প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটত পিএমজেএৱাই-এমএ যোজনা আয়ুষ্মান কাৰ্ড বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 17 OCT 2022 10:15PM by PIB Guwahati

নমস্কাৰ !

ধনতেৰাছ আৰু দেৱালীৰ উৎসৱ আহি আছে। কিন্তু ইয়াৰ আগতে গুজৰাটত স্বাস্থ্যৰ এক বিশাল উৎসৱ উদযাপন কৰা হৈছে। আমি ধনতেৰাছত ভগৱান ধন্বন্তৰীক উপাসনা কৰোঁ। ভগৱান ধন্বন্তৰীক আয়ুৰ্বেদৰ পিতৃ বুলি কোৱা হয় আৰু বিশ্বাস কৰা হয় যে দেৱতাসকলৰ চিকিৎসা ভগৱান ধন্বন্তৰীয়ে কৰিছিল। সেয়েহে এইটো ক'ব পাৰি যে তেওঁ স্বাস্থ্যৰ দেৱতা। আৰু এজন ব্যক্তিৰ স্বাস্থ্য তেওঁৰ সম্পদ আৰু ভাগ্যতকৈ ডাঙৰ। শাস্ত্ৰতো এইটো কোৱা হৈছে- आरोग्यम् परमं भाग्यम्।

আৰু মই অত্যন্ত আনন্দিত কিয়নো আজি ভূপেন্দ্ৰভাইৰ নেতৃত্বত কৰা কামৰ বিষয়ে দেৱালী উৎসৱৰ সময়ত চিন্তা কৰা নহ'লহেঁতেন। সকলোৱে সাধাৰণতে উৎসৱৰ মেজাজত থাকে। কিন্তু আজি, ইয়াত এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত, আজি নিশাৰ ভিতৰতে প্ৰায় ১.৫-২ লাখ লোকক কাৰ্ড প্ৰদান কৰাৰ বাবে এক অভিযান আৰম্ভ হ'ব। মই মোৰ সকলো পুৰণি সহকৰ্মী, চৰকাৰৰ বন্ধুবৰ্গৰ লগতে চৰকাৰী বিষয়াসকলক দেৱালীৰ সময়ত এনে ধৰণৰ কাম হাতত লোৱাৰ বাবে অভিনন্দন জনাইছো। মই নিশ্চিত যে আপোনালোকৰ এই কঠোৰ পৰিশ্ৰমে আমালৈ বৃহৎ সফলতা লৈ আনিব! আমাৰ এটা প্ৰবাদ আছে - 'সৰ্বে সন্তু নিৰাময়' যাৰ অৰ্থ হৈছে যে সকলোৱে ৰোগৰ পৰা মুক্ত হ'ব লাগে। আয়ুষ্মান ভাৰতে প্ৰতিজন ব্যক্তি, প্ৰতিটো পৰিয়াল আৰু সমাজৰ সুৰক্ষা আৱৰণ হৈ আমাৰ পূৰ্বপুৰুষসকলৰ এই ধাৰণাটোৰ সৈতে আগবাঢ়ি আহিছে। আপোনালোকৰ ৫০ লাখ হিতাধিকাৰী, অৰ্থাৎ এই অভিযানৰ দ্বাৰা গুজৰাটৰ আধা জনসংখ্যাৰ ওচৰলৈ কাষ চাপি যোৱাৰ উদ্দেশ্য সঁচাকৈয়ে প্ৰশংসনীয়! কাৰ্ড নোপোৱা প্ৰতিখন জিলা, তালুকা বা গ্ৰাম পঞ্চায়তৰ লোকসকলক বিচাৰি উলিওৱা আৰু চিনাক্ত কৰাৰ আপোনালোকৰ প্ৰচেষ্টাক মই সঁচাকৈয়ে প্ৰশংসা কৰোঁ। এই কামৰ বাবে আপোনালোকে বৃদ্ধ লোকসকলৰ আশীৰ্বাদ পাব। আমি সমগ্ৰ বিশ্বৰ প্ৰগতিশীল দেশ বা উন্নত দেশসমূহৰ বীমা আঁচনিৰ বিষয়ে ভালদৰে অৱগত। কিন্তু আমি কেৱল স্বাস্থ্য বীমাই নহয় স্বাস্থ্য ৰক্ষকসকলৰ সৈতে সেই দেশবোৰতকৈ এখোজ আগবাঢ়ি আছোঁ! আৰু এই সপোন পূৰণ কৰিবলৈ আমি আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিছো।

ৰাজনৈতিকভাৱে স্থিৰ চৰকাৰ থাকিলে আমি কেনেকৈ আশ্চৰ্যজনক ফলাফল আনিব পাৰোঁ আৰু ইয়াৰ কৰ্ম সংস্কৃতি সম্পূৰ্ণৰূপে সংবেদনশীল আৰু সমাজৰ প্ৰতি সমৰ্পিত হোৱাৰ এক উদাহৰণ হ’ল আজিৰ এই অনুষ্ঠানটো। আৰু আজি দেশ আৰু গুজৰাটত এইটোৱেই প্ৰত্যক্ষ কৰা হৈছে। আগতে, চৰকাৰ আৰু আনসকলো বোৰ আছিল। অৱশ্যে আঁচনিৰ ৰূপায়ণ কেৱল ডাঙৰ প্ৰেক্ষাগৃহৰ ভিতৰত চাকি জ্বলোৱা বা ফিটা কাটিবলৈ, বা ভাল ভাষণ দিয়াৰ সমাৰ্থক হিচাপে বিবেচিত হৈছিল! আৰু বিষয়টো তাতেই শেষ কৰা হৈছিল। কেৱল মুষ্টিমেয় কেইজনমান সচেতন বা অৱগত মানুহে আঁচনিবোৰৰ সুবিধা লৈছিল। আমি এই পূৰ্বৱৰ্তী ধাৰণাটো সলনি কৰিছো। যদি টকা খৰচ কৰা হৈছে, ই মানুহৰ বাবেও লাভজনক হ'ব লাগে। কাৰ্যকৰীকৰণৰ অৰ্থ কেৱল এটা উদ্ধোধন অনুষ্ঠান অনুষ্ঠিত কৰা, চাকি জ্বলোৱা বা ৰিবন কাটি দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে চৰকাৰে প্ৰতিটো পৰিয়াললৈ যাব লাগে, দৰিদ্রলোকক বিচাৰি উলিয়াব লাগে, তেওঁলোকৰ ওচৰলৈ যাব লাগে আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগে। সেয়েহে, আমি ইমান ডাঙৰ পদক্ষেপ লৈছো আৰু ইয়াৰ সৈতে আগবাঢ়ি আছো।

আজি, যেতিয়া আঁচনি এখন প্ৰস্তুত কৰা হয়, চৰকাৰে প্ৰথমে সাধাৰণ নাগৰিকৰ সকলো প্ৰয়োজনীয়তা আৰু দীৰ্ঘম্যাদী সময়ত সলনি কৰিব লগা বস্তুবোৰ নিৰ্ধাৰণ কৰে। ই দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ বাধাবোৰ বিবেচনা কৰে, আৰু তাৰ পিছত চৰকাৰে এই বাধাবোৰ আঁতৰ কৰাৰ সমাধান বিচাৰি উলিয়ায়। ফলস্বৰূপে, চৰকাৰে এক উন্নত নীতি লৈ আহে। যেতিয়া এই অনুশীলনৰ পিছত আঁচনি এখন প্ৰস্তুত কৰা হয়, ই সকলোৰে অন্তৰ্ভুক্তি নিশ্চিত কৰে। পিছত, কিছুমান সংযোজন কৰা হয়। উদাহৰণ স্বৰূপে, ভূপেন্দ্ৰভাইৰ চৰকাৰে ইয়াৰ পৰিসৰ বৃদ্ধি কৰিছে আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে। সেয়েহে, মধ্যবিত্ত শ্ৰেণীৰ বহুলোকেও আঁচনিখনৰ লাভালাভ লাভ কৰিব পাৰে আৰু চৰকাৰে এই সকলো আঁচনিৰ লাভালাভ প্ৰতিজন হিতাধিকাৰীৰ দুৱাৰমুখলৈ লৈ গৈ আছে। গতিকে, আমি সেই দিশত কাম কৰি আছো।

বন্ধুসকল,

যেতিয়া দেশৰ নাগৰিকক ক্ষমতা প্ৰদান কৰা হয়, তেতিয়া তেওঁ শক্তিশালী হৈ পৰে! আৰু যেতিয়া আপুনি শক্তিশালী হয়, একোৱেই আপোনাক বাধা দিব নোৱাৰে! সেয়েহে আমি ভাৰতৰ সকলো নাগৰিকক, বিশেষকৈ মহিলাসকলক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছো। আগতে দৰিদ্ৰ মহিলাসকলে পাকঘৰত কাঠৰ ধোঁৱা সহ্য কৰিব লগা হৈছিল যাৰ ফলত ৰোগ হৈছিল। আজি, দৰিদ্ৰ লোকসকলৰ সৈতে বিনামূলীয়া গেছ সংযোগৰ বাবে, আমি তেওঁলোকক সেই অগ্নিপৰীক্ষাৰ পৰা ৰক্ষা কৰিব পাৰিম। আজি আমি দৰিদ্ৰ লোকসকলক তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ আৰু তেওঁলোকক প্ৰতিটো ডাঙৰ বা সৰু বিষয়ৰ পৰা মুক্ত কৰিবলৈ পকী ঘৰ দি আছো। খোৱা পানী যোগান ধৰা টেপৰ পানীৰ লগতে নিৰ্মাণ কৰা শৌচালয়বোৰে ঘৰত ৰোগ প্ৰৱেশ কৰাত বাধা দিয়ে। আমি এই সকলোবোৰ মৌলিক কামৰ প্ৰতি মনোযোগ দি আছো। আনকি যেতিয়া মহামাৰীটোৱে সমগ্ৰ পৃথিৱীত আঘাত কৰিছিল, আমি কোনো দৰিদ্ৰ পৰিয়ালক অনাহাৰে থাকিবলৈ দিয়া নাছিলোঁ। আমি নিশ্চিত কৰিছো যে প্ৰায় ৮০ কোটি লোকে ২-২.৫ বছৰৰ বাবে বিনামূলীয়া খাদ্য লাভ কৰি থাকিব।

তদুপৰি, যদি শিশু স্বাস্থ্যৱান নহয়, তেন্তে দেশ স্বাস্থ্যৱান নহ'ব। আমি পুষ্টিহীনতাৰ পৰা ওলাই আহিব লাগিব। আৰু এতিয়া গুজৰাটে এটা বৃহৎ অভিযান আৰম্ভ কৰিছে। চি.আৰ. পাটিলজীয়ে এটা মুখ্য উদ্দেশ্যৰে কামটো আৰম্ভ কৰিছে যাতে সকলোৱে অপুষ্টিৰ পৰা ওলাই আহে। আয়ুষ্মান ভাৰত যোজনা আৰু পিএমজেএৱাইৰ দৰে আঁচনিসমূহ তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে অতি ভাল উদাহৰণ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ মানুহে এই আঁচনিবোৰৰ বিষয়ে আলোচনা কৰি আছে। আৰু মই কোৱাৰ দৰে, আমি দেৱালীৰ সময়ত ৫০ লাখ আয়ুষ্মান কাৰ্ড দিয়াৰ এই বিশাল কামটো হাতত লৈছো। এটা সময় আছিল, যদি ঘৰত কোনোবা অসুস্থ আছিল, বিশেষকৈ আমাৰ মাতৃ আৰু ভগ্নীসকল, তেওঁলোকে মংগলসূত্ৰ বন্ধক ৰাখি চিকিৎসাৰ বাবে ৫০০০-১০,০০০ টকা আনিছিল। আমি এনেকুৱা দিন দেখিছোঁ। আজি সেই সকলো বাধ্যবাধকতা নাইকিয়া হৈছে।

আজি আয়ুষ্মান কাৰ্ডবোৰ আপোনালোকৰ বাবে সোণৰ দৰে। এইখন এনে এক সোণালী কাৰ্ড যিটো আপোনাক মাজনিশাও প্ৰয়োজন হ'ব পাৰে। আনকি মাজনিশাও, যদি আপুনি কাৰ্ডখন লৈ চিকিৎসালয়ত উপস্থিত হয়, চিকিৎসা তৎক্ষণাৎ আৰম্ভ হ'ব। ই সোণৰ দৰে কাম কৰে। নহয় নে? আৰু সেইকাৰণে মই ইয়াক ৫ লাখ টকাৰ এটিএম বুলি কওঁ। যেনেদৰে আমি প্ৰয়োজন হ'লে এটিএমৰ পৰা টকা উলিয়াওঁ, ই আপোনালোকক একেধৰণে সহায় কৰিব। আমি বিচাৰো যে সমাজৰ অধিকসংখ্যক লোকে এই আঁচনিৰ সুবিধা লাভ কৰক। আমি সকলোৱে দীঘলীয়াকৈ জীয়াই থকাটো বিচাৰো। ধৰি লওঁক পৰিয়ালৰ এজন ৩০ বছৰীয়া যুৱকে আয়ুষ্মান কাৰ্ডখন পায় আৰু ধৰি লওঁক তেওঁ ৭০ বছৰ জীয়াই আছে। ইয়াৰ অৰ্থ হৈছে যে যদি তেওঁ প্ৰতি বছৰে আঁচনিখন লাভ কৰে আৰু সমগ্ৰ ৫ লাখ টকা ব্যৱহাৰ কৰে, তেন্তে তেওঁৰ পৰিয়ালে তেওঁৰ জীৱনকাললৈকে চৰকাৰৰ পৰা প্ৰায় ১.৫ কোটি - ২ কোটি টকা লাভ কৰিব। তেওঁ জীয়াই থকালৈকে চৰকাৰৰ পৰা বছৰি ৫ লাখ টকা তেওঁৰ বাবে উপলব্ধ। আজি, যদি এজন সাধাৰণ মানুহে অস্ত্ৰোপচাৰ কৰিব লগা হয় বা বিভিন্ন ৰোগত আক্ৰান্ত হয়, তেন্তে তেওঁ চাকৰি হেৰুৱাব। কিন্তু আজি তেওঁ এই আঁচনিৰ দ্বাৰা সুস্থ হ'ব পাৰে। অলপ আগতে, মই পীয়ুষ ভাইক লগ পাইছিলো। তেওঁ ইমান দুৰ্বল আছিল। কল্পনা কৰক! যদি এই আয়ুষ্মান কাৰ্ডখন উপলব্ধ নহ'লহেঁতেন, পীয়ুষ ভাইয়ে তেওঁৰ জীৱনত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন। গতিকে সকলো আঁচনিৰ লাভালাভে প্ৰকৃততে সমাজক শক্তি প্ৰদান কৰে। গতিকে আয়ুষ্মান আপোনালোকৰ পৰিয়ালৰ বাবে সঁচাকৈয়ে আটাইতকৈ ডাঙৰ ত্ৰাণকৰ্তা!

ভাতৃ আৰু ভগ্নীসকল,

এতিয়ালৈকে দেশৰ ৪ কোটি লোকে আঁচনিসমূহৰ সুবিধা লৈছে। গুজৰাটত, প্ৰায় ৫০ লাখ লোকে ইয়াৰ সুবিধা লৈছে। আৰু সকলো চিকিৎসাৰ বাবে, সেই হিতাধিকাৰীসকলে আজি এক সুখী জীৱন যাপন কৰি আছে! তেওঁলোকৰ বহুত টকা সঞ্চয় হৈছে। যদি আপুনি গৈ তেওঁলোকৰ প্ৰত্যেককে সোধে, কিছুমানে ক'ব যে তেওঁলোকে ৫ লাখ টকা ৰাহি কৰিছে, কিছুমানে ক'ব ৮ লাখ টকা! তেওঁলোকৰ পকেটৰ পৰা এটা পইচাও খৰচ কৰা হোৱা নাই। এই লোকসকলে এতিয়া তেওঁলোকৰ সন্তানক সুস্থ উপায়েৰে ডাঙৰ-দীঘল কৰি আছে। মই আনন্দিত যে আজি অধিক সংখ্যক লোকে আয়ুষ্মান ভাৰতৰ লাভালাভ গ্ৰহণ কৰিছে। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে কোনেও অসুস্থ নহয় আৰু আনকি কোনোবা অসুস্থ হ'লেও, তেওঁক ইয়াৰ সৈতে জীয়াই থাকিবলৈ বাধ্য কৰিব নালাগে আৰু তাৰ পৰিৱৰ্তে ৰোগটোৰ চিকিৎসা কৰা উচিত। আৰু মই ক'ম যে মাতৃ আৰু ভগ্নীসকলক ইয়াৰ দ্বাৰা শক্তিশালী কৰা হৈছে। আপোনালোকে ভালদৰে জানে যে ঘৰৰ মহিলাসকলে নিজকে অৱহেলা কৰে। যদি এগৰাকী মাতৃয়ে ৰোগত ভুগি আছে, তেওঁ তেওঁৰ পৰিয়ালক এই বিষয়ে নজনায়। তেওঁ ৰোগ স্বত্বেও কাম কৰি থাকে কিয়নো তেওঁৰ মনত মাত্ৰ এটাই চিন্তা - যদি পৰিয়ালটোৱে ৰোগটোৰ বিষয়ে জানিব পাৰে, তেওঁলোকে তেওঁৰ ঔষধৰ ওপৰত ব্যয় কৰিব। আৰু ই তেওঁলোকৰ ঋণ বৃদ্ধি কৰিব। সেয়েহে তেওঁ ইয়াক লুকুৱাই ৰাখে আৰু সকলো সহ্য কৰে। এতিয়া আপুনি মোক কওঁক এই মাতৃসকলে এইটো কিমান দিন সহ্য কৰিব? আৰু এই পুত্ৰৰ বাহিৰে আন কোনে সেই মাতৃসকলক এই সমস্যাৰ পৰা বাহিৰ কৰিব? সেইকাৰণে আমি এতিয়া এই আঁচনিখন লৈ আহিছোঁ যাতে মাতৃসকলে তেওঁলোকৰ ৰোগ আৰু লুকুৱাব নালাগে বা শিশুৰ বাবে ঔষধ পৰিহাৰ কৰিব নালাগে। আৰু চৰকাৰে টকা দিব আৰু আপোনালোকৰ ৰোগৰ যত্ন ল'ব।

মই বিশেষকৈ আমাৰ মাতৃ আৰু ভগ্নীসকলক আয়ুষ্মান কাৰ্ড ল'বলৈ অনুৰোধ কৰিম। আৰু যদি আপোনালোক অসুস্থ হয়, আপোনালোকে নিজে চিকিৎসালয়ত ভৰ্তি হ’ব লাগিব। যদি আপোনালোকে চিকিৎসালয়ত কেইদিনমান কটাব লগা হয়, হয়তো ঘৰলৈ উভতি অহা শিশুসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু পিছত আপোনালোক মানসিক শান্তি থাকিব। আনকি ঘৰৰ শিশুৱে অস্থায়ীভাৱে কিছু কষ্টৰ সন্মুখীন হ'লেও, আপোনালোকে কমেও এবাৰ নিজৰ পৰীক্ষা কৰাব লাগিব। মোৰ মনত আছে, যেতিয়া মই গুজৰাটত আছিলো, মই 'চিৰঞ্জীৱী যোজনা' প্ৰৱৰ্তন কৰিছিলো। আগতে, প্ৰসৱৰ সময়ত হয় মাতৃ বা সন্তান বা তেওঁলোক দুয়োজনৰ মৃত্যু হৈছিল। মই তেওঁলোকক বচাবলৈ চিৰঞ্জীৱী যোজনা উন্মোচন কৰিছিলো আৰু চিকিৎসালয়সমূহে তেওঁলোকৰ যত্ন ল'বলৈ আৰম্ভ কৰিছিল। এতিয়া বহু সংখ্যক গৰ্ভৱতী মাতৃক গুজৰাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যিসকলে আগতে ঘৰত প্ৰসৱ কৰাটো পছন্দ কৰিছিল।

কেৱল সেয়াই নহয়, নৱজাতক শিশুৰ যত্ন ল'বলৈ আমি 'বলভোগ যোজনা', 'খিলখিলাহাট যোজনা' আৰু 'বলমিত্ৰা যোজনা'ৰ দৰে আঁচনি প্ৰৱৰ্তন কৰিছো। এই আঁচনিবোৰৰ বাবে, তেওঁলোকৰ জীৱনত এক অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছিল। সেই সময়ছোৱাত মই মুখ্যমন্ত্ৰী অমৃতম যোজনা-এমএএ যোজনা আৰু এতিয়া পিএমজেএৱাই-এমএ আঁচনি আৰম্ভ কৰিছিলো। গোটেই আঁচনিখন এখন নতুন আঁচনি হৈ পৰিছে। পিএমজেএৱাই যোজনা আৰু মা যোজনাক পিএমজেএৱাই-এমএ কৰাৰ বাবে একত্ৰিত কৰা হৈছে। গুজৰাট চৰকাৰে পিএমজেএৱাই-এমএ আঁচনিখন আৰু সম্প্ৰসাৰিত কৰিছে। মই বিশ্বাস কৰোঁ যে আপোনালোকে ইতিমধ্যে এই আঁচনিবোৰৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আঁচনিখনৰ সুবিধাবোৰ অধিক সম্প্ৰসাৰিত কৰাৰ সৈতে, ই আপোনালোকক কষ্টৰ সময়ত অধিক সহায় কৰিব। গুজৰাটীসকল আজিকালি কেৱল গুজৰাটতে সীমাবদ্ধ নহয়। তেওঁলোকে আন ৰাজ্যও ভ্ৰমণ কৰে। এতিয়া যদি আপোনালোক অন্য ৰাজ্যত আছে, তেন্তে কি হ'ব? মই কোৱাৰ দৰে, এইখন এনে সোণালী কাৰ্ড যে যদি আপোনালোক মুম্বাই, বা কলকাতালৈ যায়, আৰু যদি অসুস্থ হৈ পৰে তেন্তে আপোনালোকে তাত নিজৰ চিকিৎসা নিজেই সম্পন্ন কৰিব পাৰে। আমি ইয়াৰ বিষয়ে চিন্তা কৰিছো যাতে মানুহে সকলো ঠাইতে চিকিৎসা লাভ কৰে। পৰিয়ালৰ সদস্যসকল য'তেই থাকিব পাৰে, গোটেই পৰিয়ালে ইয়াৰ সুবিধা ল'ব পাৰে। কেৱল সেয়াই নহয়, যিসকলে বাহিৰৰ পৰা এই ৰাজ্যলৈ আহিছে তেওঁলোকেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ, ভাৰতৰ এজন নাগৰিকে ভাৰতৰ যিকোনো কোণত এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। আমি নিশ্চিত কৰিছো যে যেতিয়া এই সোণালী কাৰ্ডখন থাকে তেতিয়া মানুহে কষ্টৰ সন্মুখীন হ'ব নালাগে।

মই সুখী যে মই আপোনালোকক সাক্ষাৎ কৰাৰ সুযোগ পাইছো। আপোনালোকে স্বাস্থ্যৰ ব্যয়ৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। সকলোলৈ শুভেচ্ছা থাকিল! অশেষ ধন্যবাদ!

***

DS/IG/AK/MANN



(Release ID: 1871485) Visitor Counter : 98