গৃহ মন্ত্ৰালয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদ্বীপ ধনখৰ, কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই নতুন দিল্লীত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে লৌহ পুৰুষ চৰ্দাৰ পেটেলক পুষ্পাঞ্জলি জ্ঞাপন কৰে


দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত গৃহমন্ত্ৰীয়ে ৰান ফৰ ইউনিটীৰ ফ্লেগ অফ কৰে, শ্ৰী অমিত শ্বাহে উপস্থিতসকলক ৰাষ্ট্ৰীয় ঐক্যৰ শপত বাক্য পাঠ কৰোৱায়

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কালি গুজৰাটৰ মৰবিত দলং দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে

আজি আমি চৰ্দাৰ পেটেলজীৰ জন্মজয়ন্তীত ৰাষ্ট্ৰীয় ঐক্যৰ গুৰুত্ব আগবঢ়াই নিছো যিয়ে স্বাধীনতাৰ পিছত আধুনিক ভাৰত গঢ়াৰ ভেঁটি স্থাপন কৰিছিল আৰু এই দৃষ্টিভংগী বাস্তৱায়িত কৰাত তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল

চৰ্দাৰ চাহাবে তেওঁৰ দক্ষ ৰাজনৈতিক সামৰ্থ্যৰে ৫০০ত কৈও অধিক ৰাজশাসনৰ ৰাজ্যক সংযোগ কৰি এক ভাৰতৰ সপোন পূৰণ কৰিছিল। যদি পেটেল চাহেব নাথাকিলহেঁতেন, তেন্তে আজিৰ বিশাল, সংকল্পবদ্ধ আৰু শক্তিশালী ভাৰত নাথাকিলহেঁতেন

আনকি সেই সময়তো দেশবিৰোধী শক্তিয়ে দেশক বিভাজন কৰিবলৈ কোনো ধৰণৰ ক্ৰুটি ৰখা নাছিল, কিন্তু চৰ্দাৰ চাহাবৰ প্ৰচেষ্টাৰ ফলতেই আজিৰ ভাৰতৰ এই মানচিত্ৰ আমি দেখিবলৈ পাইছো

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখন দাসত্বৰ সকলো লক্ষণৰ পৰা মুক্ত হৈ এক সমৃদ্ধ, শক্তিশালী আৰু সুৰক্ষিত ভাৰত হোৱাৰ দিশত আগবাঢ়িছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্

Posted On: 31 OCT 2022 2:06PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদ্বীপ ধনখৰ, কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই নতুন দিল্লীত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে লৌহপুৰুষ চৰ্দাৰ পেটেলক পুষ্পাঞ্জলি জ্ঞাপন কৰে।

গৃহমন্ত্ৰীয়ে দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত ৰান ফৰ ইউনিটীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশিথ প্ৰামাণিক উপস্থিত আছিল। শ্ৰী অমিত শ্বাহে সমবেত লোকসকলক ৰাষ্ট্ৰীয় ঐক্যৰ শপত বাক্য পাঠ কৰোৱায়।

শ্ৰী অমিত শ্বাহে কালি গুজৰাটৰ মৰবিত সংঘটিত দলং দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজিৰ কাৰ্যসূচীটোৰ এক বিশেষ গুৰুত্ব আছে কিয়নো এতিয়া আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছো। তেওঁ কয়, "আজি স্বাধীনতাৰ পিছত আধুনিক ভাৰত গঢ়াৰ ভেঁটি স্থাপন কৰা আৰু এই দৃষ্টিভংগী বাস্তৱায়িত কৰাত সমগ্ৰ জীৱন উৎসৰ্গা কৰা এজন ব্যক্তিৰ জন্মজয়ন্তী।" শ্ৰী শ্বাহে কয় যে আমি চৰ্দাৰ বল্লভভাই পেটেলৰ নাম লোৱাৰ লগে লগে আজি যিখন ভাৰতৰ মানচিত্ৰ আমাৰ সন্মুখলৈ আহে আৰু যদি চৰ্দাৰ চাহাব নাথাকিলহেঁতেন, তেন্তে আজি বিশ্বৰ সন্মুখত থকা বৃহৎ, দৃঢ়, শক্তিশালী ভাৰতৰ অস্তিত্ব নাথাকিলহেঁতেন।

শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছত দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল এয়াই যে ৫০০ত কৈও অধিক ৰাজশাসনৰ ৰাজ্য আৰু ৰজা ক একত্ৰিত কৰা আৰু এই নিৰ্মাণত দেশৰ প্ৰথমজন গৃহমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ চাহেবে যথেষ্ট অৰিহণা যোগাইছিল। "এয়াই আছিল চৰ্দাৰ চাহাব যাৰ দক্ষ আৰু অসাধাৰণ ৰাজনৈতিক সামৰ্থ্যই সমগ্ৰ দেশক একত্ৰিত কৰিছিল। শ্ৰী শ্বাহে কয় যে সেই সময়তো দেশবিৰোধী শক্তিয়ে দেশক বিভক্ত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰখা নাছিল, তথাপিও চৰ্দাৰ চাহাবৰ প্ৰচেষ্টা আজি আমাৰ সন্মুখত বিদ্যমান হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বছৰত ১৩০ কোটি ভাৰতীয়ৰ সন্মুখত ২০৪৭ বৰ্ষত ভাৰতৰ স্থিতি কি হ'ব সেয়া ঐক্যবদ্ধভাৱে সমাধান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে দেশৰ ১৩০ কোটি লোক আৰু ৰাজ্যৰ সংকল্পই নিশ্চিতভাৱে ২০৪৭ চনত চৰ্দাৰ চাহাবৰ কল্পনাৰ ভাৰত গঢ়ি তোলাত সফল কৰি তুলিব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৮ বছৰত দেশখনে বহুতো গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে আৰু দাসত্বৰ সকলো লক্ষণৰ পৰা মুক্তি লাভ কৰি এক স্বাভিমানী, সমৃদ্ধ, শক্তিশালী আৰু সুৰক্ষিত ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়িছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশক একত্ৰিত কৰাৰ বাবে লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ দৃষ্টিভংগী উপলব্ধি কৰি আজি ভাৰতে বিশ্বৰ মানচিত্ৰত গৌৰৱময় স্থানত থিয় দিছে। তেওঁ কয় যে বহু বছৰ ধৰি চৰ্দাৰ পেটেলক পাহৰি যোৱাৰ প্ৰচেষ্টা কৰা স্বত্বেও তেওঁ নিজৰ গুণাগুণৰ বাবে সদায় অমৰ হৈ থাকিল আৰু আজি চৰ্দাৰ পেটেল দেশৰ সমূহ যুৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে। তেওঁ কয় যে চৰ্দাৰ বল্লভভাইৰ পথ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি ল'বলৈ আজি সমগ্ৰ দেশতে একতাৰ বাবে এক দৌৰৰ আয়োজন কৰা হৈছে।

 

লৌহপুৰুষ চৰ্দাৰ পেটেলৰ মহান কৰ্মৰাজিৰ কথা স্মৰণ কৰি শ্ৰী অমিত শ্বাহে দেশবাসীক চৰ্দাৰ পেটেলে দেখুওৱা পথ অনুসৰণ কৰিবলৈ আৰু ২০৪৭ চনৰ ভিতৰত নিজৰ সংকল্প প্ৰমাণ কৰি দেখুৱাবলৈ আহ্বান জনায়।

***

NW/RK/AY/SM/AK/RR//AS/MANN



(Release ID: 1872564) Visitor Counter : 183