প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মালদ্বীপ ভ্ৰমণৰ সময়ত পিপলছ মজলিছত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 08 JUN 2019 2:59PM by PIB Guwahati

মাননীয় অধ্যক্ষ পিপলছ মজলীছ আৰু মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মোৰ মৰমৰ বন্ধু মহামহিম শ্ৰীযুত মহম্মদ নাছিদ,

পিপলছ মজলীছৰ সন্মানীয় সদস্যসকল,

বিশিষ্ট অতিথিসকল,

নমস্কাৰ, (শুভ সন্ধিয়া)

১৩০ কোটি ভাৰতীয়ৰ হৈ লগতে মোৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদ-ঊল-ফিতৰ উৎসৱৰ আনন্দ আৰু উৎসাহ আজিও আমাৰ মাজত আছে। এই উপলক্ষেও আপোনালোকৰ লগতে সকলো মালদ্বীপবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মাননীয় অধ্যক্ষ,

মালদ্বীপ ১০০০ৰো অধিক দ্বীপৰ সমষ্টি। ই কেৱল ভাৰত মহাসাগৰ অঞ্চলৰেই নহয় সমগ্ৰ বিশ্বৰ এক বিৰল ৰত্ন। ইয়াৰ সীমাহীন সৌন্দৰ্য্য আৰু প্ৰাকৃতিক সম্পদ যুগ যুগ ধৰি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। প্ৰকৃতিৰ শক্তিৰ সন্মুখত মানুহৰ অদম্য সাহসৰ এক উজ্জ্বল উদাহৰণ এই দেশ। বাণিজ্য, মানুহ আৰু সংস্কৃতিৰ অহৰহ প্ৰবাহৰ সাক্ষী হৈ আহিছে মালদ্বীপ। আৰু এই সুন্দৰ ৰাজধানী মালে কেৱল পৰ্যটকৰ বাবে নীলা সাগৰলৈ যোৱাৰ দুৱাৰেই নহয়, বৰঞ্চ ই সমগ্ৰ বিশ্বৰ বাবে এক সুস্থিৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত মহাসাগৰীয় অঞ্চলৰ চাবিকাঠি।

মাননীয় অধ্যক্ষ,

আজি মালদ্বীপত আৰু এই আগষ্ট মাজলিছত আপোনালোক সকলোৰে লগত থকাটো মোৰ বাবে এক অতি সুখ আৰু সন্মানৰ কথা। মই বিশেষ সৌভাগ্যবান যে মাননীয় নাছিদ ডাঙৰীয়াক অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মজলিছে মোক প্ৰথমখন বৈঠকতে সৰ্বসন্মতিক্ৰমে আমন্ত্ৰণ জনোৱাৰ সংকল্প লয়। আপোনাৰ এই ভংগীমাই প্ৰতিজন ভাৰতীয়ৰ হৃদয় স্পৰ্শ কৰাৰ লগতে তেওঁলোকৰ গৌৰৱ আৰু সন্মান বৃদ্ধি কৰিছে। আৰু ইয়াৰ বাবে মাননীয় অধ্যক্ষ মহোদয়, মই আপোনালোকক আৰু এই আগষ্ট সদনৰ সকলো মাননীয় সদস্যক মোৰ তৰফৰ পৰা আৰু লগতে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ আন্তৰিক ধন্যবাদ জনাইছো।

মাননীয় অধ্যক্ষ

এয়া মোৰ দ্বিতীয় মালদ্বীপ ভ্ৰমণ। আৰু এক অৰ্থত ক’বলৈ গ’লে দ্বিতীয়বাৰৰ বাবে মই মজলিছৰ ঐতিহাসিক কাৰ্য্যবিধিৰ সাক্ষী হৈছো। যোৱা নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি ছলীহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মই অতি সুখী আৰু অতি সৌভাগ্য অৰ্জন কৰিলোঁ। সেই উপলক্ষে উদযাপন কৰা হৈছিল, হাজাৰ হাজাৰ মানুহৰ মাজত এখন মুকলি ষ্টেডিয়ামত, গণতন্ত্ৰৰ এক বিখ্যাত আৰু ঐতিহাসিক বিজয় যাৰ বিশ্বাস, সাহস আৰু সংকল্প সেই বিজয়ৰ ভিত্তি আছিল। সেই অনুষ্ঠানটো আছিল এক আমোদজনক অভিজ্ঞতা। মালদ্বীপৰ প্ৰকৃত গণতন্ত্ৰৰ শক্তি মই প্ৰত্যক্ষভাৱে অনুভৱ কৰিলোঁ। সেইদিনা মই মালদ্বীপৰ সাধাৰণ নাগৰিকৰ গণতন্ত্ৰৰ প্ৰতি থকা নিষ্ঠা আৰু দায়বদ্ধতা আৰু লগতে আপোনাৰ দৰে নেতাসকলৰ প্ৰতি তেওঁলোকৰ মৰম আৰু শ্ৰদ্ধাৰ সাক্ষী হৈছিলোঁ। আৰু আজি মালদ্বীপৰ গণতন্ত্ৰৰ ধ্বজাবাহী আপোনালোক সকলোকে প্ৰণাম জনাইছো।

মাননীয় অধ্যক্ষ,

এই সদন, এই মজলিছ কেৱল শিল-ইটাৰে নিৰ্মিত অট্টালিকা নহয়। ই কোনো সাধাৰণ মানুহৰ সমাৱেশ নহয়। গণতন্ত্ৰৰ সেই শক্তি কেন্দ্ৰটোৱেই এই সদনৰ প্ৰতিজন সদস্যৰ চিন্তা আৰু কণ্ঠত দেশখনৰ স্পন্দন আৰু ইয়াৰ হৃদস্পন্দন অনুৰণিত হয়। ইয়াতেই আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা মানুহৰ সপোন আৰু আকাংক্ষা বাস্তৱায়িত হয়। ইয়াতেই বিভিন্ন মতাদৰ্শ আৰু দলৰ সদস্যসকলে দেশৰ গণতন্ত্ৰ, উন্নয়ন আৰু শান্তিৰ স্বাৰ্থত নিজৰ সামূহিক ইচ্ছাক স্থায়ী কৃতিত্বলৈ ৰূপান্তৰিত কৰিবলৈ একত্ৰিত হয়।

ঠিক একেদৰেই কেইমাহমানৰ আগতে মালদ্বীপৰ জনসাধাৰণে সামূহিকভাৱে সমগ্ৰ বিশ্বৰ সন্মুখত গণতন্ত্ৰৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছিল। আপোনাৰ সেই যাত্ৰা প্ৰত্যাহ্বানেৰে ভৰা আছিল। কিন্তু মালদ্বীপে দেখুৱাই দিলে, আপোনালোক সকলোৱে দেখুৱাই দিলে যে জনসাধাৰণেই শেষত জয়ী হয়। এয়া এক অসাধাৰণ সফলতা৷ আপোনাৰ এই সাফল্য সমগ্ৰ বিশ্বৰ গণতন্ত্ৰৰ বাবে এক বৃহৎ শক্তিৰ উৎস। আৰু মালদ্বীপৰ এই সাফল্যত আটাইতকৈ সুখী আৰু গৌৰৱান্বিত কোন হ’ব পাৰে?

উত্তৰটো স্পষ্ট।

ই অৱশ্যেই আপোনালোকৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী, আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰত।আজি এই আগষ্ট সমাৱেশত মই সজোৰে ক’ব বিচাৰিছো যে মালদ্বীপত গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভাৰত আৰু সকলো ভাৰতীয় সদায় আপোনালোকৰ লগত আছে আৰু সদায় থাকিব।

মাননীয় অধ্যক্ষ,

ভাৰততো আমি শেহতীয়াকৈ মানৱ জাতিৰ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলন সম্পূৰ্ণ কৰিছো। ১৩০ কোটি ভাৰতীয়ৰ বাবে সেয়া কেৱল সাধাৰণ নিৰ্বাচন নহয়, বৰঞ্চ এটা উদযাপন, গণতন্ত্ৰৰ এক বিশাল উৎসৱ আছিল। যোগ্য ভোটাৰৰ দুই তৃতীয়াংশতকৈ অধিক অৰ্থাৎ ৬০ কোটিতকৈ অধিক লোকে ভোট দিবলৈ উপস্থিত হৈছিল। উন্নয়ন আৰু সুস্থিৰতাৰ বাবে তেওঁলোকে এক শলাগ ল’বলগীয়া জনাদেশ দিছিল।

মাননীয় অধ্যক্ষ,

মোৰ চৰকাৰৰ মৌলিক মন্ত্ৰ "সবকা সাথ, সবকা বিকাশ ঔৰ সবকা বিশ্বাস (সকলোৰে সৈতে, সকলোৰে উন্নয়নৰ বাবে আৰু সকলোৰে বিশ্বাসেৰে) কেৱল ভাৰতৰ বাবে নহয়। ই মোৰ চৰকাৰৰ বৈদেশিক নীতি আৰু বৃহত্তৰ বিশ্বত দৃষ্টিভংগীৰ মূল মাপকাঠি।" বিশেষকৈ আমাৰ ওচৰ-চুবুৰীয়াৰ ক্ষেত্ৰত।

‘প্ৰতিৱেশী প্ৰথম’ আমাৰ অগ্ৰাধিকাৰ। আৰু চুবুৰীয়া অঞ্চলত মালদ্বীপৰ অগ্ৰাধিকাৰ। আৰু সেইবাবেই আজি আপোনালোকৰ মাজত থিয় হৈ থকাটো কোনো কাকতলীয়া কথা নহয়।

যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি ছলীহ ভ্ৰমণ কৰা প্ৰথমখন দেশ আছিল ভাৰত। আৰু এতিয়া, মালদ্বীপৰ পৰা অহা আন্তৰিক আমন্ত্ৰণে মোক ইয়ালৈ লৈ আহিছে, যাৰ ফলত এই নতুন কাৰ্যকালত ই মোৰ প্ৰথম বিদেশৰ গন্তব্যস্থান হৈ পৰিছে। আৰু অলপ সময়ৰ আগতে মইও সৌভাগ্যৱান আৰু বিশেষ সুবিধা পাইছিলোঁ যে ৰাষ্ট্ৰপতি ছলীহে মোক বিদেশীসকলৰ বাবে মালদ্বীপৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিছিল। কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই।

মাননীয় অধ্যক্ষ,

ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক ইতিহাসতকৈ পুৰণি। অনাদি কালৰে পৰা নীলা পানীয়ে আমাৰ পাৰবোৰ ধুই পেলাইছে। আমাক সংযোগ কৰা বিশাল সাগৰৰ ঢৌবোৰে আমাৰ জনগোষ্ঠীসমূহৰ মাজত বন্ধুত্বৰ দূত হৈ আহিছে। আমাৰ কৃষ্টি-সংস্কৃতি, সভ্যতাকো পুষ্টি প্ৰদান কৰিছে। সাগৰৰ গভীৰতা আৰু বিস্তৃতিৰে আমাৰ সম্পৰ্ক ধন্য হৈ পৰিছে। মোৰ গৃহ ৰাজ্য গুজৰাটকে ধৰি মালদ্বীপ আৰু ভাৰতৰ মাজত সহস্ৰাব্দৰ পৰা বাণিজ্য কৰি আহিছে। ২৫০০ বছৰতকৈও অধিক পূৰ্বে মালদ্বীপে বিশ্বৰ আটাইতকৈ পুৰণি বন্দৰসমূহৰ ভিতৰত গণ্য কৰা লোথালৰ সৈতে ব্যৱসায় কৰিছিল। ইয়াৰ পিছতে ছুৰাটৰ দৰে চহৰৰ সৈতে ব্যৱসায় চলি থাকিল। আনকি ভাৰতীয় শিশুৱেও মালদ্বীপৰ মুকুটাৰ সম্পদৰ প্ৰতি লোভ কৰি আহিছে। সংগীত, বাদ্যযন্ত্ৰ, ৰীতি-নীতি আৰু পৰম্পৰা আমাৰ ভাগ-বতৰা কৰা ঐতিহ্যৰ জীৱন্ত উদাহৰণ।

উদাহৰণস্বৰূপে দিভেহী ভাষাটো লওক। ভাৰতত ‘সপ্তাহ’ক ‘হাফতা’ বুলি কোৱা হয়, আৰু দিভেহীতো তাকে কোৱা হয়। সপ্তাহৰ দিনবোৰৰ নাম চাওঁ আহক। দিভেহীত ‘ৰবিবাৰ’ হ’ল আদিত্ত, যিটো আদিত্য বা সূৰ্য্যৰ সৈতে সম্পৰ্কিত। সোমবাৰক হোমা বোলা হয় যি ‘সোম’ বা চন্দ্ৰৰ সৈতে সাদৃশ্য বহন কৰে।

দিভেহীৰ ‘ধুনিয়ে’ ভাৰতৰ ‘দুনিয়া’ৰ সৈতে একে, যিটো বিশ্বৰ বাবে থিয় দিছে। আৰু ‘দুনিয়া’ এটা বিখ্যাত মালদ্বীপৰ নামো। আৰু ই কেৱল এই পৃথিৱীৰ কথাই নহয়। আমাৰ ভাষাৰ মাজত থকা সাদৃশ্য স্বৰ্গ আৰু নৰকলৈকেও বিস্তৃত হৈ আছে। দিভেহী শব্দ ‘সুভুৰুগে’ আৰু নৰকা হিন্দীত ‘স্বৰগ’ আৰু ‘নৰক’ৰ সৈতে একে।

এনে সাদৃশ্যৰ তালিকাখন অতি দীঘল হ’ব পাৰে। যদি মই আগবাঢ়ি যাওঁ তেন্তে আমাৰ হাতত এখন সম্পূৰ্ণ অভিধান থাকিব।

এইটো ক’লেই যথেষ্ট হ’ব যে প্ৰতিটো খোজতে আমি উপলব্ধি কৰোঁ যে আমি একেখন বাৰীৰ ফুল। আৰু সেইবাবেই মালদ্বীপৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, ইয়াৰ পাণ্ডুলিপি সংৰক্ষণ আৰু দিভেহীৰ অভিধান প্ৰস্তুত কৰাত আপোনালোকৰ সৈতে সহযোগিতা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইবাবেই আজি ঐতিহাসিক শুকুৰবাৰ মছজিদ সংৰক্ষণৰ বাবে ভাৰতৰ সহযোগিতা ঘোষণা কৰি মই অতি আনন্দিত হৈছো। এনেধৰণৰ প্ৰবাল মছজিদ মালদ্বীপৰ বাহিৰে আন ক’তো নাই। শ শ বছৰৰ আগতে জ্ঞানী মালদ্বীপবাসীয়ে সাগৰৰ সম্পদ ব্যৱহাৰ কৰি ইয়াৰ অনন্য স্থাপত্য গঢ়ি তুলিছিল। ইয়াৰ দ্বাৰা প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ সন্মান আৰু সমন্বয়ৰ সাক্ষ্য পোৱা যায়।

দুখৰ বিষয় যে আজি একেটা সাগৰীয় সম্পদেই প্ৰদূষণৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। সেই হিচাপে এই ভৱিষ্যৎ প্ৰবাল মছজিদটোৰ সংৰক্ষণে আমাৰ পৰিৱেশ সংৰক্ষণৰ বাবেও সমগ্ৰ বিশ্বলৈ এক বাৰ্তা প্ৰেৰণ কৰিব।

মাননীয় অধ্যক্ষ,

মালদ্বীপৰ স্বাধীনতা, গণতন্ত্ৰ, সমৃদ্ধি আৰু শান্তিৰ সমৰ্থনত ভাৰতে মালদ্বীপৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে। ১৯৮৮ চনৰ ঘটনাই হওক বা ২০০৪ চনৰ ছুনামীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিয়াই হওক বা অতি শেহতীয়াকৈ হোৱা পানীৰ নাটনিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। আমি গৌৰৱান্বিত যে আমি আপোনালোকৰ লগত থিয় দিছো, সকলো সময়তে আৰু প্ৰতিটো খোজতে আপোনালোকৰ প্ৰচেষ্টাক সমৰ্থন কৰিছো।

আৰু এতিয়া আমাৰ দুয়োখন দেশতে উন্নয়ন, সমৃদ্ধি আৰু স্থিতিশীলতাৰ বাবে শক্তিশালী আদেশে আমাৰ সহযোগিতাৰ নতুন পথ মুকলি কৰিছে৷ ৰাষ্ট্ৰপতি ছলীহৰ ভাৰত ভ্ৰমণৰ সময়ত সহমতত উপনীত হোৱা ১৪ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনৈতিক পেকেজ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উৎসাহজনক অগ্ৰগতি হৈছে।

আপোনাৰ মহান দেশৰ সৈতে ভাৰতৰ উন্নয়নমূলক সহযোগিতাৰ অটল কেন্দ্ৰবিন্দু হৈছে মালদ্বীপৰ জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশ। দ্বীপসমূহত পানী যোগান আৰু অনাময় ব্যৱস্থাই হওক, আন্তঃগাঁথনি সৃষ্টি আৰু স্বাস্থ্য আৰু শৈক্ষিক সুবিধাৰ বিকাশৰ কথাই হওক: ভাৰতৰ সহযোগিতা সদায় জনসাধাৰণৰ কল্যাণৰ ওপৰত কেন্দ্ৰিত হৈ থাকিব আৰু মালদ্বীপৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি হ’ব।

আমাৰ কেইবা ডজন সামাজিক প্ৰভাৱ আৰু অন্যান্য সহযোগিতা প্ৰকল্পই এই দেশৰ সাধাৰণ জনতাৰ জীৱনক স্পৰ্শ কৰে আৰু তেওঁলোকৰ জীৱনৰ উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টাত অৰিহণা যোগায়। মালদ্বীপৰ গণতন্ত্ৰ আৰু সমৃদ্ধিৰ বাবে ভাৰত এক নিৰ্ভৰযোগ্য, শক্তিশালী আৰু অগ্ৰণী অংশীদাৰ হৈ থাকিব। আৰু এই সহযোগিতাই মালদ্বীপৰ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ হাত শক্তিশালী কৰিব।

মাননীয় অধ্যক্ষ,

দুখন দেশৰ মাজৰ সম্পৰ্ক কেৱল চৰকাৰৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকে নিজৰ জনগোষ্ঠীৰ মাজত থকা শক্তিশালী সম্পৰ্কৰ পৰা শক্তি আহৰণ কৰে। সেয়েহে যিবোৰ প্ৰচেষ্টাই মানুহ-জনসাধাৰণৰ আদান-প্ৰদানক প্ৰসাৰিত কৰে, সেইবোৰ সকলোকে মই বিশেষ গুৰুত্ব প্ৰদান কৰোঁ। সেয়েহে মই বিশেষভাৱে সুখী যে আজি আমি আমাৰ দেশসমূহৰ মাজত নতুন ফেৰী সেৱা আৰম্ভ কৰিবলৈ সন্মত হৈছো। লগতে মই অতি আনন্দিত যে যোৱা বছৰ সম্পন্ন হোৱা ভিছা সুবিধা চুক্তিয়ে ব্যৱসায়, চিকিৎসা সেৱা, শিক্ষা, অবসৰ, পৰ্যটন আদিৰ বাবে ভাৰতলৈ অহা হাজাৰ হাজাৰ মালদ্বীপবাসীক সহজ কৰি তুলিছে।

মাননীয় অধ্যক্ষ,

আমাৰ পাৰস্পৰিক সহযোগিতাক আগুৱাই নিয়াৰ সমান্তৰালভাৱে আমি আজি আমাৰ চৌপাশৰ বিশাল অনিশ্চয়তা আৰু গুৰুতৰ প্ৰত্যাহ্বানৰ প্ৰতিও সচেতন হ’ব লাগিব। প্ৰযুক্তিগত উন্নতিৰ ফলত হোৱা বিঘিনি, বহুমেৰু বিশ্বত অৰ্থনৈতিক আৰু কৌশলগত ক্ষমতাৰ অক্ষৰ পৰিৱৰ্তন, প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাৰ পৰা বহুতো প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

অৱশ্যে এনে তিনিটা বিষয়ৰ মই উল্লেখ কৰিব বিচাৰিছো যিবোৰ আমাৰ দুয়োখন দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

মাননীয় অধ্যক্ষ,

সন্ত্ৰাসবাদ আমাৰ সময়ৰ এক অতি ডাঙৰ প্ৰত্যাহ্বান। এয়া কেৱল এখন দেশ বা অঞ্চলে সন্মুখীন হোৱা প্ৰত্যাহ্বান নহয়। ই সকলো মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বান। এটা দিন নাযায় যেতিয়া সন্ত্ৰাসবাদৰ ভয়ংকৰ মুখখনে নিজকে দেখুৱাব নোৱাৰে আৰু ক’ৰবাত নিৰীহ জীৱন এটা লৈ যায়। সন্ত্ৰাসবাদীৰ নিজা বেংক নাই। তেওঁলোকৰ নিজা মিণ্ট নাই, অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাও নাই৷ কিন্তু তেওঁলোকৰ বাবে ধন বা অস্ত্ৰ-শস্ত্ৰৰ অভাৱ হোৱা যেন নালাগে। এইবোৰ ক’ৰ পৰা পায়? তেওঁলোকক প্ৰয়োজনীয় সুবিধা কোনে প্ৰদান কৰে?

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাটো আটাইতকৈ ডাঙৰ ভাবুকি।

সঁচাকৈয়ে এতিয়াও একাংশ লোকে তথাকথিত ‘ভাল’ আৰু ‘বেয়া’ সন্ত্ৰাসবাদীৰ মাজত পাৰ্থক্য ৰখাৰ ভ্ৰান্তিৰ আশ্ৰয় লোৱাটো সঁচাকৈয়ে অত্যন্ত দুৰ্ভাগ্যজনক। এই কৃত্ৰিম পাৰ্থক্যবোৰৰ ওপৰত বিতৰ্ক কৰি আমি যথেষ্ট সময় নষ্ট কৰিছো। এতিয়া আৰু সহ্যযোগ্য নহয়। মানৱতাক সমৰ্থন কৰা সকলো শক্তি একত্ৰিত হৈ সন্ত্ৰাসবাদৰ ফলপ্ৰসূ যুঁজ দিব লাগিব।

আজিৰ নেতৃত্বৰ বাবে লিটমাছ পৰীক্ষা হৈছে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ অন্ধকাৰ শক্তিৰ সৈতে তেওঁলোকে কেনেদৰে মোকাবিলা কৰে। আন্তঃৰাষ্ট্ৰীয় সমাজে জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ ভাবুকিৰ ওপৰত বিশ্বব্যাপী সন্মিলন আৰু বহুতো সন্মিলনৰ বাবে সক্ৰিয়ভাৱে ব্যৱস্থা কৰিছে। সন্ত্ৰাসবাদৰ বিষয়ক লৈ কিয় নহয়?

মই সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু সকলো আগশাৰীৰ ৰাষ্ট্ৰক আহ্বান জনাইছো যে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সন্ত্ৰাসবাদৰ ওপৰত এখন বিশ্বজোৰা সন্মিলনৰ আয়োজন কৰক, যাতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে শোষণ কৰা সুৰুঙাবোৰ বন্ধ কৰাৰ বাবে অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনা হ’ব পাৰে। যদি আমি কাৰ্য্যত আৰু অধিক বিলম্ব কৰো তেন্তে আমাৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰে।

মাননীয় অধ্যক্ষ,

জলবায়ু পৰিৱৰ্তনৰ কথা ক’লোঁ৷ ইয়াত সন্দেহ নাই যে এয়া আমাৰ সময়ৰ বাস্তৱ ৰূপ বুলি ক’ব পাৰি।

নদীবোৰ শুকাই যোৱা আৰু বতৰৰ অনিশ্চয়তাই আমাৰ কৃষি আৰু কৃষকসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কিন্তু, তাতোকৈয়ো বেছি, গলিত হিমবাহ আৰু বৃদ্ধি পোৱা সাগৰৰ জলপৃষ্ঠ মালদ্বীপৰ দৰে দেশৰ বাবে অস্তিত্বৰ ভাবুকি হৈ পৰিছে। সাগৰীয় প্ৰদূষণে প্ৰবাল দ্বীপ আৰু মহাসাগৰৰ ওপৰত নিৰ্ভৰশীল জীৱিকাৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

মাননীয় অধ্যক্ষ,

এই বিপদসমূহৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সাগৰৰ গভীৰতাত বিশ্বৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে আপোনাৰ আমূল আৰু সাহসী পদক্ষেপ কোনে পাহৰিব পাৰে?

বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ বাবেও মালদ্বীপে আন কেইবাটাও আদৰ্শগত পদক্ষেপ গ্ৰহণ কৰিছে।

দেশখনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত যোগদান কৰাৰ বাবে মই সুখী হৈছো। ভাৰতে যৌথভাৱে গ্ৰহণ কৰা এই মিত্ৰতা আৰম্ভ কৰাৰ পদক্ষেপে বিশ্বৰ কেইবাখনো দেশক আমাৰ পৃথিৱীক ৰক্ষাৰ বাবে ব্যৱহাৰিক পদক্ষেপ গ্ৰহণৰ বাবে এক মঞ্চ প্ৰদান কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বহু বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে নবীকৰণযোগ্য শক্তি হৈছে এক শক্তিশালী বিকল্প।

এই বিশিষ্ট সমাৱেশ ২০২২ চনৰ ভিতৰত ভাৰতৰ ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ অভিলাষী লক্ষ্যৰ সৈতে পৰিচিত আৰু ইয়াক লাভ কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিয়ে সকলো আশাক অতিক্ৰম কৰিলে।

আৰু শেহতীয়াকৈ ভাৰতৰ সহযোগিতাই ২৫০০ শক্তি-দক্ষ আৰু পৰিৱেশ অনুকূল এলইডি ষ্ট্ৰীট লাইটৰ জৰিয়তে মালেৰ ৰাস্তাবোৰ পোহৰাই তুলিছে। আৰু দুই লাখৰো অধিক এলইডি বাল্ব মালদ্বীপৰ ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰত উপনীত হৈছে। তেওঁলোকে বহুমূলীয়া বিদ্যুৎ আৰু পৰিৱেশ ৰাহি কৰাত সহায় কৰিব, লগতে বিদ্যুতৰ বিল হ্ৰাস কৰিব।

ক্ষুদ্ৰ দ্বীপসমূহৰ প্ৰয়োজনীয়তা আৰু উদ্বেগক লৈ ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমি তেওঁলোকৰ বহুতো নিৰ্দিষ্ট অসুবিধাৰ সমাধানৰ বাবে আগবাঢ়ি অহাই নহয়, বিভিন্ন বিশ্বজোৰা মঞ্চত সেই অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰি আৰু সেইবোৰৰ প্ৰতিকাৰৰ আহ্বান জনাইছো। কিন্তু সকলোৱে যোগদান কৰাটো প্ৰয়োজন যাতে আমি সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয় স্তৰত উপনীত হ’ব পাৰো। কিন্তু আমি এইটো ধৰি লোৱাটো ভুল হ’ব যে কেৱল প্ৰযুক্তিগত সমাধানে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ আমাক সহায় কৰিব পাৰে। আমাৰ মূল্যবোধ, দৃষ্টিভংগী, জীৱনশৈলী আৰু সমাজৰ পৰিৱৰ্তন আনিলে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ পৰ্যাপ্তভাৱে হ্ৰাস কৰাটো সম্ভৱ নহ’ব। প্ৰাচীন ভাৰতীয় বিশ্বাসে পৃথিৱীক আমাৰ মাতৃ আৰু আমি সকলোকে তাইৰ সন্তান হিচাপে গণ্য কৰে। যদি আমি এই গ্ৰহটোক আমাৰ মাতৃ হিচাপে গণ্য কৰোঁ তেন্তে আমি ইয়াক কেৱল সন্মান আৰু সংৰক্ষণ কৰিব পাৰিম আৰু ইয়াৰ ক্ষতি কৰিব নোৱাৰো। আমি এইটোও মনত ৰখা উচিত যে এই ঘৰ, আমাৰ পৃথিৱীখনেই হৈছে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আস্থাত ৰখা উত্তৰাধিকাৰ আৰু ই আমাৰ মালিকানাধীন সম্পত্তি নহয়।

মাননীয় অধ্যক্ষ,

তৃতীয় বিষয়টো হ’ল ভাৰত-প্ৰশান্ত মহাসাগৰ, যিটো আমাৰ বিভক্ত অঞ্চল। ই বিশ্বৰ ৫০% জনসংখ্যা থকা অঞ্চল আৰু ধৰ্ম, সংস্কৃতি, ভাষা, ইতিহাস আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বিপুল বৈচিত্ৰ্য। কিন্তু ই বহু উত্তৰহীন প্ৰশ্ন আৰু অমীমাংসিত বিবাদৰ সৈতেও এক অঞ্চল। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আমাৰ অস্তিত্বৰ এক অবিচ্ছেদ্য অংশ। ই আমাৰ জীৱনৰেখা হৈ আহিছে, আৰু লগতে বাণিজ্য আৰু সমৃদ্ধিৰ বাবে ঘাইপথ হৈ আহিছে। প্ৰতিটো অৰ্থতে ই আমাৰ ভাগ-বতৰা কৰা ভৱিষ্যতৰ চাবিকাঠি। সেয়ে ২০১৮ চনৰ জুন মাহত ছিংগাপুৰত কৈছিলোঁ যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ততা, সংহতি আৰু ভাৰসাম্য নিশ্চিত কৰাৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব। ইয়াৰ দ্বাৰাহে জাতিসমূহৰ মাজত বিশ্বাস নিশ্চিত হ’ব। ইয়াৰ দ্বাৰাহে নিয়মভিত্তিক শৃংখলা আৰু বহুপক্ষীয়তাবাদ অব্যাহত থকাটো নিশ্চিত হ’ব।

মাননীয় অধ্যক্ষ,

৪ বছৰ পূৰ্বে মই ভাৰত মহাসাগৰ অঞ্চলৰ বাবে ভাৰতৰ দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতিক S.A.G.A.R ৰূপত উপস্থাপন কৰিছিলোঁ, যিটো হিন্দীৰ এটা শব্দ যাৰ অৰ্থ ‘সাগৰ’। এই সংক্ষিপ্ত ৰূপটোৰ অৰ্থ হৈছে অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা, যিটো ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ বাবে আমাৰ বাবে এক ব্লুপ্ৰিণ্ট।

আজি মই পুনৰবাৰ এই অন্তৰ্ভুক্তিৰ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বিচাৰিছো। মই এইটো পুনৰ ক’ব বিচাৰিছো যে ভাৰতে নিজৰ সামৰ্থ্য আৰু শক্তিক কেৱল নিজৰ সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবেই ব্যৱহাৰ নকৰে।আমি অঞ্চলটোৰ আন দেশসমূহৰ সামৰ্থ্য বিকাশৰ বাবেও চেষ্টা কৰিম, দুৰ্যোগৰ সময়ত সকলোৰে বাবে ভাগ-বতৰা কৰা নিৰাপত্তা, সমৃদ্ধি আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁলোকৰ ওচৰলৈ মানৱীয়তাৰে হাত আগবঢ়াবলৈ চেষ্টা কৰিম৷ এখন সক্ষম, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত কেৱল দক্ষিণ এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলতে নহয়, সমগ্ৰ বিশ্বতে শান্তি, উন্নয়ন আৰু নিৰাপত্তাৰ এক শক্তিশালী স্তম্ভ হ’ব৷

মাননীয় অধ্যক্ষ,

এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আৰু নীল অৰ্থনীতিৰ পৰা লাভৱান হ’বলৈ সহযোগিতা কৰাৰ ক্ষেত্ৰত আমাৰ মালদ্বীপতকৈ উপযুক্ত অংশীদাৰ থাকিব নোৱাৰে। কাৰণ আমি সামুদ্ৰিক প্ৰতিবেশী। কাৰণ আমি বন্ধু। আৰু বন্ধুৰ মাজত ডাঙৰ বা সৰু, শক্তিশালী বা দুৰ্বল কোনো নাই। শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী চুবুৰী এটাৰ ভেটি বিশ্বাস, সদিচ্ছা আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল। এই বিশ্বাসৰ পৰাই উদ্ভৱ হৈছে যে আমি ইজনে সিজনৰ চিন্তা আৰু স্বাৰ্থৰ প্ৰতি সংবেদনশীল হ’ম। যাতে আমি দুয়োজনে অধিক সমৃদ্ধি আৰু অধিক নিৰাপত্তা লাভ কৰিব পাৰো।

এইটো তেতিয়াহে সম্ভৱ, যেতিয়া অসুবিধাৰ সময়তো আমাৰ পাৰস্পৰিক বিশ্বাস আৰু আত্মবিশ্বাস শক্তিশালী হ’ব৷

মাননীয় অধ্যক্ষ,

"বসুধৈৱ কুটুম্বকম” আমাৰ দৰ্শন আৰু নীতি দুয়োটা। ইয়াৰ অৰ্থ হ'ল সমগ্ৰ পৃথিৱীখন মাথোঁ এটা পৰিয়াল। আমাৰ যুগৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি মহাত্মা গান্ধীয়ে কৈছিল "আমাৰ প্ৰতিবেশী দেশলৈ আমাৰ সেৱা সম্প্ৰসাৰণৰ কোনো সীমা নাই"।ভাৰতে সদায় ইয়াৰ কৃতিত্বসমূহ বিশ্বৰ সৈতে আৰু বিশেষকৈ তেওঁৰ ওচৰ-চুবুৰীয়াসকলৰ সৈতে ভাগ-বতৰা কৰি আহিছে৷ গতিকে আমাৰ উন্নয়ন অংশীদাৰিত্ব মানুহক শক্তিশালী কৰাৰ বাবে আৰু তেওঁলোকক দুৰ্বল কৰাৰ বাবে নহয়। নতুবা আমাৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ নহয় নাইবা ভৱিষ্যত প্ৰজন্মৰ কান্ধত ঋণৰ অসম্ভৱ বোজা জাপি দিবলৈও নহয়।

মাননীয় অধ্যক্ষ,

এইটো এটা জটিল পৰিৱৰ্তনৰ সময়, প্ৰত্যাহ্বানৰে ভৰা সময়। অৱশ্যে প্ৰত্যাহ্বানেও সুযোগ আনে। আজি মালদ্বীপ আৰু ভাৰতত এই সুযোগ আহিছেঃ

●  বিশ্বৰ বাবে ভাল প্ৰতিৱেশী আৰু বন্ধু হোৱাৰ এক আদৰ্শ স্থাপন কৰা;

● আমাৰ সহযোগিতাৰ জৰিয়তে সমৃদ্ধিৰ সূচনা কৰা যাতে আমাৰ জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক আকাংক্ষা পূৰণ হয়;

● আমাৰ অঞ্চলত সুস্থিৰতা, শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰা;

● বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাগৰীয় পথৰ সুৰক্ষা নিশ্চিত কৰা;

● সন্ত্ৰাসবাদক পৰাস্ত কৰিবলৈ;

● সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক লালন-পালন কৰা শক্তিসমূহক আমাৰ উপকূলৰ পৰা আঁতৰাই ৰখা;

● সুস্থ আৰু পৰিষ্কাৰ পৰিৱেশৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন আনিবলৈ।

ইতিহাস আৰু আমাৰ জনসাধাৰণে আশা কৰিব যে আমি এই সুযোগসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিম আৰু সেইবোৰ অথলে যাবলৈ নিদিওঁ। ভাৰতে এই প্ৰচেষ্টাসমূহত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ তথা মালদ্বীপৰ সৈতে নিজৰ অমূল্য বন্ধুত্ব গভীৰ কৰি তুলিবলৈ দৃঢ় সংকল্পবদ্ধ। আজি মই আপোনালোকক এই প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছো।

আপোনালোকৰ মাজত থকাৰ বাবে আপোনালোকে মোক যি বিশেষাধিকাৰ প্ৰদান কৰিলে আৰু মোক যি সন্মান দিলে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো। বন্ধুত্বৰ বাবে ধন্যবাদ জনাইছো।

আপোনাক সকলোকে বহুত বহুত ধন্যবাদ৷

***

DS/LP/DB


(Release ID: 1869217) Visitor Counter : 105