প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰাখণ্ডৰ পৌৰীত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 05 OCT 2022 9:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰখণ্ডৰ পৌৰীত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"উত্তৰাখণ্ডৰ পৌৰীত সংঘটিত বাছ দুৰ্ঘটনাটোক লৈ শোকাহত হৈছো। মই এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলো। উদ্ধাৰ অভিযান অব্যাহত আছে। ভুক্তভোগীসকললৈ সম্ভৱপৰ সকলোধৰণৰ সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী মোদী।"

***

DS/ST/SB



(Release ID: 1865759) Visitor Counter : 83