কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২০২৩-২৪ চনৰ বিপণন বৰ্ষৰ বাবে সকলো ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যত অনুমোদন কেবিনেটৰ


ৰেপচিড আৰু সৰিয়হৰ ব্যয়ত ১০৪ শতাংশ, ঘেঁহুৰ বাবে ১০০ শতাংশ, মচুৰ দাইলৰ বাবে ৮৫ শতাংশ; বুটমাহৰ বাবে ৬৬ শতাংশ; যৱৰ বাবে ৬০ শতাংশ; আৰু কুসুমৰ বাবে ৫০ শতাংশ ৰিটাৰ্ণৰ হাৰ নিৰ্ধাৰণ

Posted On: 18 OCT 2022 1:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী বৈঠকত ২০২৩-২৪ৰ বিপণন বৰ্ষৰ বাবে সকলো ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য(এমএছপি)ত অনুমোদন জনোৱা হৈছে।

চৰকাৰে ২০২৩-২৪ৰ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ এমএছপি বৃদ্ধি কৰিছে, যাতে খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য নিশ্চিত কৰিব পাৰে। এমএছপিৰ নিৰংকুশ সৰ্বাধিক বৃদ্ধিৰ অনুমোদন জনাইছে। সেই অনুসৰি মচুৰ দাইলৰ বাবে প্ৰতি কুইণ্টলত ৫০০টকা আৰু ৰেপচিড আৰু সৰিয়হৰ প্ৰতি কুইণ্টলত ৪০০ টকা বৃদ্ধিত অনুমোদন জনোৱা হৈছে। কুসুমৰ বাবে প্ৰতি কুইণ্টলত ২০৯ টকা বৃদ্ধিৰ অনুমোদন জনাইছে। ঘেঁহু, বুটমাহ আৰু যৱৰ বাবে প্ৰতি কুইণ্টলত ক্ৰমে ১১০ আৰু ১০০ টকাকৈ বৃদ্ধিৰ অনুমোদন জনোৱা হৈছে।

২০২৩-২৪ৰ বিপণন বৰ্ষৰ বাবে সকলো ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য

 (প্ৰতি কুইণ্টলত টকাৰ হিচাপত)

ক্ৰ.নং

শস্য

এমএছপি

আৰএমএছ

২০২২-২৩

এমএছপি

আৰএমএছ

২০২৩-২৪

২০২৩-২৪ বৰ্ষত আৰএমএছ উৎপাদন ব্যয়

এমএছপি বৃদ্ধি (নিৰংকুশ)

ব্যয়ৰ বিপৰীতে ৰিটাৰ্ণ(প্ৰতি কুইণ্টলত)

ঘেঁহু

২০১৫

২১২৫

১০৬৫

১১০

১০০

বাৰ্লি

১৬৩৫

১৭৩৫

১০৮২

১০০

৬০

বুটমাহ

৫২৩০

৫৩৩৫

৩২০৬

১০৫

৬৬

মছুৰ

৫৫০০

৬০০০

৩২৩৯

৫০০

৮৫

ৰেপছীড আৰু সৰিয়হ

৫০৫০

৫৪৫০

২৬৭০

৪০০

১০৪

কুসুম

৫৪৪১

৫৬৫০

৩৭৬৫

২০৯

৫০

*এই ব্যয়ে সকলো পৰিশোধ কৰা বুজায়। ইয়াত ভাড়াতীয়া মানৱ শ্ৰমৰ বাবদ হোৱা ব্যয়,  যন্ত্ৰৰ শ্ৰম,  ভূমি লিজত দিয়াৰ ভাড়া, বীজ, সাৰ, গোবৰ, জলসিঞ্চনৰ মাছুলৰ দৰে সামগ্ৰীৰ ব্যৱহাৰৰ বাবে হোৱা ব্যয়, সঁজুলি আৰু পামৰ মূল্য হ্ৰাস, কাৰ্য্যকৰী মূলধনৰ সুত, পাম্প চেট চলোৱাৰ বাবে ডিজেল/বিদ্যুৎ আৰু শ্ৰমিকৰ বাবদ আৰোপিত ধনৰ বাবদ হোৱা ব্যয় অন্তৰ্ভূক্ত।

২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটত কৰা ঘোষণা অনুসৰি ২০২৩-২৪ৰ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ বাবে এমএছপি বৃদ্ধি কৰা হৈছে। এই এমএছপি সৰ্বভাৰতীয় গড় উৎপাদন ব্যয়ৰ ডেৰ গুণ লীজত নিৰ্ধাৰণ কৰা হৈছে, যিটোৱে যুক্তিসংগতভাৱে কৃষকসকলক উচিত পাৰিতোষিক প্ৰদান কৰে। ৰেপচিড আৰু সৰিয়হৰ বাবে সৰ্বোচ্চ লাভৰ হাৰ ১০৪ শতাংশ, ঘেঁহুৰ বাবে ১০০ শতাংশ, মচুৰ দাইলৰ বাবে ৮৫ শতাংশ; বুটমাহৰ বাবে ৬৬ শতাংশ; যৱৰ বাবে ৬০ শতাংশ; আৰু ৫০ শতাংশ কুসুমৰ বাবে ৰিটাৰ্ণ নিৰ্ধাৰণ কৰা হৈছে।

২০১৪-১৫বৰ্ষৰ পৰা তৈলবীজ আৰু মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত পুনৰ মনোনিৱেশ কৰা হৈছে। এই প্ৰচেষ্টা যথেষ্ট ফলপ্ৰসূ হৈছে। তৈলবীজৰ উৎপাদন ২০১৪-১৫ চনত ২৭.৫১ মিলিয়ন টনৰ পৰা ২০২১-২২ চনত ৩৭.৭০ মিলিয়ন টনলৈ বৃদ্ধি পাইছে। মাহজাতীয় শস্য উৎপাদনেও একেধৰণৰ বৃদ্ধিৰ ধাৰা দেখুৱাইছে। কৃষকৰ পথাৰত নতুন জাতৰ বীজ প্ৰৱৰ্তনৰ বাবে বীজ মিনিকিটছ কাৰ্যসূচী এটা প্ৰধান আহিলা আৰু ই বীজ প্ৰতিস্থাপনৰ হাৰ বৃদ্ধিৰ বাবে সহায়ক হ’ব।

২০১৪-১৫চনৰ পৰা মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদনশীলতা যথেষ্ট বৃদ্ধি পাইছে। মাহজাতীয় শস্যৰ ক্ষেত্ৰত উৎপাদনশীলতা ৭২৮ কিলোগ্ৰাম/হেক্টৰ (২০১৪-১৫)ৰ পৰা ৮৯২ কিলোগ্ৰাম/হেক্টৰলৈ বৃদ্ধি কৰা হৈছে, অৰ্থাৎ ২২.৫৩% বৃদ্ধি কৰা হৈছে। একেদৰে তৈলবীজ শস্যত উৎপাদনশীলতা ১০৭৫ কিলোগ্ৰাম/হেক্টৰ (২০১৪-১৫)ৰ পৰা ১২৯২ কিলোগ্ৰাম/হেক্টৰলৈ বৃদ্ধি কৰা হৈছে।

চৰকাৰে তৈলবীজ আৰু মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি আৰু ইয়াৰ ভিত্তিত আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্য পূৰণ কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এলেকা সম্প্ৰসাৰণৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰা, উচ্চ উৎপাদনশীল জাত, এমএছপি সমৰ্থন আৰু ক্ৰয়ৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধি কৰাৰ দৰে কৌশল প্ৰণয়ন কৰা হৈছে।

চৰকাৰে দেশৰ কৃষি খণ্ডত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ব্যৱহাৰৰ জৰিয়তে স্মাৰ্ট কৃষি পদ্ধতি গ্ৰহণৰ প্ৰসাৰো কৰিছে। চৰকাৰে ডিজিটেল এগ্ৰিকালচাৰ মিছন (ডিএএম), য’ত ভাৰত ডিজিটেল ইক’চিষ্টেম অৱ এগ্ৰিকালচাৰ (আইডিইএ), কৃষক ডাটাবেছ, ইউনিফাইড ফাৰ্মাৰ্ছ ছাৰ্ভিচ ইণ্টাৰফেচ (ইউএফএছআই), নতুন প্ৰযুক্তিৰ ওপৰত ৰাজ্যসমূহক পুঁজি প্ৰদান (নেগপা), মহালানবিছ ৰাষ্ট্ৰীয় শস্যৰ পূৰ্বাভাস পুনৰুজ্জীৱিত কৰা কেন্দ্ৰ (এমএনচিএফচি), ভূমিৰ স্বাস্থ্য, উৰ্বৰতা আৰু প্ৰফাইল মেপিং ৰূপায়ণ কৰিছে। নেগপা কাৰ্যসূচীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং (এআই/এমএল), ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি), ব্লক চেইন আদি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ডিজিটেল কৃষি প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰসমূহক পুঁজি প্ৰদান কৰা হয়। কৃষি খণ্ডত দ্ৰোণ প্ৰযুক্তি গ্ৰহণ কৰা হৈছে। স্মাৰ্ট কৃষি পদ্ধতি প্ৰসাৰিত কৰিবলৈ চৰকাৰে কৃষি খণ্ডত ষ্টাৰ্টআপৰ প্ৰসাৰ কৰাৰ লগতে আৰু কৃষি উদ্যোগীসকলৰ যত্ন লৈছে।

 

***

DS/DB



(Release ID: 1869120) Visitor Counter : 217