিৰে আন একো নহয়। একাকী জীৱন কটোৱা এগৰাকী খেতিয়কে এদিন তেওঁৰ ছোৱালীজনীৰ মৃত্যুৰ বাতৰি পালে। খেতিয়ক জনে তেওঁৰ ছোৱাজনীৰ মৃতদেহটো ঘৰলৈ অনাৰ বাবে এটা অপৰিচিত আৰু এক অচিনাকী পৃথিৱীৰ মাজেৰে কৰা প্ৰয়াসৰে ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে। ইতিমধ্যে বহুকেইটা বঁটাৰে সন্মানিত হোৱা ছবিখনে ইতিমধ্যে ‘ভেনিচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত দৰ্শকৰ বিশেষ বঁটা লাভ কৰিছে।

3. এ মাইনৰ(২০২২)

১৯৭০ত ‘ইৰাণীয়ান নিউ ৱে’ভ’ৰ অন্যতম প্ৰতিস্থাতা ডাৰিউছ মেহৰজুই হৈছে ইৰানিয়ান চিনেমাৰ প্ৰসিদ্ধ কৰ্ণধাৰ। প্ৰতিথযশা ছবি নিৰ্মাতাগৰাকীয়ে তেওঁৰ শেহতীয়া ছবি ‘এ মাইনৰ’-ক লৈ বহুদিনৰ বিৰতত ভূমুকি মাৰিবহি ‘আইএফএফআই’-ত। দেউতাকৰ আপত্তিৰ পিচতো যাদুকৰ হ’বলৈ হেঁপাহ কৰা এজনী ছোৱালীৰ কাহিনী হৈছে এই ছবিৰ মূলকথা। একেটা পৰিয়ালৰ সদস্যসকলৰ মাজৰ জটিল সমীকৰণ, মাক-বাপেক আৰু ল’ৰা-ছোৱালীৰ আকাংক্ষাৰ মাজত থকা ভিন্নতা আৰু সংগীতৰ সন্মোহনেৰে উপস্থাপিত হৈছে কাহিনী বিন্যাস।

4. ন’ এ’ণ্ড(২০২১)

‘ন’ এ’ণ্ড’ত চিত্ৰায়িত হৈছে ইৰাণৰ ‘চিক্ৰেট পুলিচ’ৰ কাৰচাজি আৰু কৌশলৰ কথা। এগৰাকী সত আৰু শান্ত প্ৰকৃতিৰ ব্যক্তিয়ে ‘চিক্ৰেট পুলিচ’ জড়িত থকা এক পাকচক্ৰত পৰি এক মিথ্যাচাৰত লিপ্ত হ’বলগীয়া হয়। ঘটনাই অধিক জটিলতাৰ ফালে গতি কৰে যেতিয়া প্ৰকৃত ‘চিক্ৰেট পুলিচ’য়ে প্ৰেক্ষাপটত প্ৰৱেশ কৰেলেহি। জাফৰ পানাহীৰ সহযোগিতাৰে নাদেৰ ছেইভাৰৰ দ্বিতীয় খন ছবি ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’ৰ বাবে মনেনীত হৈছে। জাফৰ পনাহী এগৰাকী কৃবিদ্য উপদেষ্টা আৰু সম্পাদক।

5. মেডিটেৰিয়ান ফিভাৰ(২০২২)

পেলেষ্টিনিয়ান-ইজৰাইলী বিশিষ্ট লেখক-নিৰ্দেশক মহা হাজৰ ‘মেডিটেৰিনিয়ান ফিভাৰ’ হৈছে দুই মধ্যবয়স্ক বন্ধুৰ মাজত চলা শত্ৰুতাৰ ‘ব্লেক কমেদী’। কান্ছ-ত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা লাভ কৰিছে ছবিখনে 

6. হোৱেন দা ৱেভছ আৰ গন(২০২২)

ফিলিপাইনৰ ছবি নিৰ্মাতা লৱ ডিয়াজৰ হোৱেন দা ৱেভছ আৰ গন হৈছে এগৰাকী ফিলিপিনো তদন্তকাৰীৰ বিষয়াৰ নৈতিকতা সন্দৰ্ভত হোৱা মানসিক অৱস্থাৰ এক কাহিনী আধাৰিত ছবি। অতীতৰ অপ-কৰ্মৰ শুধৰণী বিচাৰি কৰা হেজাৰ চেষ্টাকো অসাৰ কৰি কেনেকৈ ব্যক্তি এগৰাকী ব্যতিবস্ত হৈ ৰয় ছবিৰ মূল বক্তব্য হৈছে তাৰেই ব্যাখ্যা। ‘চিনেমেটিক টাইম’ (‘ইভলিউশ্যন অব এ ফিলিপিনো ফেমিলী’ নামৰ ২০০৪-ত নিৰ্মাণ কৰা ছবিখনৰ দৈৰ্ঘ্য আছিল ১১ ঘণ্টাৰ) নিজা সংস্কৰণ বিকাশক হিচাপে প্ৰসিদ্ধি লাভ কৰা লৱ ডিয়াজে এইখন ছবি ৩ ঘণ্টাৰ ওচৰে-পাজৰে হলেই হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

7. আই হেভ ইলেক্ট্ৰিক ড্ৰীম(২০২২)

‘আই হেভ ইলেক্ট্ৰিক ড্ৰীম’ ছবিখনৰে কোষ্টা ৰিকাৰ ছবি নিৰ্মাতা ভেলেণ্টিনা মৌৰেলে ২০২২ চনৰ ‘লেকাৰ্ণো ছবি মহোত্সৱ’ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। ইভা নামৰ এগৰাকী ১৬ বছৰীয়া ছোৱালী আৰু তেওঁৰ বিবাহ-বিচ্ছেদিত মাক-দেউতাকে তেওঁৰ বিচ্ছিন্ন দেউতাকক লৈ কৰা আচৰণৰে আগবাঢ়িছে ছবিৰ কাহিনী।

8. ক’ল্ড এজ মাৰ্বল(২০২২)

পৰিবাৰক হত্যাৰ অপৰাধত কাৰাৰুদ্ধ হোৱা দেউতাকৰ অপ্ৰত্যাশিত প্ৰত্যাগমনৰ বৰ্ণনাৰে আগবাঢ়িছে আজাৰবাইজানৰ নিৰ্দেশক আছিফ ৰুস্তমভৰ ‘ক’ল্ড এজ মাৰ্বল’ৰ কাহিনী। মূলতঃ অপৰাধ আৰু মনঃস্তত্বৰ নাটকীয় উপস্থাপন হৈছে ‘ক’ল্ড এজ মাৰ্বল’ৰ মূল বক্তব্য।

9. দি লাইন(২০২২)

বাৰ্লিন ছবি মহোত্সৱৰ ‘গ’ল্ডেন বীয়েৰ’ বঁটাৰ বাবে মনোনীত উৰ্চুতা মেয়াৰৰ ‘দি লাইন’ হৈছে গ্ৰহণযোগ্যতা আৰু তেনেই আলসুৱা পাৰিবাৰিক বান্ধোনৰ এক অধ্যয়ন। ফৰাচী-ছুইজাৰলেণ্ডৰ নিৰ্মাতাগৰাকীৰ ছবিখনত মাক-জীয়েকৰ সম্পৰ্কৰ সুক্ষ্ম বিশ্লেষণ দাঙি ধৰা প্ৰয়াস কৰা হৈছে।

10. ছেভেন ডগছ(২০২১)

৪৩ সংখ্যক ‘কাইৰো আন্তঃৰাষ্ট্ৰীয় ছবি মহোতসৱ’ত প্ৰিমিয়াৰ প্ৰদৰ্শনীৰ দিহা কৰা ‘ছেভেন ডগছ’ হৈছে এগৰাকী কপৰ্দকশূণ্য অকলশৰীয়া মানুহে সাতোটা কুকুৰক ভৰণ-পোষণ দিবলৈ গৈ কৰিবলগীয়া হোৱা সংগ্ৰামৰ গাঁথা। আৰ্জেণ্টিনাৰ পৰিচালক ৰড্ৰিজো গুয়েৰাৰো-ৰ এইখন হৈছে চতুৰ্থখন ছবি। ৮০মিনিট দৈৰ্ঘ্যৰ ছবিখনত মানুহ আৰু পোহনীয়া জন্তুৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ বিশ্লেষণ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

11. মাৰিয়া : দা অ’চেন এঞ্জেল(২০২২)

শ্ৰীলংকাৰ ছবি-নিৰ্মাতা অৰুণা জয়বৰ্দ্ধনৰ ‘মাৰিয়া : দা অ’চেন এঞ্জেল’-য়ে দেশখনৰ দ্বিতীয়খন ছবি হিচাপে ‘সোণালী ময়ূৰ’ জয় কৰাৰ সপোন দেখিছে। ইয়াৰ পূৰ্বে জেমছ পেৰিছ-ৰ ‘গাম্পেৰেলিয়াই’ ‘আইএফএফআই’-ত প্ৰথম বাৰৰ বাবে আগবঢো়ৱা এই বঁটা লাভ কৰিছিল। ‘মাৰিয়া : দা অ’চেন এঞ্জেল’ হৈছে সমুদ্ৰত আৱিষ্কাৰ কৰা এটা যৌন-পুতলাক লৈ বিপৰ্যস্ত হোৱা এদল মাছমৰীয়াৰ কাহিনী। ২০১১ চনত নিৰ্মাণ কৰা আগষ্ট ড্ৰিজলৰ বাবে প্ৰসিদ্ধি লাভ কৰিছিলএই গৰাকী চিত্ৰ নিৰ্মাতাই।

12. ডি কাশ্মীৰ ফাইলছ(২০২২)

১৯৯০ চনত কাশ্মীৰত কাশ্মীৰী পণ্ডিতক কৰা আতিশয্য আৰু উত্খাতৰ গাঁথাৰে নিৰ্মিত হৈছে নিৰ্দেশক বিৱেক অগ্নিহোত্ৰীৰ ‘দি কাশ্মীৰ ফাইলছ’। কৃষ্ণ নামৰ এগৰাকী কলেজীয়া শিক্ষাৰ্থীৰ জীৱন আধাৰিত কাহিনীভাগ তেওঁৰ মাক-দেউতাকৰ অকাল মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটনৰ ঘটনাপ্ৰবাহৰে আগবাঢ়িছে।

13. নেঝৌ(২০২২)

‘ভেনিছ আন্তঃৰাষ্ট্ৰীয় ছবি মহোত্সৱ’ত দৰ্শকৰ বিশেষ বঁটা লাভ কৰা ‘নেঝৌ’ হৈছে ছিৰিয়াৰ এক যুদ্ধ বিধ্বস্ত পৰিয়াল কৰুণ গাঁথা। ছবিখনৰ নিৰ্দেশক ছৌডেড কাডন’য়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যেতিয়া তেওঁলোকৰ ওচৰ চুবুৰীয়াক বোমাৰে উৰুৱাই দিয়া হৈছিল সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ অভিজ্ঞতা হৈছিল।

14. দি ষ্ট’ৰীটেলাৰ(২০২২)

অনন্ত মহাদেৱনৰ ‘দি ষ্ট’ৰীটেলাৰ’ হৈছে কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিত ৰয়ৰ চৰিত্ৰ ‘তাৰিনী খুড়া’ৰ অৱলম্বনত ৰচনা কৰা কাহিনীৰ বৰ্ণনা। চাকৰি পৰা অৱসৰ গ্ৰহণৰ পিচত এক অভব্য পৰিস্থিতি পৰি কেনেকৈ এক ‘ষ্ট’ৰীটেলাৰ’ হ’ল তাৰিনী খুড়া তাৰেই বাখ্যা দাঙি ধৰা হৈছে ছবিখনত। ‘বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোতসৱ’ৰ ‘কিম জি-ছেওক বঁটা ২০২২’ৰ বাবে মনোনীত হৈছিল ছবিখন।

15.কুৰাংগু পেডেল(২০২২)

ৰছী আলগাপ্পানৰ চুটিগল্প ‘চাইকেল’ৰ আধাৰত পৰিচালক কমলাকান্ননৰ ‘কুৰাংগু পেডেল’ হৈছে দেউতাকে শিকাব নোৱাৰা স্বত্বেও এটি স্কুলীয়া ছাত্ৰই চাইকেল চলাবলৈ কৰা হাবিয়াসৰ কাহিনী। গাঁৱৰ পটভূমিৰ কাহিনী ভাগ পাঁচোটা শিশুৰ অভিনয়ৰে আগবাঢ়িছে। ছবিখনৰ পৰিচালক গৰাকীয়ে ২০২১ চনত নিৰ্মাণ কৰা ‘মধুবনোকাড়াই’-ৰে প্ৰসিদ্ধি লাভ কৰিছিল। 

***

 



(Release ID: 1874523) Visitor Counter : 165