প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক


ভুক্তভোগীলৈ পিএমএনআৰএফৰপৰা সাহায্য ঘোষণা

Posted On: 25 AUG 2022 11:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পিএমএনআৰএফৰপৰা ভুক্তভোগীসকললৈ সাহায্যও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত দুৰ্ঘটনাটো হৃদয়-বিদাৰক। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনালো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ'বঃ প্ৰধানমন্ত্ৰী"

***

DS/SH/SB



(Release ID: 1855069) Visitor Counter : 94