প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ

Posted On: 26 OCT 2022 8:02PM by PIB Guwahati

‘মথেন বন্দামি’!

পৃথিৱীত সিঁচৰতি হৈ থকা জৈন মতালম্বীসকলৰ লগতে ভাৰতৰ সন্ত পৰম্পৰাৰ বাহক সকলো আস্থাবানক মই এই সুযোগতে প্ৰণিপাত জনাইছোঁ। এই কাৰ্যক্ৰমত বহুজন সন্ত উপস্থিত আছে। আপোনালোক আটাইৰে দৰ্শন, আশীৰ্বাদ আৰু সান্নিধ্য লাভৰ সৌভাগ্য মই বহুবাৰ লাভ কৰিছোঁ। গুজৰাটত থাকোতে বডোদৰা আৰু চোটা উদয়পুৰৰ কঁৱণ্টা গাঁৱতো মই সন্তবাণী শুনাৰ সুযোগ পাইছিলোঁ। যেতিয়া আচাৰ্য পূজ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জীৰ ‘সাৰ্দ্ধশতী’ অৰ্থাত্ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ শুভাৰম্ভ হৈছিল, তেতিয়া মই আচাৰ্য জী মহাৰাজৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আজি আকৌ এবাৰ মই প্ৰযুক্তিৰ মাধ্যমেৰে আপোনালোক সন্তৰ মাজত আছোহি। আজি আচাৰ্য বিজয় বল্লভ সুৰিস্বৰ জীৰ নামত উত্সৰ্গিত স্মাৰক ডাক টিকট আৰু মুদ্ৰা উন্মোচন কৰা হৈছে। , মোৰ বাবে এই সুযোগে দুগুণে আনন্দ লৈ আহিছে। স্মাৰক ডাক টিকট আৰু মুদ্ৰাৰ উন্মোচন কৰাটো হৈছে খুবেই গুৰুত্বপূৰ্ণ প্ৰয়াস, সেই আধ্যাত্মিক চেতনাৰে জনগণক সংযোজিত কৰাৰ, যিটো পূজ্য আচাৰ্য জীয়ে নিজৰ জীৱনজোৰা কৰ্মৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু তেওঁৰ দৰ্শনত সদায়ে প্ৰতিবিম্বিত কৰি আহিছিল।

দুবছৰ ধৰি চলা এই সামৰোহৰ এতিয়া সামৰণি সমাৰোহ অনুষ্ঠিত হৈছে। এই সময়ছোৱাত আস্থা, আধ্যাত্ম আৰু ৰাষ্ট্ৰশক্তিক আগবঢ়োৱাৰ বাবে আপোনালোকে যি অভিযান চলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। সন্তসকল, আজি পৃথিৱীয়ে যুদ্ধ, আতংক আৰু হিংসাৰ সংকট অনুভৱ কৰিবলগীয়া হৈছে। এই কুচক্ৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ বাবে পৃথিৱীয়ে প্ৰেৰণা আৰু উত্সাহৰ সন্ধান কৰি আছে। এনে পৰিস্থিতিত ভাৰতৰ পূৰাতন পৰম্পৰা, ভাৰতৰ দৰ্শন আৰু বৰ্তমানৰ ভাৰতৰ সামৰ্থ্য, আজি সমগ্ৰ বিশ্বৰ বাবেই এক ডাঙৰ প্ৰ্ত্যয় হৈ থিয় দিছে। আচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ মহাৰাজে দেখুওৱা পথ, জৈন গুৰুসকলৰ শিক্ষা হৈছে এই বিশ্ব-সংকটৰ সমাধান। ‘অহিংসা’, ‘অনেকান্ত’ আৰু ‘অপৰিগ্ৰহ’ক যি ধৰণে আচাৰ্য জীয়ে জীৱনৰ অংগ কৰি লৈছিল আৰু এইসমূহৰ প্ৰতি জন-মনত বিশ্বাস জন্মোওৱাৰ বাবে কৰা নিৰন্তৰ প্ৰয়াস, সেয়া আজিও আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উত্স হৈ আহিছে। শান্তি আৰু সৌহাৰ্দ্যৰ বাবে তেওঁ জনোৱা আহ্বান বিভাজনৰ বিভিষিকাৰ মাজতো স্পষ্ট ৰূপতে প্ৰত্যক্ষ কৰিব পৰা গৈছিল। ভাৰতৰ বিভাজনৰ কাৰণে আচাৰ্য শ্ৰীয়ে ‘চতুৰ্মাস’-ৰ ব্ৰতো আনকি ভংগ কৰিবলগীয়া হৈছিল।

এডোখৰ ঠাইতে থাকি সাধনা কৰা এই ব্ৰত কিমান মহত্বপূৰ্ণ, এই কথা আপোনালোকতকৈ আন কোনে বাৰু ভালকৈ জানিব! কিন্তু পূজ্য আচাৰ্য জীয়ে নিজেই ভাৰতলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আন যিসকল লোকে নিজৰ সকলো ত্যাগ কৰি ইয়ালৈ আহিবলগীয়াত পৰিছিল, তেওঁলোকৰ সুখ আৰু সেৱাৰ ক্ষেত্ৰত যথা সম্ভৱ সকলোধৰণৰ নজৰ ৰাখিছিল।

বন্ধুসকল,

আচাৰ্যসকলে ‘অপৰিগ্ৰহ’ৰ যি পথ দেখুৱাইছে, স্বাধীনতাৰ আন্দোলনত পূজ্য মহাত্মা গান্ধীয়েও তাকে সাৰোগত কৰিছিল। ‘অপৰিগ্ৰহ’ কেৱল ত্যাগেই নহয়, বৰঞ্চ সকলো ধৰণৰ মোহৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোও হৈছে ‘অপৰিগ্ৰহে’ই। আচাৰ্য শ্ৰীয়ে দেখুৱাইছিল যে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতিৰ বাবে সততাৰে কাৰ্য সম্পাদন কৰি সকলোৰে কল্যাণৰ বাবে খুবেই ভালকৈ কাম কৰিব পাৰি।

বন্ধুসকল,

‘গচ্ছাধিপতি জৈনাচাৰ্য’ শ্ৰী বিজয় নিত্যানন্দ সুৰিশ্বৰ জীয়ে বাৰে বাৰে ইয়াৰ উল্লেখ কৰিছিল যে গুজৰাটে দেশক ‘২-২ বল্লভ’ প্ৰদান কৰিছে। এয়াও এক কাকতালীয় সংযোগেই যে আজি আচাৰ্য জীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী সমাৰোহ সম্পূৰ্ণ হ’বলৈ ওলাইছে, আৰু কিছুদিনৰ পিচতে আমি চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তী, ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন কৰিম। আজি ‘ষ্টেচ্যু অব পীচ’ হৈছে সন্তসকলৰ সকলোতকৈ ডাঙৰ প্ৰতিমূৰ্তিসমূহৰ মাজৰ এটা আৰু ‘ষ্টেচ্যু অব ইউনিটী’ হৈছে বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি। আৰু এয়া কেৱল ওখ প্ৰতিমূৰ্তিয়েই নহয়, বৰং এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰো সকলোতকৈ ডাঙৰ প্ৰতীক। চৰ্দাৰ চাহাবে ডোখৰ ডোখৰ হৈ থকা, ৰাজতন্ত্ৰত বিভক্ত হৈ থকা, ভাৰতখনক একত্ৰিত কৰিছিল। আচাৰ্য জীয়ে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ভাৰতৰ একতা আৰু অখণ্ডতাক, ভাৰতৰ সংস্কৃতিক শক্তিশালী কৰি তুলিছিল। দেশৰ স্বাধীনতাৰ বাবে হোৱা আন্দোলনৰ সেই সময়ছোৱাতো তেওঁ কোটি কোটি স্বতন্ত্ৰতা সেনানীৰ সৈতে মিলি কাম কৰিছিল।

বন্ধুসকল,

আচাৰ্য জীয়ে কৈছিল যে দেশৰ “সমৃদ্ধি আৰ্থিক সমৃদ্ধিৰ ওপৰতে নিৰ্ভৰশীল, স্বদেশীক আঁকোৱালি লৈ ভাৰতৰ কলা ভাৰতৰ সংস্কৃতি আৰু ভাৰতৰ সভ্যতাক সঞ্জীৱিত কৰি ৰাখিব পৰা যায়”। তেওঁ শিকাইছিল যে ধাৰ্মিক পৰম্পৰা আৰু স্বদেশীক কেনেকৈ একেলগে আগবঢ়াই নিব পৰা যায়। তেওঁৰ বস্ত্ৰ ধৱল বৰণীয়া, কিন্তু লগতে তেওঁৰ বস্ত্ৰ খাদীৰেও প্ৰস্তুত কৰা। এই বস্ত্ৰ তেওঁ আজীৱন পৰিধান কৰিছিল। স্বদেশী আৰু স্বাৱলম্বনৰ এনে বাৰ্তা আজিও, স্বাধীনতাৰ অমৃতকালতো খুবেই প্ৰাসংগিক বুলিয়ে পৰিগণিত হৈছে। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে এয়া প্ৰগতিৰ মূলমন্ত্ৰ। সেয়ে, স্বয়ং আচাৰ্য বিজয় বল্লভ সুৰিশ্বৰ জীৰ পৰা বৰ্তমানৰ ‘গচ্ছাধিপতি আচাৰ্য’ শ্ৰী নিত্যানন্দ সুৰিশ্বৰ জীলৈকে যিদৰে এই পথ শক্তিশালী হৈছে, ইয়াক আমি আৰু অধিক শক্তিশালী কৰি তুলিব লাগিব। পূজ্য সন্তসকল, অতীতত সমাজ কল্যাণ, মানৱসেৱা, শিক্ষা আৰু জনচেতনাৰ যি সমৃদ্ধ পৰম্পৰা আপোনালোকে বিকশিত কৰিছিল, সেয়া নিৰন্তৰ বিস্তাৰিত হৈ থাকক, এয়া আজি দেশৰ বাবে প্ৰয়োজনীয় কথা হৈ উঠিছে। ‘স্বাধীনতাৰ অমৃতকাল’ত আমি বিকশিত ভাৰত নিৰ্মাণৰ দিশত আগবাঢ়ি গৈ আছো। ইয়াৰ বাবে দেশে ‘পঞ্চ পণ’ৰ সংকল্প গ্ৰহণ কৰিছে। এই ‘পঞ্চ পণ’ৰ সিদ্ধি লাভত আপোনালোক সন্তসকলৰ ভূমিকা খুবেই অগ্ৰণী হ’ব। নাগৰিকসকলৰ কৰ্তব্যক কেনেকৈ আমি শক্তিশালী কৰিব পাৰো, ইয়াৰ বাবে সন্তসকলৰ মাৰ্গদৰ্শন সদায়ে গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ লগতে দেশে ‘লোকেলৰ বাবে ভোকেল’ হোৱা, ভাৰতৰ লোকসকলৰ পৰিশ্ৰমৰে উত্পাদিত সা-সামগ্ৰীসমূহে যাতে মান-সন্মান লাভ কৰিব পাৰে ইয়াৰ বাবে আপোনালোকৰ তৰফৰ পৰা ‘চেতনা অভিযান’ খুবেই ৰাষ্ট্ৰসেৱা হিচাপে চিহ্নিত হ’ব। আপোনালোকৰ অধিকাংশ অনুগামী বেহা-বেপাৰৰে জড়িত। তেওঁলোকে গ্ৰহণ কৰা এই পণ, যে তেওঁলোকে ভাৰতত তৈয়াৰী সা-সামগ্ৰীৰহে বাণিজ্য কৰিব, ক্ৰয়-বিক্ৰয় কৰিব, ভাৰতত নিৰ্মিত বস্তুহে ব্যৱহাৰ কৰিব, মহাৰাজ চাহিবৰ প্ৰতি এয়া খুবেই ডাঙৰ শ্ৰদ্ধাঞ্জলি হ’ব। সকলোৰে প্ৰয়াস, সকলোৰে বাবে, সমগ্ৰ দেশৰ বাবেই হওক, প্ৰগতিৰ এই পথ প্ৰদৰ্শন আচাৰ্য শ্ৰীয়েও দেখুৱাই থৈ গৈছিল। এই পথকে আমি প্ৰশস্ত কৰি যাম, এই কামনাকে কৰি পুনৰবাৰ সন্তমণ্ডলীলৈ মোৰ প্ৰণিপাত জনালোঁ!

আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!

 

***

DS/ST/AK/KB



(Release ID: 1871480) Visitor Counter : 104