ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ভাৰতে প্ৰতিদিনে গড়ে ৯ নিযুতৰো অধিক ডিবিটি পেমেন্ট হস্তান্তৰ কৰিছে (২০২১-২২ বিত্তীয় বৰ্ষত)


এদিনত ২৮৪ নিযুত ডিজিটেল লেন-দেন সম্পন্ন

Posted On: 01 SEP 2022 7:31PM by PIB Guwahati

“ভাৰতে আজি বিশ্বখনত বিশেষকৈ ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত আগভাগ লৈছে আৰু লগতে নাগৰিকৰ জীৱনযাত্ৰা আৰু শাসন ব্যৱস্থাৰ অগ্ৰগতি সাধনাৰ্থে প্ৰযুক্তিৰ ব্যৱহাৰত অগ্রগণ্য দেশ হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া ষ্টেক আৰু আন-আন ভিন্ন ডিজিটেল চৰকাৰী সমাধানসমূহে এতিয়া সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহক আকৰ্ষিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ ইণ্ডিয়া লিডছ ডিজিটেল আৰু ডিজিটেল লিডছ ইণ্ডিয়া দৃষ্টিৰ ফলশ্ৰুতিত এই সফলতা লাভ কৰা হৈছে”, এইদৰে কয় কেন্দ্ৰীয় ইলেকট্ৰনিকছ ও তথ্য প্ৰযুক্তি আৰু দক্ষতা বিকাশ ও উদ্যোগশীলতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে। তেওঁ লাখ-লাখ ভাৰতীয় নাগৰিকক উপকৃত কৰা ডিজিটেল পেমেন্ট আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ৰ সফল মডেল সম্পৰ্কে বক্তৃতা প্ৰদান কৰিয়েই এইদৰে কয়।

২০১৩ ৰ পৰা ডিবিটি ম’ডৰ জৰিয়তে ₹২৪.৮ লাখ কোটিৰো অধিক ধন হস্তান্তৰ কৰা হৈছে, কেৱল ২০২১-২২ বিত্তীয় বৰ্ষতে ₹৬.৩ লাখ কোটি হস্তান্তৰ কৰা হৈছিল; দৈনিক হিচাপত গড়ে ৯০ লাখৰো অধিক ডিবিটি পেমেন্ট সম্পন্ন কৰা হৈছিল (২০২১-২২ বিত্তীয় বৰ্ষত)। প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১১ সংখ্যক কিস্তিৰ অধীনত প্ৰায় ₹২০,০০০ কোটি পোনপটীয়াকৈ ১০ কোটিৰো অধিক হিতাধিকাৰীৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হয় (এটা দিনত এটা বুটামত ক্লিকৰ জৰিয়তেই ১০ কোটিৰো অধিক লেন-দেন সম্পন্ন কৰা হয়)।

ডিজিটেল পেমেন্টৰ মাধ্যমেৰে, ২০২১-২২ ত ৮,৮৪০ কোটিৰো অধিক ডিজিটেল পেমেন্ট লেনদেন আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত (২০২২ ৰ ২৪ জুলাইলৈকে) প্ৰায় ৩,৩০০ কোটি লেন-দেন সম্পন্ন কৰা হয়। সেই অনুসৰি, এদিনত গড়ে ২৮.৪ কোটি ডিজিটেল লেন-দেন কৰা হয়।

ডিজিটেল সম্পদ (ডিবিটি, জেএএম ত্ৰয়ী, এনপিচিআই ইত্যাদি) সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ এই সফলতাৰ কাহিনী কেৱল ‘উন্নয়নশীল’ য়েই নহয়, বৰঞ্চ ‘উন্নত’ দেশসমূহেও শিকিব পৰা এটা আৰ্হি হ’ব পাৰে।

 

***



(Release ID: 1856463) Visitor Counter : 132