কেবিনেট

৩ লাখ টকা পৰ্যন্ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত বছৰি ১.৫% ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে কেবিনেটে


এই আঁচনি ৰূপায়ণৰ বাবে ২০২২-২৩ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ বাবে ৩৪,৮৫৬ কোটি টকাৰ অতিৰিক্ত পুঁজি ধাৰ্য কৰা হৈছে

এই সিদ্ধান্তই কৃষি শিতানত খেতিয়কৰ বাবে পৰ্যাপ্ত ঋণৰ প্ৰবাহ নিশ্চিত কৰিব

Posted On: 17 AUG 2022 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে সকলো ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত ১.৫% ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰথা পুণৰ প্ৰৱৰ্তনৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। সেই অনুসৰি ঋণদাতা প্ৰতিষ্ঠান (ৰাজহুৱাখণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক আৰু বাণিজ্যিক বেংকক প্ৰত্যক্ষ ভাবে হস্তান্তৰিত কৰা কম্পিউটাৰ সঞ্চালিত পিএচিএছসমূহ)সমূহে আগবঢ়োৱা ৩ লাখ টকা পৰ্যন্ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ৰ সুদৰ ক্ষেত্ৰত ২০২২-২৩ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ বাবে বছৰি ১.৫% ৰাজসাহায্য আগবঢ়োৱা হ’ব।

এই আঁচনি ৰূপায়ণৰ বাবে ২০২২-২৩ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ বাবে ৩৪,৮৫৬ কোটি টকাৰ অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’ব।

এই সিদ্ধান্তই কৃষি শিতানত খেতিয়কৰ বাবে পৰ্যাপ্ত ঋণৰ প্ৰবাহ নিশ্চিত কৰিব। যিহেতু এই সুবিধাই কৃষিৰ লগতে পশুপালন, দুগ্ধ উত্পাদন, হাঁহ-কুকুৰা পালন তথা মীন আদি খণ্ডকো সামৰি ল’ব, সেয়ে ইয়াৰ সুবাদত সংশ্লিষ্ট খণ্ডসমূহত নিয়োগৰ অতিৰিক্ত সম্ভাৱনাও সৃষ্টি হ’ব।

সময় মতে ঋণৰ ধন ওভতাই দিয়া খেতিয়কসকলে প্ৰতি বছৰে ৪% সুদৰ বিনিময়ত ‘হ্ৰস্বম্যাদী কৃষি ঋণ’ লাভৰ সুযোগ গ্ৰহণ কৰি থাকিব পাৰিব।

 

***

DS/KB



(Release ID: 1852617) Visitor Counter : 190