প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ত্ৰয়োদশ ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি বক্তব্য

Posted On: 09 SEP 2021 1:32PM by PIB Guwahati

মহামহিম ৰাষ্ট্ৰপতি পুটিন, ৰাষ্ট্ৰপতি জি, ৰাষ্ট্ৰপতি ৰামাফোছা, ৰাষ্ট্ৰপতি বলছ’নাৰো,

নমস্কাৰ,

মই আপোনালোক সকলোকে এই ব্ৰিকছ সন্মিলনলৈ আদৰণি জনাইছো। ব্ৰিকছৰ ১৫ বছৰীয়া জয়ন্তী উপলক্ষে এই সন্মিলনৰ অধ্যক্ষতা কৰাটো মোৰ বাবে আৰু ভাৰতৰ বাবে অতি আনন্দৰ বিষয়৷ আজিৰ সন্মিলনৰ বৈঠকৰ বিশদ কাৰ্যসূচী আপোনালোকে জানে। যদি আপোনালোক সকলোৱে একমত হয় আমি এই বিষয়বোৰ গ্ৰহণ কৰিব পাৰো। ধন্যবাদ, বিষয়বোৰ এতিয়া গ্ৰহণ কৰা হৈছে।

মহামহিমসকল!

এই বিষয় গ্ৰহণ কৰিলে আমি সকলোৱে আমাৰ মুকলি ভাষণ চমুকৈ দিব পাৰিম। মই প্ৰথমে মোৰ মুকলি ভাষণ প্ৰদান কৰাৰ সুবিধা লৈছো। তাৰ পিছত আপোনালোকৰ ভাষণৰ বাবে প্ৰতিজন মহামহিমক আমন্ত্ৰণ জনাম।

এই সন্মিলনত অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতে ব্ৰিকছৰ অংশীদাৰসকলৰ পৰা আৰু সকলোৰে পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে আৰু ইয়াৰ বাবে মই আপোনালোক সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞ। যোৱা ডেৰ দশকত ব্ৰিকছৰ প্লেটফৰ্মে কেইবাটাও সাফল্যৰ সাক্ষী হৈছে। আজি আমি বিশ্বৰ উদীয়মান অৰ্থনীতিৰ বাবে এক প্ৰভাৱশালী কণ্ঠস্বৰ। উন্নয়নশীল দেশসমূহৰ অগ্ৰাধিকাৰসমূহৰ ওপৰতো মনোযোগ কেন্দ্ৰীভূত কৰাৰ বাবেও এই মঞ্চ উপযোগী হৈ আহিছে।

ব্ৰিকছে নিউ ডেভেলপমেণ্ট বেংক, আকষ্মিক সংৰক্ষণ ব্যৱস্থাপনা আৰু শক্তি গৱেষণা সহযোগিতা মঞ্চৰ দৰে শক্তিশালী প্ৰতিষ্ঠানৰ সৃষ্টি কৰিছে। এই সকলোবোৰ অতি শক্তিশালী প্ৰতিষ্ঠান। আমি যে গৌৰৱ কৰিব পৰা বহুত কিবাকিবি আছে তাত কোনো সন্দেহ নাই। অৱশ্যে আমি অধিক আত্মসন্তুষ্টি নোপোৱাটোও গুৰুত্বপূৰ্ণ আৰু আগন্তুক ১৫ বছৰত ব্ৰিকছ যাতে আৰু অধিক ফলপ্ৰসূ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

ভাৰতে নিজৰ অধ্যক্ষৰ কাৰ্যকালৰ বাবে যিটো বিষয়বস্তু বাছি লৈছে, সেইটোৱেই ঠিক এই অগ্ৰাধিকাৰক প্ৰদৰ্শন কৰিছে- ‘BRICS@15: Intra BRICS Cooperation for Continuity, Consolidation and Consensus’। এই চাৰিটা চি এক প্ৰকাৰে আমাৰ ব্ৰিকছ অংশীদাৰিত্বৰ মৌলিক নীতি।

এই বছৰ ক’ভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মাজতো ১৫০খনতকৈও অধিক ব্ৰিকছৰ সভা আৰু কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, ইয়াৰে ২০খনতকৈও অধিক মন্ত্ৰী পৰ্যায়ৰ বৈঠক আছিল। পৰম্পৰাগত ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে আমি ব্ৰিকছৰ কাৰ্যসূচী আৰু অধিক সম্প্ৰসাৰণৰ বাবেও প্ৰচেষ্টা হাতত লৈছো। এনে প্ৰেক্ষাপটত ব্ৰিকছে কেইবাটাও ‘প্ৰথম’ লাভ কৰিছে অৰ্থাৎ প্ৰথমবাৰৰ বাবে কৰা কেইবাটাও কৰিছে। মাত্ৰ শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে ব্ৰিকছ ডিজিটেল সন্মিলন অনুষ্ঠিত হৈছিল। প্ৰযুক্তিৰ সহায়ত স্বাস্থ্যৰ সুবিধা বৃদ্ধিৰ বাবে এয়া এক অভিনৱ পদক্ষেপ। নৱেম্বৰ মাহত আমাৰ জলসম্পদ মন্ত্ৰীসকলৰ বৈঠক প্ৰথমবাৰৰ বাবে ব্ৰিকছ ফৰ্মেটত হ’ব। ব্ৰিকছে ‘বহুপাক্ষিক ব্যৱস্থা শক্তিশালী আৰু সংস্কাৰ’ৰ ক্ষেত্ৰতো প্ৰথমবাৰৰ বাবে সামূহিক স্থিতি গ্ৰহণ কৰিছে।

আমি ব্ৰিকছৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্য্য পৰিকল্পনাও গ্ৰহণ কৰিছো। আমাৰ মহাকাশ সংস্থাসমূহৰ মাজত ৰিম’ট ছেন্সিং ছেটেলাইট কনষ্টেলেচনৰ চুক্তিৰ জৰিয়তে সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। আমাৰ শুল্ক বিভাগসমূহৰ মাজত সহযোগিতাৰ ফলত ব্ৰিকছৰ ভিতৰৰ বাণিজ্য সহজ হৈ পৰিব।ভাৰ্চুৱেল ব্ৰিকছ টিকাকৰণ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ আৰম্ভ কৰাৰ ক্ষেত্ৰতো এক ঐকমতত উপনীত হৈছে। সেউজ পৰ্যটনৰ ওপৰত ব্ৰিকছ মিত্ৰতাও আন এক নতুন পদক্ষেপ।

মহামহিমসকল!

এই সকলোবোৰ নতুন পদক্ষেপে কেৱল আমাৰ নাগৰিকসকলক উপকৃত কৰাই নহয়, অনাগত বছৰসমূহতো এটা প্ৰতিষ্ঠান হিচাপে ব্ৰিকছক প্ৰাসংগিক হৈ থাকিবলৈ সক্ষম কৰিব। মই নিশ্চিত যে আজিৰ বৈঠকে ব্ৰিকছক আৰু অধিক উপযোগী কৰাৰ বাবে  আমাক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব।

আমি গুৰুত্বপূৰ্ণ বিশ্ব আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰিম। মুকলি ভাষণৰ বাবে এতিয়া আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো।

***

DS/LP/DB




(Release ID: 1868484) Visitor Counter : 69