প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


দেৱী শৈলাপুত্ৰীৰো প্ৰাৰ্থনা

Posted On: 26 SEP 2022 10:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ নবৰাত্ৰিৰ আৰম্ভণিতে শ্ৰী মোদীয়ে দেৱী শৈলাপুত্ৰীৰ প্ৰাৰ্থনা কৰাৰ লগতে সুখ, সুস্থ আৰু সৌভাগ্যৰ বাবে দেৱীৰ আশীৰ্বাদ কামনা কৰে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“শক্তিৰ উপাসনাৰ মহাপৰ্ব নবৰাত্ৰি উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ আস্থা আৰু বিশ্বাসৰ এই পবিত্ৰ ক্ষণত সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক৷ জয় মাতা দী!”

"वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्‌।

वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्‌ ।।

দেৱী শৈলাপুত্ৰীৰ আৰাধনাৰ জৰিয়তে আজিৰ পৰা নবৰাত্ৰিৰ শুভাৰম্ভ হৈছে৷ মোৰ কামনা এই যে তেওঁৰ কৃপাৰ জৰিয়তে সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সুস্থতাৰে পৰিপূৰ্ণ হওক৷

 

***

DS/ST/DB



(Release ID: 1862218) Visitor Counter : 88