প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
11 APR 2022 2:20PM by PIB Guwahati
ৰাষ্ট্ৰপতি বাইডেন, প্ৰথমে, মই আপোনাৰ উমাল কথাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো। আজি, আমাৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীসকলে "২+২" বিন্যাসত মিলিত হ'বলৈ গৈ আছে। তাৰ আগতে, আমাৰ এই সভাখনে তেওঁলোকৰ কথোপকথনক নিৰ্দেশনা দিয়াটো গুৰুত্বপূৰ্ণ। আৰু আপুনি এই ভাৰ্চুৱেল সভাৰ পৃষ্ঠপোষকতা কৰিছে, ইয়াৰ বাবে মই আপোনাক অভিনন্দন জনাইছো।
মহোদয়,
যেতিয়া মই যোৱা বছৰ ছেপ্টেম্বৰত ৱাশ্বিংটন ভ্ৰমণ কৰিছিলো, আৰু যাৰ বিষয়ে আপুনি এইমাত্ৰ উল্লেখ কৰিছিল, আপুনি কৈছিল যে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰীত্বই বহুতো গোলকীয় সমস্যা সমাধানত অৰিহণা যোগাব পাৰে। মই আপোনাৰ সৈতে সম্পূৰ্ণৰূপে সন্মত। বিশ্বৰ দুটা সৰ্ববৃহৎ আৰু পুৰণি গণতন্ত্ৰ হিচাপে, আমি প্ৰাকৃতিক অংশীদাৰ। আৰু যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কত যি অগ্ৰগতি হৈছে, নতুন গতি সৃষ্টি হৈছে, সম্ভৱতঃ আজিৰ পৰা এক দশক আগতে কল্পনা কৰাটো কঠিন আছিল।
মহোদয়,
আমাৰ আজিৰ আলোচনা এনে এক সময়ত হৈ আছে যেতিয়া ইউক্ৰেইনৰ পৰিস্থিতি অতি উদ্বেগজনক হৈ আছে। কেইসপ্তাহমান আগলৈকে, ইউক্ৰেইনত ২০,০০০তকৈও অধিক ভাৰতীয় আৱদ্ধ হৈ আছিল। আৰু তেওঁলোকৰ বেছিভাগেই যুৱ শিক্ষাৰ্থী আছিল। যথেষ্ট পৰিশ্ৰম কৰাৰ পিছত, আমি তেওঁলোকক সুৰক্ষিতভাৱে তাৰ পৰা বাহিৰ লৈ যাবলৈ সক্ষম হৈছিলোঁ, যদিও এজন শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছিল। এই সমগ্ৰ উন্নয়নৰ সময়ছোৱাত, মই ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন ৰাষ্ট্ৰপতিৰ সৈতে কেইবাবাৰো ফোনযোগে কথা পাতিছিলো। মই কেৱল শান্তিৰ বাবে আবেদন কৰাই নহয়, ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে পোনপটীয়া আলোচনা কৰিবলৈও পৰামৰ্শ দিছিলো। ইউক্ৰেইনৰ বিষয়টো আমাৰ সংসদত বিতংভাৱে আলোচনা কৰা হৈছে।
বুচা চহৰত শেহতীয়াকৈ নিৰীহ নাগৰিকৰ হত্যাৰ বাতৰিটো অতি উদ্বেগজনক আছিল। আমি এই ঘটনাক গৰিহণা দিছিলো আৰু উচিত তদন্তৰ দাবী জনাইছো। আমি আশা কৰোঁ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা আলোচনাই শান্তিৰ পথ প্ৰশস্ত কৰিব।
মহোদয়,
আমি ইউক্ৰেইনৰ অসামৰিক লোকসকলৰ নিৰাপত্তা আৰু তেওঁলোকক নিৰৱচ্ছিন্ন মানৱীয় সাহায্য যোগানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো, যিটো আপুনি আৰম্ভণিতে উল্লেখ কৰিছিল। আমি ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহলৈ ঔষধ আৰু অন্যান্য সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছো। আৰু ইউক্ৰেইনৰ দাবীত, শীঘ্ৰেই আমি ঔষধৰ আন এটা সামগ্ৰী প্ৰেৰণ কৰিছো।
মহোদয়,
আমি ইউক্ৰেইনৰ অসামৰিক লোকসকলৰ নিৰাপত্তা আৰু তেওঁলোকক নিৰৱচ্ছিন্ন মানৱীয় সাহায্য যোগানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো, যিটো আপুনি আৰম্ভণিতে উল্লেখ কৰিছিল। আমি ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহলৈ ঔষধ আৰু অন্যান্য সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছো। আৰু ইউক্ৰেইনৰ দাবীত, শীঘ্ৰেই আমি ঔষধৰ আন এটা পেকেজ প্ৰেৰণ কৰিছো।
মহোদয়,
আপুনি আপোনাৰ কাৰ্যকালৰ আৰম্ভণিতে এটা অতি গুৰুত্বপূৰ্ণ শ্ল'গান দিছিল – গণতন্ত্ৰই যোগান ধৰিব পাৰে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্বৰ সফলতা হৈছে এই শ্ল'গানটোৰ উপলব্ধি কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।
এই বছৰ, ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছে। আৰু আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ তম বাৰ্ষিকীও উদযাপন কৰি আছো। মই নিশ্চিত যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব অহা ২৫ বছৰত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ হৈ থাকিব।
আজিৰ বৈঠকৰ বাবে আকৌ এবাৰ আপোনাক অশেষ ধন্যবাদ জনালো।
***
DS/AK/MANN
(ৰিলিজ আই ডি : 1853766)
অতিথি কক্ষ : 100