প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমি গুৰু চাহিবসকলৰ দৃষ্টিভংগী পূৰণ কৰাৰ দিশত কাম কৰি যাম: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
22 OCT 2022 5:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেমকুণ্ড চাহিব ৰ’পৱে সন্দৰ্ভত সন্তোষ তথা দয়ালু ভাষণৰাজিৰ বাবে অগ্ৰণী আধ্যাত্মিক ব্যক্তিত্বসহ শিখ সম্প্ৰদায়ৰ সন্মানীয় সদস্য জাঠেদাৰ শ্ৰী অকাল তখাৎ চাহিবক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ সংগতক গুৰু চাহিবসকলৰ দৃষ্টিভংগী পূৰণৰ বাবে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে। প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ এটা টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "আগশাৰীৰ আধ্যাত্মিক ব্যক্তিত্বকে ধৰি শিখ সম্প্ৰদায়ৰ সন্মানীয় সদস্য জাঠেদাৰ শ্ৰী অকাল তখাৎ চাহিবে হেমকুণ্ড চাহিব ৰ’পৱে সন্দৰ্ভত আনন্দ প্ৰকাশ কৰিছে। মই তেওঁলোকক তেওঁলোকৰ দয়ালু বক্তব্যৰ বাবে ধন্যবাদ জনাইছো আৰু সংগতক আশ্বাস প্ৰদান কৰিছো যে আমি গুৰু চাহিবসকলৰ দৃষ্টিভংগী পূৰণ কৰাৰ দিশত কাম কৰি যাম।"
***
DS/AK/MANN
(ৰিলিজ আই ডি : 1870756)
অতিথি কক্ষ : 142
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam