প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত বাছ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
Posted On:
08 OCT 2022 9:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা বাছ দুৰ্ঘটনাত মৃত লোকসকলৰ আত্মীয়লৈ ২লাখকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়,
“নাছিকৰ বাছ দুৰ্ঘটনাক লৈ মৰ্মাহত হৈছো৷ এই দুৰ্ঘটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ স্থানীয় প্ৰশাসনে পীড়িত লোকসকলক সম্ভাব্য সকলো ধৰণৰ সাহাৰ্য আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi”
"নাছিকৰ বাছত সু্ত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত যিসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi"
******
DS/ST/DB
(Release ID: 1866035)
Visitor Counter : 134
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam