প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সাহিবজাদা অজিত সিং নগৰ (ম’হালি)ত হোমি ভাভা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে


“ভাৰতক উন্নত কৰি তুলিবলৈ হ’লে ইয়াৰ স্বাস্থ্য সেৱাৰ বিকাশ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ”

“বিগত আঠ বছৰত দেশত সামগ্ৰিক স্বাস্থ্যসেৱাক সৰ্বাধিক অগ্ৰাধিকাৰৰ ভিতৰত স্থান দিয়া হৈছে”

“বিগত ৮ বছৰত দেশত দুই শতাধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে”

“এখন প্ৰগতিশীল সমাজ হিচাপে মানসিক স্বাস্থ্যৰ প্ৰতি আমাৰ চিন্তাধাৰাত পৰিৱৰ্তন আৰু মুক্ত পৰিৱেশ গঢ় দিয়াটো আমাৰ দায়িত্ব”

“মেড ইন ইণ্ডিয়া ৫জি সেৱাই দূৰৱৰ্তী স্বাস্থ্যসেৱা খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব”

Posted On: 24 AUG 2022 5:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম’হালিৰ সাহিবজাদা অজিত সিং নগৰত হোমি ভাভা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। এই উপলক্ষে পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত, মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মান, কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আদি উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানটোৱে দেশৰ উন্নত স্বাস্থ্যসেৱাৰ সুবিধাসমূহ প্ৰতিফলিত কৰিছে। তেওঁ কয় যে চিকিৎসালয়খনে পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ ৰাইজক সেৱা আগবঢ়াব। তেওঁ হৰ ঘৰ তিৰংগা অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰাৰ বাবে পঞ্জাৱবাসীক ধন্যবাদ জ্ঞাপন কৰে।

ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সন্দৰ্ভত লালকিল্লাৰ প্ৰাচীৰৰ পৰা তেওঁ কৰা ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “ভাৰতক উন্নত কৰি তুলিবলৈ হ’লে ইয়াৰ স্বাস্থ্যসেৱা বিকাশ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।” প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ভাৰতৰ জনসাধাৰণে আধুনিক চিকিৎসালয়সমূহ চিকিৎসাৰ বাবে আধুনিক সুবিধাৰে পুৰণ কৰিব, তেতিয়া তেওঁলোক সোনকালে সুস্থ হ’ব আৰু তেওঁলোকৰ শক্তি সঠিক দিশত প্ৰেৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কৰ্কট ৰোগৰ চিকিৎসা সুবিধা সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে। তেওঁ উল্লেখ কৰে যে এতিয়া প্ৰতি বছৰে ১.৫ লাখ নতুন ৰোগীৰ চিকিৎসাৰ বাবে টাটা মেম’ৰিয়েল চেণ্টাৰ সাজু কৰা হৈছে। তেওঁ কয় যে বিলাসপুৰত নতুন চিকিৎসালয় আৰু এইমছৰ দ্বাৰা পিজিআই চণ্ডীগড়ৰ ওপৰত থকা বোজা হ্ৰাস কৰিব আৰু ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক বহুখিনি সকাহ দিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা ভাল স্বাস্থ্যসেৱা ব্যৱস্থা মানে কেৱল চাৰিখন দেৱাল নিৰ্মাণ কৰা নহয়। তেওঁ সজোৰে কয় যে যিকোনো দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাটো তেতিয়াহে শক্তিশালী হৈ উঠে, যেতিয়া ই সকলো দিশতে সমাধান দিয়ে আৰু ইয়াক পদক্ষেপ অনুসৰি সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত ৮ বছৰত দেশত সামগ্ৰিক স্বাস্থ্যসেৱাক সৰ্বাধিক অগ্ৰাধিকাৰৰ ভিতৰত স্থান দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি ছয়টা দিশত একেলগে কাম কৰি দেশৰ স্বাস্থ্য সুবিধাসমূহ উন্নত কৰা হৈছে। ছয়টা দিশৰ ওপৰত বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমটো দিশ হৈছে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ কৰা, দ্বিতীয়টো দিশ হৈছে গাঁৱে-ভূঞে সৰু আৰু আধুনিক চিকিৎসালয় খোলা, তৃতীয়টো দিশ হৈছে চহৰসমূহত চিকিৎসা মহাবিদ্যালয় আৰু বৃহৎ চিকিৎসা গৱেষণা প্ৰতিষ্ঠান মুকলি কৰা, চতুৰ্থটো দিশ হৈছে সমগ্ৰ দেশতে চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা, পঞ্চমটো দিশ হৈছে ৰোগীসকলক সুলভ মূল্যৰ ঔষধ, সস্তীয়া সঁজুলি যোগান ধৰা আৰু ষষ্ঠটো দিশ হৈছে প্ৰযুক্তি ব্যৱহাৰ কৰি ৰোগীয়ে সন্মুখীন হোৱা অসুবিধাসমূহ হ্ৰাস কৰা।

প্রতিৰোধমূলক পদ্ধতি সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে জল জীৱন অভিযানৰ বাবে পানীৰ পৰা উদ্ভৱ হোৱা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ একেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা, যোগ, ফিটনেছ ট্ৰেণ্ড, পোষণ অভিযান, ৰন্ধন গেছ আদিয়ে ৰোগীৰ সংখ্যা হ্ৰাস কৰি আনিছে। দ্বিতীয়টো দিশত গুণগত পৰীক্ষণৰ সুবিধা সৃষ্টি কৰা হৈছে আৰু ১.৫ লাখতকৈ অধিক স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ১.২৫লাখটা ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে। পঞ্জাৱত প্ৰায় ৩,০০০টা কেন্দ্ৰই কাম কৰি আছে। সমগ্ৰ দেশতে ২২ কোটিৰো অধিক লোকৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে যাৰ ভিতৰত পঞ্জাৱত ৬০ লাখ পৰীক্ষা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এবাৰ এই ৰোগ ধৰা পৰাৰ পিছত এনে উন্নত চিকিৎসালয়ৰ প্ৰয়োজনীয়তা আহি পৰে য’ত গুৰুতৰ ৰোগৰ সঠিক চিকিৎসা কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাতে অন্ততঃ এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে কাম কৰি আছে। স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত আয়ুষ্মান ভাৰত আঁচনিখনে ৬৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জিলা পৰ্য্যায়ত আধুনিক স্বাস্থ্য সুবিধা সৃষ্টি কৰি আছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে এটা সময়ত দেশত মাত্ৰ ৭খন এইমছ আছিল যদিও সেই সংখ্যা এতিয়া ২১খনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে চৰকাৰে প্ৰায় ৪০খন বিশেষ কৰ্কট প্ৰতিষ্ঠানক অনুমোদন জনাইছে৷ ইয়াৰে বহু চিকিৎসালয়ে ইতিমধ্যে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে এখন চিকিৎসালয় নিৰ্মাণ কৰাটো যিদৰে গুৰুত্বপূৰ্ণ আৰু পৰ্যাপ্ত সংখ্যক ভাল চিকিৎসক আৰু অন্যান্য পেৰামেডিকেলৰ চিকিৎসক থকাটোও সমানেই গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে বৰ্তমান দেশত এই কাম মিছন মোডত সম্পন্ন কৰা হৈছে। ‘২০১৪ চনৰ আগতে দেশত ৪০০খনতকৈও কম চিকিৎসা মহাবিদ্যালয় আছিল। অৰ্থাৎ ৭০ বছৰত ৪০০খনতকৈও কম চিকিৎসা মহাবিদ্যালয়। ইয়াৰ বিপৰীতে বিগত ৮ বছৰত দেশত ২০০খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে,” প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰে ৫লক্ষাধিক আয়ুষ চিকিৎসককো এলোপেথিক চিকিৎসক হিচাপে স্বীকৃতি দিছে আৰু ই ভাৰতত চিকিৎসক-ৰোগীৰ অনুপাত উন্নত কৰাত সহায় কৰিছে। আয়ুস্মান ভাৰতে দৰিদ্ৰ লোকক ৫লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰিছে আৰু ফলত এতিয়ালৈকে ৩.৫ কোটি ৰোগীয়ে চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই ৩.৫ কোটি ৰোগীৰ ভিতৰত অধিকাংশই কৰ্কট ৰোগী। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৰোগীৰ প্ৰায় ৪০ হাজাৰ কোটি টকা ৰাহি হৈছে। তেওঁ জনাই যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৫০০ৰো অধিক ঔষধৰ মূল্য ৯০ শতাংশ পৰ্যন্ত হ্ৰাস পাই এক হাজাৰ কোটি টকা পৰ্যন্ত ৰাহি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰলৈ আধুনিক প্ৰযুক্তি ইমান বৃহৎ পৰিসৰত স্বাস্থ্যখণ্ডত সন্নিৱিষ্ট কৰা হৈছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযানে প্ৰতিজন ৰোগীয়ে সময়মতে, নূন্যতম বাধাৰে গুণগত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে মেড ইন ইণ্ডিয়া ৫জি সেৱাৰ প্ৰত্যাশিত শুভাৰম্ভণিয়ে দূৰৱৰ্তী স্বাস্থ্যসেৱা খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি উল্লেখ কৰে। “ইয়াৰ ফলত গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে বাৰে বাৰে ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ যাবলৈ বাধ্যবাধকতা হ্ৰাস কৰিব,” বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কৰ্কট ৰোগৰ ফলত সৃষ্টি হোৱা হতাশাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগী আৰু পৰিয়ালক সহায় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “এখন প্ৰগতিশীল সমাজ হিচাপে মানসিক স্বাস্থ্যৰ প্ৰতি আমাৰ চিন্তাধাৰাত পৰিৱৰ্তন আৰু মুক্ত পৰিৱেশ গঢ় দিয়াটোও আমাৰ দায়িত্ব। তেতিয়াহে এই সমস্যাৰ সঠিক সমাধান পোৱা যাব।”

পটভূমি

পঞ্জাৱ আৰু চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক বিশ্বমানৰ কৰ্কট ৰোগৰ চিকিৎসা সুবিধা প্ৰদানৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে ম’হালিৰ নতুন চণ্ডীগড়ৰ মুলনপুৰত, সাহিবজাদা অজিত সিং নগৰ জিলাত স্থাপন কৰা ‘হোমি ভাভা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ’ দেশবাসীৰ নামত উচৰ্গা কৰে৷ ভাৰত চৰকাৰৰ আণৱিক শক্তি বিভাগৰ অধীনৰ সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠান টাটা মেম’ৰিয়েল চেণ্টাৰৰ দ্বাৰা ৬৬০ কোটি টকাৰো অধিক ব্যয়ৰে এই চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে৷

৩০০খন বিচনাৰ ক্ষমতাসম্পন্ন এই কৰ্কট চিকিৎসালয়খন এখন তৃতীয় পৰ্যায়ৰ চিকিৎসালয়। ইয়াত উপলব্ধ প্ৰতিটো চিকিৎসা পদ্ধতি যেনে—চাৰ্জাৰী, ৰেডিঅ’থেৰাপি আৰু মেডিকেল অংক’লজী-কেমোথেৰাপি, ইমিউন’থেৰাপি আৰু হাড়ৰ মজ্জা প্ৰতিস্থাপন ব্যৱহাৰ কৰি সকলো ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আধুনিক সুবিধা আছে।

ছাংগুৰুৰ ১০০খন বিচনাযুক্ত চিকিৎসালয়খনে ‘স্পক’ হিচাপে কাম কৰাৰ লগতে এই নতুন চিকিৎসালয়খনে অঞ্চলটোত কৰ্কট ৰোগৰ যত্ন আৰু চিকিৎসাৰ ‘হাব’ৰ দৰে কাম কৰিব৷

***

 

DS/TS/DB



(Release ID: 1854571) Visitor Counter : 128