প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্রাছিলিয়াত একাদশ ব্রিক্স শীর্ষ সন্মিলনৰ পূর্ণাঙ্গ অধিবেশনত প্রধানমন্ত্রীৰ বক্তব্যৰ অনুবাদ
Posted On:
15 NOV 2019 2:03PM by PIB Guwahati
ৰাষ্ট্রপতি বোলছেনাৰো,
ৰাষ্ট্রপতি পুটিন,
ৰাষ্ট্রপতি ছি আৰু
ৰাষ্ট্রপতি ৰামাফোছা
একাদশ ব্রিক্স শিখৰ সন্মিলন উপলক্ষে বন্ধু দেশ ব্রাজিলৰ এই সুন্দৰ ৰাজধানীত উপস্থিত হ'বলৈ পাই মই অত্যন্ত আনন্দিত। এই শিখৰ সন্মিলনৰ সুন্দৰ আয়োজন আৰু উষ্ণ অভ্যর্থনাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্রপতি বলছোনাৰোক আন্তৰিক ধন্যবাদ জনাইছো।
মাননীয়,
এইবাৰৰ শিখৰ সন্মিলনৰ মূল ভাবনা – “এক উদ্ভাৱনমূলক ভৱিষ্যতৰ বাবে অর্থনৈতিক উন্নয়ন”, বর্তমান পৰিস্থিতিত যথাযথ। উন্নয়নৰ বাবে উদ্ভাৱন মূল কেন্দ্রবিন্দু হৈ উঠিছে। সেয়ে, ব্রিক্স গোষ্ঠীভুক্ত দেশসমূহৰ মাজত সহযোগিতা অধিক মজবুত কৰিব লাগিব। অনাগত দিনতো ব্রাজিলৰ এই উদ্যোগক লগত লৈ আমি একেলগে কাম কৰিব লাগিব।
মহামহিমগণ,
১০ বছৰ আগতে চৰম অর্থনৈতিক সঙ্কটৰ মাজত ব্রিকছৰ সূচনা হৈছিল। ২০০৯ চনৰ পৰা আৰম্ভ হোৱা এই ব্রিক্সে নানা উল্লেখযোগ্য পথ অতিক্ৰম কৰি আহিছে। বর্তমান বিশ্ব অর্থনীতিৰ মূল চালিকাশক্তি হৈ উঠিছে ব্রিক্স দেশসমূহ। সমান্তৰালকৈ, আমি শান্তি আৰু সমৃদ্ধিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্রত অন্যতম মূল স্তম্ভ হৈ উঠিছো।
মাননীয়,
অহা ১০ বছৰৰ বাবে ব্রিক্সৰ লক্ষ্য স্থিৰ কৰিব লাগিব আমি। পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ দিশত বিশেষ দৃষ্টি দিব লাগিব। বিশ্ব বাণিজ্যৰ মাত্র ১৫ শতাংশই ব্রিক্স দেশসমূহৰ পৰস্পৰৰ মাজত হৈ থাকে। বিশ্বৰ জনসংখ্যাৰ ৪০ শতাংশ য'ত এই ব্রিক্স দেশসমূহত বসবাস কৰে, তাত এই বাণিজ্যৰ পৰিমাণ খুবেই কম। সেইফালে বিশেষ দৃষ্টি দিয়াৰ সমান্তৰালকৈ, আন্তঃব্রিক্স, বাণিজ্য ব্যয় কমোৱাও বিশেষ গুৰুত্বপূর্ণ।
মাননীয়,
মই অত্যন্ত আনন্দিত যে, ব্রাজিলৰ নেতৃত্বত আমি বিজ্ঞান, প্রযুক্তি, উদ্ভাৱন আৰু ডিজিটেল অর্থনীতিত বিশেষ জোৰ দিছো। প্ৰস্তুত হৈছে আই – ব্রিক্স নেটৱৰ্ক। ব্রিক্স, ষ্টাৰ্টআপ চেলেঞ্জ আৰু হেকাথনো বিশেষ গুৰুত্বপূর্ণ হৈ উঠিছে। ভাৰতে ব্রিক্স, ডিজিটেল স্বাস্থ্য শিখৰ সন্মিলনৰ আয়োজন কৰিব। আমি ইতিমধ্যেই সুস্থ জীৱনযাপনৰ বাবে ফিট ইণ্ডিয়া প্রচাৰাভিযান আৰম্ভ কৰিছো। আমি স্বাস্থ্য ক্ষেত্রত ব্রিক্স দেশসমূহৰ মাজত আৰু যোগাযোগ বঢ়াবলৈ আগ্রহী। এই বিষয়ত এখন বুজাবুজিপত্র স্বাক্ষৰৰ আহ্বান জনাওঁ।
মাননীয়,
ব্রিক্স মহিলা বাণিজ্য জোঁট গঠনৰ বাবে মই সকলো সদস্যকে ধন্যবাদ জনাইছো। বিশেষ ধন্যবাদ ৰাষ্ট্রপতি পুটিনক। ভাৰতত যোৱা পাঁচ বছৰত সকলো ক্ষেত্রতেই মহিলাসকলৰ অংশগ্রহণ বাঢ়িছে।
মাননীয়,
আমাৰ দেশসমূহ সকলো ধৰণৰ পৰিৱেশৰ মাজতেই অৱস্থিত। বান বা খৰাংপ্রৱণ, তুষাৰেৰে ঢকা বা মৰু অঞ্চল আৰু ভূমিকম্প প্রৱণ – সকলো ধৰণৰ প্রাকৃতিক অসুবিধাৰেই সম্মুখীন হ'বলগা হয় আমি। স্বচ্ছ জল ব্যৱস্থাপনা অন্যতম চেলেঞ্জ। মই ভাৰতত প্রথম ব্রিক্স জল মন্ত্রীসকলৰ বৈঠকৰ প্রস্তাব দিছো।
মাননীয়,
আন্তর্জাতিক বাণিজ্য বর্তমান প্রধান সমস্যা হৈ থিয় দিছে। আমি এটা যৌথ নীতি গ্রহণ কৰিব লাগিব, যাতে অর্থনৈতিক পৰিস্থিতিৰ উন্নতি ঘটোৱা সম্ভৱ হয়।
মাননীয়,
আমাৰ উন্নয়ন আৰু শান্তিৰ বাবে সবাতোকৈ ডাঙৰ আশঙ্কা হৈ থিয় দিছে সন্ত্রাসবাদ। ১০ বছৰত প্রায় ২৫ লাখ মানুহ সন্ত্রাসৰ চিকাৰ। ইয়াৰ ফলত, ১ ট্রিলিয়ন ডলাৰৰো অধিক আর্থিক ক্ষতি হৈছে। সন্ত্রাস, মাদক চোৰাং চালান, আন্তঃসীমান্ত অনুপ্ৰৱেশ বন্ধৰ বাবে আমি বিশেষ দৃষ্টি ৰাখিব লাগিব।
মাননীয়,
মানুহে মানুহে যোগাযোগ বাঢ়িলে আমাৰ অংশীদাৰিত্বও বৃদ্ধি পাব। আমি ব্রিক্স গোষ্ঠীভুক্ত দেশসমূহৰ মাজত যুৱ শিখৰ সন্মিলন আয়োজনৰ পৰামর্শ দিছো। ভাৰতত প্রতি বছৰে ব্রিক্স দেশসমূহৰ শিক্ষাৰ্থীৰ বাবে ইণ্টাৰ্নশ্বিপ আৰু ফেলশ্বিপৰ ব্যৱস্থা কৰা হ'ব। চলচ্চিত্রও আমাৰ মাজত অন্যতম যোগাযোগৰ মাধ্যম হৈ উঠিব পাৰে। ভাৰতত সবাতোকৈ বেছি বিভিন্ন ভাষাৰ চলচ্চিত্র নির্মাণ কৰা হয়। ভাৰতীয়সকলৰ বাবে ব্রাজিলত ভিছা মুক্ত প্রৱেশৰ যি ঘোষণা ৰাষ্ট্রপতি বোলছেনাৰোৱে কৰিছে, মই তাক স্বাগতম জনাইছো।
মাননীয়,
সৰ্বশেষত, মই ৰাষ্ট্রপতি বোলছেনাৰোক এই শিখৰ সন্মিলন আয়োজনৰ বাবে আকৌ ধন্যবাদ জনাইছো। মই অনাগত দিনবিলাকৰ বাবে ব্রিক্স গোষ্ঠীভুক্ত ৰাষ্ট্রপতিসকলক অভিনন্দন জনাইছো। আপোনালোকৰ সৈতে ভাৰতৰ পূর্ণ সহযোগিতা আছে। অসংখ্য ধন্যবাদ।
প্রধানমন্ত্রীৰ মূল ভাষণটো হিন্দীত আছিল
***
DS/LP
(Release ID: 1869538)
Visitor Counter : 78