তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আইজলত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি) উত্তৰ-পূব আঞ্চলিক চৌহদ উদ্বোধন কৰে

Posted On: 04 NOV 2022 1:39PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে আজি মিজোৰাম ভ্ৰমণৰ সময়ত আইজলত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰউত্তৰ-পূব আঞ্চলিকচৌহদ উদ্বোধন কৰে। এই চৌহদত ইংৰাজী সাংবাদিকতা আৰু ডিজিটেল মিডিয়াৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ উপৰিও হ্ৰস্বকালীন মিডিয়া আৰু গণসংযোগ পাঠ্যক্ৰম চলিব।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন (আই আই এম চি) দেশৰ আগশাৰীৰসাংবাদিকতা প্ৰতিষ্ঠান। নতুন দিল্লীৰ মূল কেম্পাছ থকা আই আই এম চিৰ পাঁচটা আঞ্চলিক কেম্পাছ ওড়িশাৰ ধেনকানাল, মিজোৰামৰ আইজল, জন্মু আৰু কাশ্মীৰৰ জম্মু, কেৰালাৰ কোট্টায়ম আৰু মহাৰাষ্ট্ৰৰ আমৰাৱতীত আছে। বিভিন্ন অঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে সংবাদ মাধ্যমৰ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে আঞ্চলিক কেম্পাছসমূহ স্থাপন কৰা হৈছে। এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন, আইজলৰ স্থায়ী চৌহদ উদ্বোধন কৰি মই আনন্দিত হৈছো যিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যম আৰু গণসংযোগ অধ্যয়নৰ বাবে এক উত্থান ঘটাব। আই আই এম চি হৈছে এক সন্মানীয় প্ৰতিষ্ঠান যিয়ে এক গতিশীল শিক্ষণ আৰু কৰ্ম পৰিৱেশ প্ৰদান কৰে যিয়ে নতুন ধাৰণা, সৃষ্টিশীলতা, গৱেষণাক উদগণি যোগায় আৰু সংবাদ মাধ্যম আৰু গণসংযোগৰ ক্ষেত্ৰত নেতা আৰু উদ্ভাৱকক বিকশিত কৰে।”

মিজোৰাম বিশ্ববিদ্যালয়ে উপলব্ধ কৰা অস্থায়ী ভৱনৰ পৰা ২০১১ চনৰ পৰাই আই আই এম চি নৰ্থ ইষ্ট কেম্পাছৰ কাম আৰম্ভ হৈছিল। ২০১৫ চনৰ পৰা আৰম্ভ হোৱা কেম্পাছটোৰ নিৰ্মাণৰ কাম ২০১৯ চনত সম্পূৰ্ণ হৈছিল।মুঠ খৰচ ২৫ কোটি টকা। মিজোৰাম বিশ্ববিদ্যালয়ে দিয়া ৮ একৰ মাটিত থকা আই আই এম চিৰ স্থায়ী চৌহদত হোষ্টেল আৰু ষ্টাফ কোৱাৰ্টাৰৰ লগতে সুকীয়া প্ৰশাসনিক আৰু একাডেমিক ভৱন আছে।

আৰম্ভণিৰে পৰাই কেম্পাছটোৱে ইংৰাজী সাংবাদিকতাৰ পি জি ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে যাৰ বাবে বেছিভাগ ছাত্ৰই ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা আৰু কিছুমান নৰ্থ ইষ্ট ষ্টেটৰ পৰা আহে। এই বছৰ আই আই এম চিৰ সকলো কেম্পাছতে দ্বিতীয়বাৰৰ বাবে ইংৰাজী সাংবাদিকতাত শীৰ্ষস্থান দখল কৰি প্ৰতিষ্ঠানটোৱে গৌৰৱ অনুভৱ কৰিছে।

কেম্পাছটোৱে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলক কেম্পাছ প্লেচমেণ্ট আৰু নিজৰ প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ দেশৰ সুনামধন্য সংবাদ মাধ্যমৰ সংস্থাসমূহত কৰ্মসংস্থাপন নিশ্চিত কৰিবলৈও সক্ষম কৰে। বছৰৰ পিছত বছৰ ধৰি ছাত্ৰ-ছাত্ৰীসকলে দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ’, পিটিআই আৰু অন্যান্য আগশাৰীৰ ব্যক্তিগত সংবাদ মাধ্যমৰ দৰে সুপৰিচিত সংবাদ মাধ্যমৰ সংস্থাসমূহত নিজৰ নিজা স্থান প্ৰতিষ্ঠা কৰি আহিছে।

দেশ আৰু অন্যান্য উন্নয়নশীল দেশৰ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ১৯৬৫ চনত নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি) উদ্বোধন কৰা হৈছিল। তেতিয়াৰ পৰাই ই ভাৰতীয় তথ্য সেৱাৰ বাবেও প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে কাম কৰি আহিছে।

***

Saurabh Singh/MS



(Release ID: 1874188) Visitor Counter : 75