প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গন্ধাড়া গুড়ি ছবিৰ ট্ৰেইলাৰৰ মুক্তিত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
09 OCT 2022 12:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰ্গীয় কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ প্ৰিয় প্ৰকল্প গন্ধাড়া গুড়িৰ ট্ৰেইলাৰ মুকলিত শুভেচ্ছা জ্ঞাপন কৰে। ছবিখন কৰ্ণাটকৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বৰ্গীয় পুনীত ৰাজকুমাৰ সমগ্ৰ বিশ্বৰ কোটি কোটি লোকৰ হৃদয়ত আছে।
প্ৰয়াত কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ পত্নী অশ্বিনী পুনীত ৰাজকুমাৰৰ এটা টুইটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আপ্পুৱে বিশ্বৰ কোটি কোটি লোকৰ হৃদয়ত বাস কৰে। তেওঁ প্ৰতিভাশালী, শক্তিৰে পৰিপূৰ্ণ আৰু অতুলনীয় প্ৰতিভাৰে সমৃদ্ধ আছিল। গন্ধাড়া গুড়ি কৰ্ণাটকৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পাৰিপাৰ্শ্বিক সুৰক্ষাৰ প্ৰতি, প্ৰকৃতি মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। এই প্ৰচেষ্টালৈ মোৰ শুভেচ্ছা। "
*****
DS/TS/RD
(रिलीज़ आईडी: 1867150)
आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam