কেবিনেট
azadi ka amrit mahotsav

শিক্ষাৰ ক্ষেত্ৰখনত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰাটৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 07 SEP 2022 4:06PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু সংযুক্ত আৰৱ আমিৰাট চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ মাজত শিক্ষাৰ ক্ষেত্ৰখনত সহযোগিতা সন্দৰ্ভত এখনি বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে। বুজাবুজি চুক্তি (MoU) খনিৰ উদ্দেশ্য হৈছে ভাৰত আৰু ইউএইৰ মাজত অব্যাহত শৈক্ষিক সহযোগিতাক অধিক সুদৃঢ় কৰা আৰু যোগাযোগৰ পৰিসৰৰ বিস্তৃতকৰণ।

২০১৫ ত ইউএইৰ সৈতে শিক্ষাৰ ক্ষেত্ৰত এখনি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ২০১৮ ত ইয়াৰ ম্যাদ উকলিছিল। ২০১৯ ত উভয় দেশৰ শিক্ষামন্ত্ৰীৰ মাজত অনুষ্ঠিত এখন বৈঠকত ইউএইয়ে নতুন বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱ আগবঢ়াইছিল। নতুন বুজাবুজিৰ চুক্তিখনিয়ে ভাৰতৰ শিক্ষা বাতাবৰণটোত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ৰদ্বাৰা সাধিত ৰূপান্তৰৰাজিক সামৰি লৈছে।

এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে তথ্য শিক্ষাৰ বিনিময়, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ (TVET) শিক্ষক ষ্টাফৰ সামৰ্থ্য বিকাশ, টুইনিং, জইন্ট ডিগ্ৰী আৰু ডুৱেল ডিগ্ৰী কাৰ্য্যক্ৰম আগবঢ়াবলৈ দুয়োখন দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত শৈক্ষিক সহযোগিতাক প্ৰশস্ত কৰা।

বুজাবুজিৰ চুক্তিখনিয়ে এই অৰ্হতাসমূহৰ পাৰস্পৰিক স্বীকৃতিৰ প্ৰোৎসাহনৰ বাবে তথ্য বিনিময়ৰ সুবিধা প্ৰশস্তকৰণৰ উপৰিও ভাৰত আৰু ইউএইৰ মাজত শৈক্ষিক সহযোগিতাক প্ৰাণোচ্ছল কৰিব আৰু শৈক্ষিক গতিশীলতাৰ বৰ্ধন ঘটাব। ইউএই, ভাৰতীয়সকলৰ এক প্ৰধান কৰ্মস্থান হোৱাৰ বাবে টিভিইটিত সহযোগিতাকো ইয়াত সামৰি লোৱা হৈছে।

এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ তাৰিখৰপৰা পাঁচ বছৰলৈ বৈধ হ’ব আৰু দুয়োপক্ষৰ সন্মতি সাপেক্ষে একেদৰে নবীকৰণযোগ্য হ’ব। স্বাক্ষৰিত হ’বলগীয়া এই বুজাবুজিৰ চুক্তিখনে ২০১৫ ত ইউএইৰ সৈতে স্বাক্ষৰিত পূৰ্বৰ বুজাবুজিৰ চুক্তিখনৰ ঠাই ল’ব।

 

***

DS/SB


(रिलीज़ आईडी: 1862225) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam