হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

বছৰটোৰ ‘বৃহত্তম অনাময় মহোত্সৱ’ৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি


‘স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব’ প্ৰতিপন্ন কৰা ৰাজ্য আৰু মহানগৰীসমূহক মাননীয় ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা

Posted On: 30 SEP 2022 1:07PM by PIB Guwahati

বছৰটোৰ ‘বৃহত্তম অনাময় মহোত্সৱ’ৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মহোত্সৱত’ স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব’ প্ৰতিপন্ন কৰা দেশৰ ৰাজ্য আৰু মহানগৰীসমূহক মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে বঁটা প্ৰদান কৰিব। নতুন দিল্লীৰ ‘তালকটোৰা ষ্টেডিয়াম’ত ১ অক্টোবৰত অনুষ্ঠিত হ’ব লগা “আজাদী @৭৫ স্বচ্ছ সৰ্বেক্ষন ২০২২” শীৰ্ষক এই মহোতসৱৰ আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ‘গৃহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা’ মন্ত্ৰালয়ে। মহানগৰসমূহক আৱৰ্জনা মুক্ত কৰি গঢ়ি তোলাৰ অভিলাসী লক্ষ্যৰে ২০২১ চনৰ ১ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰা ‘স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল ২.০’ আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষেই এই মহোত্সৱৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় ‘গৃহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা’ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, মন্ত্ৰায়লয়টোৰ ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰকে প্ৰমুখ্য কৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব লগা চহৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তথা পৌৰপতিসকল উপস্থিত থাকিব লগা বিভিন্ন শীতানত ১৬০টাৰো অধিক বঁটা প্ৰদান কৰা হ’ব। মহোত্সৱত মহানগৰ-প্ৰশাসক, বিভিন্ন খণ্ডসমূহৰে জড়িত সংশ্লিষ্ট পক্ষসমূহৰ প্ৰতিনিধিবৰ্গ, বিষয়-বিশেষজ্ঞ, যুৱ-সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গ, অনাময় কৰ্মী, ঔদ্যোগীক খণ্ডৰ প্ৰতিনিধিবৰ্গ, অনাময় আৰু আৱৰ্জনা প্ৰবন্ধন খণ্ডৰে জড়িত ‘ষ্টাৰ্টআপ’সমূহৰ পদাধিকাৰীসকল, বৌদ্ধিক প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থা আৰু চিএছঅসমূহৰ বিষয়ববীয়াসকলকে ধৰি মহোত্সৱখনত প্ৰায় ১৮০০ অতিথিয়ে অংশগ্ৰহণ কৰিব। দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰে স্থানীয় নাগৰিকসকলক মহোত্সৱৰ দৃশ্যাংশ পোন পতীয়াকৈ দেখুৱাব পৰাকৈ দেশৰ মহানগৰসমূহত স্ত্ৰীন সংস্থাপনৰো দিহা কৰা হৈছে।

‘স্বচ্ছ সৰ্বেক্ষণ’ৰ সূচকত বিগত বছৰবোৰত মহানগৰীসমহৰ সংখ্যা ক্ৰমাগত ভাবে বৃদ্ধি পোৱাৰ নিদৰ্শন লাভ কৰা গৈছে। ২০১৬ চনত দেশৰ ৭৩খন মহানগৰীত সমীক্ষা সম্পন্ন কৰাৰ বিপৰীতে ২০১৭ চনত এই সংখ্যা ৪৩৪খনলৈ বৃদ্ধি পাইছিল। স্বচ্ছ সৰ্বেক্ষণ সমীক্ষাৰ সপ্তম তাঙৰণটোৱে চহৰাঞ্চল স্বচ্ছতাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ব বৃহত্ সমীক্ষা হিচাপে অভিলেখ ৰচনা কৰিছিল। এই সমীক্ষাত ৪,৩৫৫খন মহানগৰীক সামৰি লোৱা হৈছিল। এই বছৰ পিপুল ফাৰ্ষ্টক মূল প্ৰাতিপাদ্য প্ৰসংগ হিচাপে লৈ অভুতপূৰ্ব ভাবে ৯ কোটি লোকৰ পৰা প্ৰতিক্ৰিয়া সংগ্ৰহ কৰা হৈছিল। যোৱাটো বৰ্ষত এই সংখ্যা আছিল ৫ কোটি।

২০২২ বৰ্ষৰ ‘স্বচ্ছ সৰ্বেক্ষণ’ত কেতবোৰ নতুন দিশ সংযোজিত কৰা হৈছিল। উদাহৰণ স্বৰূপে, সমীক্ষাই সামৰি লোৱা ‘ৱাৰ্ড’ৰ পৰিসৰ যোৱা বৰ্ষৰ ৪০শাতাংশৰ পৰা ১০০শতাংশলৈ বৃদ্ধি কৰা, প্ৰতিক্ৰিয়া গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিক আৰু যুৱ-প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া, ক্ষুদ্ৰ মহানগৰসমূহৰ ক্ষেত্ৰত বঁটা লাভৰ বাবে অধিক সুযোগৰ ব্যৱস্থা কৰা, নাগৰিকসকলৰ বাবে ‘চিটী ৰিপৰ্ট কাৰ্ড’ৰ দিহা কৰা, ‘স্বচ্ছ সৰ্বেক্ষণ ২০২২’ৰ ফলাফলৰ ভিত্তিত নাগৰিকসকলক তেওঁলোকৰ সংশ্লিষ্ট মহানগৰসমূহৰ অনাময় ব্যৱস্থাৰ স্থিতি অৱগত কৰাৰ ব্যৱস্থা কৰা, সকলো মহানগৰৰ বাবে ‘চাফাই মিত্ৰ সুৰক্ষা’ বাধ্যতামূলক কৰা আৰু নাগৰিকসকলৰ নেতৃত্বত চলা স্বচ্ছতা কাৰ্যক্ৰমসমূহৰ জৰিয়তে স্বাধীনতা আন্দোলনৰে জড়িত স্মাৰক/উদ্যানসমূহৰ পৰিষ্কৰণৰ দিহা কৰি স্বাধীনতা সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

‘স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল’ৰ আঠবছৰীয়া সাফল্য উদযাপনৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২২লৈ অনুষ্ঠিত কৰা ‘স্বচ্ছ অমৃত মহোত্সৱ’ৰ অংশ হিচাপে এই বঁটা প্ৰদান কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। যোৱা ১৭ ছেপ্টেম্বৰত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ‘ইণ্ডিয়ান স্বচ্ছতা লীগ’-ৰ শুভাৰম্ভৰে আৰম্ভ হোৱা কাৰ্যক্ৰমত দেশৰ ১,৮৫০ খন মহানগৰীত আধা নিযুততকৈয়ো অধিক যুৱক-যুৱতী আৰু নাগৰিকে গোট বান্ধি সাগৰীয় বীচ্চ, পাহাৰ আৰু ৰাজহুৱা স্থানসমূহত ছাফাই অভিযান সম্পূৰ্ণ কৰে। ইয়াৰে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা শীৰ্ষৰ ৭০টা গোটক অহা ৩০ ছেপ্টেম্বৰত মন্ত্ৰালয়টোৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ’ব। ইফালে, ‘ষ্টাৰ্টআপ চেলেঞ্জ’ শীৰ্ষক এক অভিনৱ প্ৰক্ৰিয়াৰে আৱৰ্জনা প্ৰবন্ধৰে জড়িত ৩০টা শীৰ্ষৰ ষ্টাৰ্টআপক যোৱা ২০ ছেপ্টেম্বৰত মন্ত্ৰালয়টোৱে নিৰ্বাচিত কৰে। আৱৰ্জনা প্ৰবন্ধনৰ ক্ষেত্ৰত ‘ষ্টাৰ্টআপ’সমূহে  আগবঢ়োৱা সমাধানসমূহ নিয়মীয়াভাবে প্ৰদৰ্শিত কৰিব পৰাকৈ ইতিমধ্যে ‘ষ্টাৰ্টআপ গে’টৱে’ শীৰ্ষক এক ব্যৱস্থাৰো শুভাৰম্ভ কৰা হৈছে। মন্ত্ৰালয়টোৱে যোৱা ২৬ ছেপ্টেম্বৰত ‘স্বচ্ছ টয়কাথন’ শীৰ্ষক এক অভিনৱ প্ৰতিযোগিতাও আৰম্ভ কৰিছে। সেই দৰে, এই অনুষ্ঠানৰ দুদিন আগতে ‘স্বচ্ছ চহৰ-সম্বাদ এণ্ড টেক’ শীৰ্ষক সামৰ্থ্যবৰ্দ্ধন সম্পৰ্কীয় এক পদক্ষেপো গ্ৰহণ কৰিছে মন্ত্ৰালয়টোৱে।

 

***

RKJ/M/KB



(Release ID: 1863769) Visitor Counter : 110