প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ তায়িপ এৰদোগানৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
16 SEP 2022 11:05PM by PIB Guwahati
১) প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ ছামাৰকন্দত এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ টাইয়িপ এৰদোগানৰ সৈতে বৈঠকত মিলিত হয়।
২) দুয়োজন নেতাই ভাৰত,তুৰস্ক সম্পৰ্কৰ পৰ্যালোচনা কৰে। শেহতীয়া বছৰবোৰত অৰ্থনৈতিক সম্পৰ্ক বিশেষকৈ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাটো লক্ষ্য কৰিলেও তেওঁলোকে অৰ্থনৈতিক আৰু বাণিজ্যিক সংযোগ অধিক বৃদ্ধিৰ সম্ভাৱনাক স্বীকাৰ কৰে।
৩) দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন ঘটনা সন্দৰ্ভতো মত বিনিময় কৰে। দুয়োজন নেতাই কেৱল দ্বিপাক্ষিক বিষয়ত নহয়, অঞ্চলটোৰ সুবিধাৰ্থে নিয়মীয়া যোগাযোগ বজাই ৰাখিবলৈ সন্মত হয়।
***
DS/SKS/MS
(ৰিলিজ আই ডি : 1861055)
অতিথি কক্ষ : 126
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam