প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমীৰ মহামহিম আমীৰ তামিম বিন হামাদ আল থানিৰে কথা পাতে
পোষ্ট কৰা হৈছে:
29 OCT 2022 6:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰ ৰাজ্যৰ আমীৰ মহামহিম আমীৰ তামিম বিন হামাদ আল থানিৰে কথা পাতে আৰু তেওঁক দেৱালীৰ অভিনন্দন জনোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কাটাৰত এখন সফল বিশ্ব কাপৰ বাবে নিজৰ শুভকামনাও জ্ঞাপন কৰে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"কাটাৰৰ মহামহিম আমীৰ @TamimBinHamad -ৰ সৈতে কথা পাতি আনন্দিত হ'লো। দেৱালীৰ অভিনন্দনৰ বাবে তেওঁক ধন্যবাদ জানাওঁ আৰু কাটাৰত এখন সফল @FIFAWorldCup -ৰ বাবে শুভকামনা জ্ঞাপন কৰোঁ। আমি ২০২৩ত ভাৰত-কাটাৰ ৰাজনৈতিক সম্পৰ্কৰ ৫০ বছৰৰ যুটীয়াভাৱে উৎসৱ পালন কৰিবলৈ সহমতত উপনীত হৈছো।"
***
DS/SH
(ৰিলিজ আই ডি : 1871984)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam