প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে

ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰা হৈছে

Posted On: 09 AUG 2022 10:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ বীৰভূম জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা অনুদান ৰখাৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ইয়াৰ টুইটত কয়,

"পশ্চিম বংগৰ বীৰভূম জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে আমি শোক প্ৰকাশ কৰিছো। আমি আঘাতপ্ৰাপ্ত সকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

প্ৰধানমন্ত্ৰীয়ে কয় যে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাআৰু আহতসকলক ৫০,০০০ টকাৰ অনুদান প্ৰদান কৰা হ'ব। ''

*****

DS/SH/RD



(Release ID: 1852190) Visitor Counter : 104