প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘এনআইএম উত্তৰকাশী’ৰ পৰ্বতাৰোহণ অভিযানৰ সময়ত হোৱা হিমস্খলনত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 04 OCT 2022 9:54PM by PIB Guwahati

‘এনআইএম উত্তৰকাশী’ৰ পৰ্বতাৰোহণ অভিযানৰ সময়ত হোৱা হিমস্খলনত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

“এনআইএম উত্তৰকাশী’ৰ পৰ্বতাৰোহণ অভিযানত অংশগ্ৰহণ কৰা বহুকেইটা মহামূল্যবান জীৱন আমি হেৰুৱাবলগীয়া হোৱাটো নিতান্তই বেদনাদায়ক কথা। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে”।

 

***

 

DS/TS/KB


(ৰিলিজ আই ডি : 1865443) অতিথি কক্ষ : 149