তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
১৪ অক্টোবৰ, শুকুৰবাৰে আকাশৱাণীৰ দ্বাৰা সন্ধিয়া ৭.২৫-৭.৪০ বজালৈ ১০০.১ এফএম গল্ড চেনেলত সম্প্ৰচাৰ হ’ব ভোটাৰ সজাগতা অনুষ্ঠানৰ দ্বিতীয় খণ্ড, "মতদাতা জংচন"
বিষয়বস্তু-এটা ভোটৰ শক্তি-এক ভোট কি তাকত
সমগ্ৰ দেশত ২৩টা ভাষাত সম্প্ৰচাৰ হ’ব মতদাতা জংচন অনুষ্ঠান
আকাশৱাণীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ সৈতে সহযোগিতা কৰি এফ এম গল্ড, এফএম ৰেইনব’, বিবিধি ভাৰতী ষ্টেচন আৰু আকাশৱাণীৰ প্ৰাইমেৰী চেনেলত ১৫ মিনিটকৈ ৫২টা খণ্ড সম্প্ৰচাৰ কৰিব
Posted On:
14 OCT 2022 10:05AM by PIB Guwahati
ভাৰতীয় নিৰ্বাচন আয়োগৰ সহযোগত আকাশৱাণীয়ে ভোটাৰ সজাগতা সম্পৰ্কীয় নতুন সাপ্তাহিক অনুষ্ঠান ‘মতদাতা জংচন’ আৰম্ভ কৰিছে। ১৪ অক্টোবৰ, শুকুৰবাৰে ১০০.১ এফএম গল্ড চেনেলত সন্ধিয়া ৭.২৫-৭.৪০বজালৈ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই আৰু হায়দৰাবাদত অনুষ্ঠানৰ দ্বিতীয় খণ্ড "মতদাতা জংচন" সম্প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানৰ বিষয়বস্তু হৈছে এটা ভোতৰ শক্তি বা এক ভোট কি তাকত।
অসমীয়া, বাংলা, ইংৰাজী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকনি, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধী, তামিল, তেলেগু, উৰ্দু, বডো, সন্থালী, মৈথিলী আৰু ড্ৰোগৰীকে ধৰি সমগ্ৰ দেশৰ ২৩টা ভাষাত প্ৰতি শুকুৰবাৰে ১৫ মিনিটৰ সাপ্তাহিক কাৰ্যসূচী প্ৰচাৰিত হ’ব৷
সন্ধিয়া ৭-৯ বজাৰ ভিতৰত এফ এম ৰেইনব’, বিবিধ ভাৰতী ষ্টেচন আৰু আকাশৱাণীৰ প্ৰাইমেৰী চেনেলত সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰা হ’ব। নাগৰিক সকলে ‘Twitter on @airnewsalerts, News On AIR’ এপপ আৰু আকাশৱাণীৰ YouTube চেনেলসমূহতো অনুষ্ঠানটো শুনিব পাৰিব।
এই সাপ্তাহিক কাৰ্যসূচীয়ে ভোটাৰ পৰিস্থিতিতন্ত্ৰৰ সকলো দিশ সামৰি লয়। প্ৰতিটো খণ্ড নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত এটা বিশেষ বিষয়বস্তুৰ ওপৰত আধাৰিত। এই ৫২টা বিষয়বস্তুৰ লক্ষ্য হৈছে সকলো যোগ্য নাগৰিক, বিশেষকৈ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক নিৰ্বাচনৰ সময়ত ভোটদান আৰু জ্ঞাত সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰা। কুইজ, বিশেষজ্ঞৰ সাক্ষাৎকাৰ আৰু ইচিআইৰ SVEEP (Systematic Voters’ Education and Electoral Participation) দলৰ দ্বাৰা প্ৰস্তুত কৰা গীতসমূহ প্ৰতিটো খণ্ডতে পৰিৱেশ কৰা হ’ব। এই কাৰ্যসূচীত চিটিজেন কৰ্ণাৰ অন্তৰ্ভুক্ত কৰা হৈছে য’ত যিকোনো নাগৰিকে ভোটদানৰ যিকোনো দিশৰ ওপৰত প্ৰশ্ন সুধিব বা পৰামৰ্শ আগবঢ়াব পাৰে।
****
Saurabh Singh/DB
(Release ID: 1867732)
Visitor Counter : 227