কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

ঘেহু বা ‘মেছলিন আটা’ৰ ৰপ্টানী নীতিৰ সংশোধনী প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

प्रविष्टि तिथि: 25 AUG 2022 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিৰ সভাই ৰপ্টানী নিয়ন্ত্ৰণ/নিষেধাজ্ঞাৰ পৰা ঘেহু বা মেছলিন আটা(এইচএছ কোড ১১০১)ৰ অব্যাহতি নীতি সংশোধনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

 

প্ৰভাৱ:

এই অনুমোদনে এতিয়া আটাৰ ৰপ্টানীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপৰ অনুমতি দিব, যিয়ে আটাৰ বৰ্দ্ধিত দাম হ্ৰাস কৰাটো নিশ্চিত কৰিব আৰু সমাজৰ আটাইতকৈ দুৰ্দশাগ্ৰস্তসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিব।

 

ৰূপায়ণ:

বিদেশ-বাণিজ্যৰ প্ৰধান সঞ্চালকালয়(ডিজিএফটি)য়ে ইয়াৰ ৰূপায়ণ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিব।

 

পটভূমি:

আটাৰ ক্ষেত্ৰত ৰাছীয়া আৰু ইউক্ৰেইন হ’ল পৃথিৱীৰ অগ্ৰণী ৰপ্টানীকৰোতা। এই দুখন দেশে গোলকীয় চাহিদাৰ চাৰিভাগৰ এভাগ আটা ৰপ্টানী কৰে। পিচে দেশ দুখনৰ মাজত অব্যাহত থকা সংঘাতৰ পৰিণতিত এই ব্যৱস্থা অচল হৈ পৰাত শেহতীয়া ভাবে ভাৰতীয় আটাৰ চাহিদা বাঢ়িবলৈ ধৰিছে। ইয়াৰ পৰিণতিতে দেশৰ আভ্যন্তৰীণ বজাৰত আটাৰ দামবৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। দেশৰ ১.৪ বিলিয়ন লোকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যেই ২০২২ৰ মে’ মাহত আটাৰ ৰপ্টানী নিষিদ্ধ কৰি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

 

***

DS/KB


(रिलीज़ आईडी: 1854553) आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam