প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দীপাৱলীৰ পূৰ্ব সন্ধ্যা, প্ৰধানমন্ত্ৰী ২৩ অক্টোবৰত অযোধ্যালৈ যাব
প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ স্থল নিৰীক্ষণ কৰিব
প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰী ৰামলালা বিৰাজমান দৰ্শন আৰু পূজা কৰিব
প্ৰধানমন্ত্ৰীয়ে প্ৰতিকাত্মক ভগৱান শ্ৰী ৰামৰ ৰাজ্যাভিষেক কৰিব
প্ৰধানমন্ত্ৰীয়ে ভব্য দীপোৎসৱ সমাৰোহৰ শুভাৰম্ভ কৰিব
প্ৰধানমন্ত্ৰীয়ে সৰযু নদীৰ নিউ ঘাটত আৰতী, 3-ডি হল'গ্ৰাফিক প্ৰজেক্সন মেপিং শ্ব' চাব
পোষ্ট কৰা হৈছে:
21 OCT 2022 10:04AM by PIB Guwahati
দীপাৱলীৰ পূৰ্ব সন্ধ্যা, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ অযোধ্যা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় পাঁচ বজাত ভগৱান শ্ৰী ৰামলালা বিৰাজমান দৰ্শন আৰু পূজা কৰিব আৰু ইয়াৰ পিছত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰস্থল নিৰীক্ষণ কৰিব। সন্ধিয়া প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে প্ৰতিকাত্মক ভগৱান শ্ৰী ৰামৰ ৰাজ্যাভিষেক কৰিব। গধুলি প্ৰায় ৬:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে সৰযু নদীৰ নিউ ঘাটত আৰতী চাব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীৰ দ্বাৰা ভব্য দীপোৎসৱ সমাৰোহৰ শুভাৰম্ভ কৰা হ'ব।
এই বছৰ, দীপোৎসৱৰ ষষ্ঠ সংস্কৰণ আয়োজন কৰা হৈছে আৰু এই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই সমাৰোহত ব্যক্তিগত ৰূপত ভাগ ল'ব। এই উপলক্ষে ১৫ লাখতকৈ অধিক বন্তি প্ৰজ্বলন কৰা হ'ব। দীপোৎসৱৰ সময়ত বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্য ৰূপৰ লগতে পাঁচটা এনিমেটেড দৃশ্য আৰু এঘাৰটা ৰামলীলা দৃশ্যও প্ৰদৰ্শন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ভব্য মিউজিকেল লেজাৰ শ্ব'ৰ লগতে সৰযু নদীৰ তীৰত ৰাম কী পেড়ীত 3-ডি হল'গ্ৰাফিক প্ৰজেক্সন মেপিং শ্ব'ও চাব।
***
DS/SH
(ৰিলিজ আই ডি : 1869956)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam