প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ বদোদৰাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

তেওঁ পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰে

Posted On: 04 OCT 2022 4:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ অনুদান প্ৰদানৰ কথাও ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকা দিয়া হ'ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

"বদোদৰা জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে দুখিত। শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকা দিয়া হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'ব। "

 

*****

DS/TS/RD



(Release ID: 1866487) Visitor Counter : 81