প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ লুহনু, বিলাসপুৰত ৩৬৫০ কোটি টকাৰো অধিক ব্যয়ৰ একাধিক পৰিকল্পনাৰ শিলান্যাস আৰু লোকাৰ্পণ কৰে


প্ৰধানমন্ত্ৰীয়ে এইমছ বিলাসপুৰ ৰাষ্ট্ৰক সমৰ্পিত কৰে

প্ৰধানমন্ত্ৰীয়ে বন্দলাত চৰকাৰী হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰীয়ে নালাগড়ত মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰীয়ে ১৬৯০ কোটি টকাৰো অধিক ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনোৱাৰ পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে

"মই নিৰন্তৰ হিমাচল প্ৰদেশৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী হোৱাৰ সুযোগ পাইছো"

"আমাৰ চৰকাৰে নিশ্চিত ৰূপত সেই পৰিকল্পনাৰ লোকাৰ্পণ কৰে, যাৰ আমি শিলান্যাস কৰোঁ"

"ৰাষ্ট্ৰ ৰক্ষাত সদায়েই হিমাচলৰ বৃহৎ যোগদান আছে, আৰু এতিয়া বিলাসপুৰত নতুন এইমছ উদ্বোধনৰ লগে লগে, ই 'জীৱন ৰক্ষা'তো মহত্বপূৰ্ণ ভূমিকা পালন কৰিব"

"সকলোৰে বাবে জীৱনৰ গৰিমা সুনিশ্চিত কৰাটো আমাৰ চৰকাৰৰ প্ৰাথমিকতা"

"মাতৃ ভগ্নী কন্যাসকলৰ সুখ, সুবিধা, সন্মান, সুৰক্ষা আৰু স্বাস্থ্য ডবল ইঞ্জিন চৰকাৰৰ বহুত ডাঙৰ প্ৰাথমিকতা"

"মেড ইন ইণ্ডিয়া 5জি সেৱা আৰম্ভ হৈ গ'ল, আৰু শীঘ্ৰেই হিমাচলত লাভ উপলব্ধ হ'ব"

Posted On: 05 OCT 2022 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ঘাইপথ-১০৫ত পঞ্জৌৰৰ পৰা নালাগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনোৱাৰ বাবে প্ৰায় ৩১ কিলোমিটাৰ দীঘল পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে, যাৰ ব্যয় ১৬৯০ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে এইমছ, বিলাসপুৰৰ লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে নালাগড়ত ৩৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত হ'বলগা মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত বান্দলাত গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজৰ উদ্বোধন কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বিজয়াদশমীৰ পৱিত্ৰ উপলক্ষত সকলোকে অভিনন্দন জনায়। তেওঁ কয় যে এই পৱিত্ৰ পৰ্বই সকলোকে প্ৰতিটো বাধা অতিক্ৰম কৰি সংকল্পিত 'পঞ্চ প্ৰতিজ্ঞা'ৰ পথত আগুৱাবলৈ নতুন শক্তি প্ৰদান কৰিব। তেওঁ কয় যে বিজয়াদশমীৰ উপলক্ষত হিমাচললৈ অহাৰ সুযোগ পোৱাটো ভৱিষ্যতৰ প্ৰতিটো জয়ৰ বাবে শুভ সংকেত।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিলাসপুৰে স্বাস্থ্য আৰু শিক্ষাৰ দুটা উপহাৰ পালে। তেওঁ কুল্লূ দশেহৰাত ভাগ লোৱাৰ সুযোগ পোৱাত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ভগৱান ৰঘুনাথ জীক প্ৰাৰ্থনা কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৰণি সময়কো মনত পেলায় যেতিয়া তেওঁ আৰু তেওঁৰ সহযোগীয়ে কাম কৰিছিল আৰু অঞ্চলটোত আছিল। তেওঁ কয়, "মোৰ নিৰন্তৰ হিমাচল প্ৰদেশৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী হোৱাৰ সৌভাগ্য হৈছে।"

হিমাচল প্ৰদেশত যোৱা বছৰবিলাকত হোৱা বিকাশৰ বিষয়ে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া জনসাধাৰণৰ মত যি সকলো বিকাশ কাৰ্যৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ ৰাজ্য আৰু কেন্দ্ৰত জনসাধাৰণৰ বিশ্বাসক সুবাদ দিয়ে যি সকলো বিকাশ কাৰ্যক গতি দিছে।

তেওঁ কয় যে দীৰ্ঘ সময় ধৰি এই ভাবনাই আছিল যে শিক্ষা, পথ, উদ্যোগ, হাস্পতালৰ দৰে সুবিধাৰাজি ডাঙৰ চহৰৰ বাবেহে হয়। পাহাৰীয়া অঞ্চলৰ কথা আহিলে, তালৈ প্ৰধান সুবিধাবোৰো সকলোতকৈ শেষত গৈ পাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত দেশৰ বিকাশত যথেষ্ট অসন্তুলন সৃষ্টি হৈছিল। তেওঁ কয় যে হিমাচল প্ৰদেশৰ মানুহে সৰু সৰু কথাৰ বাবে চণ্ডীগড় বা দিল্লীলৈ যাবলৈ বাধ্য হয়। অৱশ্যে যোৱা ৮ বছৰত, ডবল-ইঞ্জিনৰ চৰকাৰে সেয়া সকলো সলাই দিলে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি হিমাচল প্ৰদেশ আইআইটি, আইআইএম আৰু আইআইআইটিৰ দৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়েৰে সুসজ্জিত। শ্ৰী মোদীয়ে কয় যে এইমছ, বিলাসপুৰে ভাৰতত চিকিৎসা শিক্ষাৰ শীৰ্ষ স্থানত আছে, সেয়ে ই বিলাসপুৰৰ গৰিমা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা আঠ বছৰত হিমাচল প্ৰদেশে বিকাশৰ নতুন উচ্চতা স্পৰ্শ কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে চৰকাৰত কামকাজৰ সলনি হোৱা শৈলীৰ ওপৰত আলোকপাত কৰি কয় যে এতিয়া পৰিকল্পনাৰ লোকাৰ্পণৰ স্পষ্ট সময়সীমাৰে শিলান্যাস কৰা হয়।

ৰাষ্ট্ৰ নিৰ্মাণত হিমাচল প্ৰদেশৰ যোগদানৰ বিষয়ে মন্তব্য কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে 'ৰাষ্ট্ৰ ৰক্ষা'ত সদায়েই হিমাচলৰ বৃহৎ যোগদান আছে আৰু এতিয়া বিলাসপুৰত নতুন এইমছ উদ্বোধনৰ লগে লগে ই 'জীৱন ৰক্ষা'তো মহত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ প্ৰত্যাহ্বান সত্বেও সময়মতে ইয়াক সম্পূৰ্ণ কৰা বাবে স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হিমাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে গৌৰৱৰ ক্ষণ, কিয়নো এয়া সেই তিনিখন ৰাজ্যৰ এখন যাক বাল্ক ড্ৰাগছ পাৰ্কৰ বাবে বাছনি কৰা হৈছে। হিমাচল প্ৰদেশো সেই চাৰিখন ৰাজ্যৰ এখন যাক মেডিকেল ডিভাইচ পাৰ্কৰ বাবে বাছনি কৰা হৈছে আৰু নালাগড় মেডিকেল ডিভাইচ পাৰ্ক ইয়াৰে অংশ। প্ৰধানমন্ত্ৰীয়ে কয়, "এয়া বীৰৰ ভূমি আৰু মই এই ভূমিৰ ঋণী।"

চিকিৎসা পৰ্যটন পদক্ষেপৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশত অসীম সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বায়ু, পৰিৱেশ আৰু বনৌষধ ৰাজ্যৰ বাবে বহুত লাভৰ স্ৰোত হ'ব পাৰে।

দুখীয়া আৰু মধ্যবিত্তৰ বাবে জীৱনৰ সুগমতা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ প্ৰয়াসৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দূৰৈৰ ঠাইবোৰত হাস্পতাল উপলব্ধ কৰাবলৈ আৰু চিকিৎসাৰ ব্যয় কম কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে। সেয়ে আমি এইমছৰ পৰা আৰম্ভ কৰি জিলা হাস্পতাল আৰু গাঁওবিলাকত ৱেলনেছ চেণ্টাৰত ক্ৰিটিকেল কেয়াৰলৈকে অবাধ কানেক্টিভিটীৰ ওপৰত কাম কৰি আছো। আয়ুষ্মান ভাৰত যোজনাই ৰাজ্যৰ অধিকাংশ পৰিয়ালক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে। সমগ্ৰ দেশত ৩ কোটিতকৈ অধিক ৰোগী ইয়াৰ লাভাৰ্থী, য'ত হিমাচলৰ পৰা ১.৫ লাখ লাভাৰ্থী আছে। চৰকাৰে সমগ্ৰ দেশত ৪৫,০০০ কোটি টকাৰো অধিক খৰচ কৰিছে, যাৰ ফলত ৰোগীৰ প্ৰায় ৯০,০০০ কোটি টকাৰ ৰাহি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃ ভগ্নী কন্যাসকলৰ সুখ, সুবিধা, সন্মান, সুৰক্ষা আৰু স্বাস্থ্য ডবল ইঞ্জিন চৰকাৰৰ বহুত ডাঙৰ প্ৰাথমিকতা। তেওঁ কয় যে সকলোৰে বাবে জীৱনৰ গৰিমা সুনিশ্চিত কৰাটো আমাৰ চৰকাৰৰ প্ৰাথমিকতা। তেওঁ মাতৃ আৰু ভগ্নীসকলৰ সবলীকৰণৰ বাবে শৌচালয় নিৰ্মাণ, বিনামূলীয়া গেছ কানেকচন, ছেনিটেৰী পেড বিতৰণ যোজনা, মাতৃ বন্দনা যোজনা আৰু ঘৰে ঘৰে পানী অভিযানৰ দৰে উপায়ৰ বিষয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় যোজনাক ভাবনা আৰু গতিৰে বলৱৎ কৰা তথা সিবিলাকৰ পৰিসৰ বিস্তাৰ কৰাত মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমৰ প্ৰশংসা কৰে। তেওঁ হৰ ঘৰ জল আৰু পেঞ্চনৰ দৰে সামাজিক সুৰক্ষা যোজনাৰ ৰূপায়ণৰ গতিৰ প্ৰশংসা কৰে।

এনেকৈ, হিমাচলত বহু পৰিয়াল ৱান ৰেংক ৱান পেঞ্চনৰ দ্বাৰা বহুত উপকৃত হৈছে। তেওঁ এশ শতাংশ কৰোণা টীকাকৰণ সম্পূৰ্ণ কৰা প্ৰথম ৰাজ্য হোৱা বাবে ৰাজ্যখনৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "হিমাচল সুযোগৰ ভূমি।" তেওঁ কয় যে ৰাজ্যখনত বিদ্যুৎ উৎপাদন হয়, সাৰুৱা মাটি আছে আৰু পৰ্য্যটনৰ কাৰণে সংস্থাপনৰ অসীম সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত ভাল কানেক্টিভিটীৰ অভাৱ আছিল যি এই সুযোগৰ সন্মুখত সবাতোকৈ ডাঙৰ বাধা হিচাপে কাম কৰিছিল। তেওঁ কয়, "২০১৪ৰ পৰা হিমাচল প্ৰদেশত গাঁৱে গাঁৱে সৰ্বোত্তম ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰদান কৰাৰ প্ৰয়াস কৰি থকা হৈছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ পথবিলাক ওখ কৰাৰ কামো চাৰিওফালে চলি আছে। তেওঁ কয়, "বৰ্তমান হিমাচলত কানেক্টিভিটীৰ কামত প্ৰায় ৫০,০০০ কোটি টকা খৰচ কৰি থকা হৈছে, যাৰ ফলত চণ্ডীগড় আৰু আম্বালাৰ পৰা বিলাসপুৰ, মণ্ডী আৰু মনালীলৈ যোৱা যাত্ৰীয়েও ইয়াৰ লাভ পাব।" প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ মানুহক অকাই পকাই যোৱা পথৰ পৰা মুক্ত কৰিবলৈ সুৰংগৰ জালো প্ৰসাৰিত কৰি থকা হৈছে।

ডিজিটেল ইণ্ডিয়াত নৱীনতম বিকাশৰ বিষয়ে চৰ্চা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল কানেক্টিভিটীৰ সন্দৰ্ভত হিমাচলতো অভূতপূৰ্ব কাম কৰা হৈছে। তেওঁ কয়, "যোৱা ৮ বছৰত, মেড ইন ইণ্ডিয়া মোবাইল ফোনো সস্তা হ'ল আৰু নেটৱৰ্ক গাঁৱলৈকে পোৱাই দিয়া হৈছে।" হিমাচল প্ৰদেশো উন্নত 4জি কানেক্টিভিটীৰ কাৰণে ডিজিটেল লেনদেনত দ্ৰুতগতিত আগবাঢ়ি আছে। তেওঁ কয়, "ডিজিটেল ইণ্ডিয়াৰ ফলত যদি কাৰোবাৰ সবাতোকৈ বেছি মুনাফা হৈছে তেন্তে তেওঁলোক হৈছে আপোনালোক হিমাচলৰ মানুহ।" প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বিল পৰিশোধ, বেংকৰ কাম, প্ৰৱেশ, আবেদন আদিত ন্যূনতম সময় লাগে।

দেশত 5জিৰ বিকাশত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এতিয়া দেশত প্ৰথমবাৰ, মেড ইন ইণ্ডিয়া 5জি সেৱাও আৰম্ভ হ'ল আৰু ইয়াৰ লাভ বহুত সোনকালেই হিমাচলক উপলব্ধ কৰোৱা হ'ব।" তেওঁ কয় যে ভাৰতত ড্ৰোণ নিয়ম সলনি হোৱাত পৰিবহনৰ বাবে তাৰ ব্যৱহাৰ বহুত বাঢ়ি যাব, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰো ইয়াৰ ফলত বহুত লাভ হ'ব। তেওঁ ড্ৰোণ নীতি অনা প্ৰথম ৰাজ্য হোৱা বাবে হিমাচল প্ৰদেশৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ সমাপ্ত কৰি কয়, "আমি এক প্ৰকাৰৰ বিকাশৰ বাবে প্ৰয়াসৰত যাৰ ফলত প্ৰত্যেক নাগৰিকৰ সুবিধা বাঢ়িব আৰু প্ৰত্যেক নাগৰিক সমৃদ্ধিৰে সংযুক্ত হ'ব। ই এখন বিকশিত ভাৰত আৰু বিকশিত হিমাচল প্ৰদেশৰ সংকল্প প্ৰতিপন্ন কৰিব।"

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ, সাংসদ তথা ভাজপাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জগত প্ৰকাশ নড্ডা আৰু সাংসদ তথা ভাজপাৰ প্ৰদেশ অধ্যক্ষ শ্ৰী সুৰেশ কুমাৰ কাশ্যপ এই অনুষ্ঠানত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

হিমাচল প্ৰদেশত বিভিন্ন পৰিকল্পনা

ৰাষ্ট্ৰীয় ঘাইপথ-১০৫ত পিঞ্জৌৰৰ পৰা নালাগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনৰ বনাবলৈ প্ৰায় ৩১ কিলোমিটাৰ দীঘল পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰে, যাৰ ব্যয় ১৬৯০ কোটি টকা। এই পথ পৰিকল্পনা আম্বালা, চণ্ডীগড়, পঞ্চকূলা আৰু সোলন/শিমলাৰ পৰা বিলাসপুৰ, মণ্ডী আৰু মনালীৰ দিশত যাবলগা যাতায়াতৰ বাবে এক প্ৰধান সম্পৰ্ক সংযোগ। চাৰি লেনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৮ কিলোমিটাৰৰ অংশ হিমাচল প্ৰদেশৰ অধীনত আহে আৰু শেষ ভাগ হৰিয়ানাত পৰে। এই ঘাইপথে হিমাচল প্ৰদেশৰ ঔদ্যোগিক কেন্দ্ৰ নালাগড়-বড্ডীত উন্নত পৰিবহন সুবিধা সুনিশ্চিত কৰিব আৰু অঞ্চলটোত ঔদ্যোগিক বিকাশকো গতি দিব। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনো লাভবান হ'ব।

 

এইমছ বিলাসপুৰ

এইমছ বিলাসপুৰ উদ্বোধনৰ মাধ্যমত দেশজুৰি স্বাস্থ্য সেৱাক শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিকোণ আৰু সংকল্পক পুনৰ প্ৰদৰ্শন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অক্টোবৰ ২০১৭ত ইয়াৰ শিলান্যাসো কৰিছিল। কেন্দ্ৰীয় স্তৰৰ যোজনা- প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ জৰিয়তে ইয়াক স্থাপন কৰা হৈছে।

এইমছ বিলাসপুৰ, ১৪৭০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত। এই অত্যাধুনিক হাস্পতালত ১৮টা স্পেচিয়েলিটী আৰু ১৭টা ছুপাৰ স্পেচিয়েলিটী বিভাগ, ১৮টা মড্যুলাৰ অপাৰেচন থিয়েটাৰ, ৬৪খন আইচিইউ বেডসহ ৭৫০খন বিছনা আছে। এই হাস্পতাল ২৪৭ একৰত বিয়পি আছে। ই ২৪ ঘণ্টা জৰুৰীকালীন আৰু ডায়লিছিছ সুবিধা, আল্ট্ৰাছনগ্ৰাফী, চিটিস্কেন, এমআৰআই আদিৰ দৰে আধুনিক ডয়োগ্নষ্টিক মেচিন, অমৃত ফাৰ্মাচী আৰু জন ঔষধী কেন্দ্ৰ আৰু ৩০খন বিচনাযুক্ত আয়ুষ ব্লকেৰে সুসজ্জিত। হাস্পতালখনে হিমাচল প্ৰদেশৰ আদিবাসী আৰু দুৰ্গম আদিবাসী অঞ্চলত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ ডিজিটেল স্বাস্থ্য কেন্দ্ৰও স্থাপন কৰিছে। লগতে, কাজা, সলূনী আৰু কেলাংগৰ দৰে দুৰ্গম আদিবাসী আৰু অধিক উচ্চতাত থকা হিমালয়ী ক্ষেত্ৰসমূহত স্বাস্থ্য শিবিৰৰ মাধ্যমত হাস্পতালৰ দ্বাৰা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব। এই হাস্পতালত বছৰি এমবিবিএছ ক'ৰ্ছৰ বাবে ১০০ ছাত্ৰ আৰু নাৰ্ছিং ক'ৰ্ছৰ বাবে ৬০ শিক্ষাৰ্থীক প্ৰৱেশ দিয়া হ'ব।

 

গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ, বন্দলা

প্ৰধানমন্ত্ৰীয়ে বন্দলাত গভৰ্ণমেণ্ট হাইড্ৰো ইঞ্জিনিয়াৰিং কলেজ উদ্বোধন কৰে। ইয়াত প্ৰায় ১৪০ কোটি টকাৰ ব্যয় হ'ব। এই কলেজৰ পৰা জলবিদ্যুৎ পৰিকল্পনাৰ বাবে প্ৰশিক্ষিত কৰ্মী উপলব্ধ কৰোৱাত সহায়ক হ'ব। হিমাচল প্ৰদেশ এই ক্ষেত্ৰত অগ্ৰণী ৰাজ্যসমূহৰ এখন। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰু জলবিদ্যুৎ ক্ষেত্ৰত সংস্থাপনৰ পৰ্যাপ্ত সুযোগ প্ৰদান কৰাত সহায়ক হ'ব।

 

মেডিকেল ডিভাইচ পাৰ্ক, নালাগড়

প্ৰধানমন্ত্ৰীয়ে নালাগড়ত প্ৰায় ৩৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত হ'বলগা মেডিকেল ডিভাইচ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। এই মেডিকেল ডিভাইচ পাৰ্কত উদ্যোগ স্থাপন কৰিবলৈ ৮০০ কোটি টকাৰো অধিক মূল্যৰ বুজাবুজি চুক্তিত আগতেই হস্তাক্ষৰ কৰা হৈছে। এই পৰিকল্পনাৰ ফলত অঞ্চলটোত সংস্থাপনৰ সুযোগত উল্লেখযোগ্য বৃদ্ধি হ'ব।

 

***

DS/TS



(Release ID: 1865511) Visitor Counter : 128