প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১০ ছেপ্টেম্বৰত ‘কেন্দ্ৰ-ৰাজ্যিক বিজ্ঞান সন্মিলন’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


সহযোগিতামুলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে আয়োজিত এই সন্মিলনত অংশগ্ৰহণ কৰিব সমগ্ৰ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী আৰু সচিবসকলে

প্ৰথমবাৰলৈ অনুষ্ঠিত এই সন্মিলনৰ লক্ষ্য হৈছে এক শক্তিশালী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা

Posted On: 09 SEP 2022 12:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্টেম্বৰৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে কেন্দ্ৰ-ৰাজ্যিক বিজ্ঞান সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিত দৰ্শকক উদ্দেশ্যি ভাষণ আগবঢ়াব।

দেশত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি সহযোগিতামুলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে প্ৰথমবাৰলৈ আয়োজিত এই সন্মিলনে কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় আৰু সহযোগিতা ব্যৱস্থাক শক্তিশালী কৰিব আৰু সমগ্ৰ দেশতে এক শক্তিশালী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই)ৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব৷

১০-১১ ছেপ্টেম্বৰ, ২০২২ত ছায়েন্স চিটী, আহমেদাবাদত দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াত বিভিন্ন বিষয়বস্তুকেন্দ্ৰিক অধিৱেশন অন্তৰ্ভুক্ত কৰা হ’ব৷ সেইবোৰ হৈছে-এছটিআই ভিজন ২০৪৭; ৰাজ্যসমূহত এছটিআইৰ বাবে ভৱিষ্যত বৃদ্ধিৰ পথ আৰু দৃষ্টিভংগী; স্বাস্থ্য-সকলোৰে বাবে ডিজিটেল স্বাস্থ্যসেৱা; ২০৩০ চনৰ ভিতৰত গৱেষণা আৰু উন্নয়নত ব্যক্তিগত খণ্ডৰ বিনিয়োগ দুগুণ কৰা; কৃষি-কৃষকৰ আয় উন্নত কৰাৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপ; পানী-খোৱাপানী উৎপাদনৰ বাবে উদ্ভাৱন; শক্তি-হাইড্ৰজেন মিছনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকাকে ধৰি সকলোৰে বাবে স্বচ্ছ শক্তি; গভীৰ মহাসাগৰ অভিযান আৰু উপকূলীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে দেশৰ ভৱিষ্যত অৰ্থনীতিৰ বাবে ইয়াৰ প্ৰাসংগিকতা ইত্যাদি।

প্ৰথমবাৰলৈ অনুষ্ঠিত এনে সন্মিলনত গুজৰাটৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (এছএণ্ডটি),ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী আৰু সচিবসকল, উদ্যোগৰ নেতা, উদ্যোগী, বেচৰকাৰী সংস্থা, যুৱ বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।

***

DS/AK/DB



(Release ID: 1858505) Visitor Counter : 141