কেবিনেট

কেন্দ্ৰীয় মন্ত্ৰীসভাই ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ সংবিধানৰ একাদশ অতিৰিক্ত প্ৰটোকলৰ অনুমোদনত মঞ্জুৰি দিছে

Posted On: 10 AUG 2022 6:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাই ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ(ইউপিইউ)সংবিধানত গৃহীত সংশোধনত অনুমোদন জনাইছে। ২০২১ চনৰ ৯-২৭ আগষ্টলৈ আইভৰী কষ্টৰ ৰাজধানী আবিদজানত অনুষ্ঠিত ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ ২৭ তম কংগ্ৰেছত সংবিধানৰ এই একাদশ অতিৰিক্ত প্ৰটোকলটি স্বাক্ষৰিত হয়।

এই অনুমোদনৰ ফলত ভাৰত চৰকাৰৰ ডাক বিভাগে লাভ কৰিব ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত "ইনষ্ট্ৰুমেণ্ট অৱ ৰেটিফিকেশ্যন"। একেদৰে ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ আন্তৰ্জাতিক ব্যুৰোৰ সঞ্চালক প্ৰধানৰ ওচৰত ই জমা থাকিব।  

ই ইউপিইউ সংবিধানৰ অনুচ্ছেদ ২৫ আৰু ৩০ ৰ পৰা উদ্ভৱ হোৱা দায়বদ্ধতাবোৰ পূৰণ কৰিব। ইয়াৰ ফলত সদস্য দেশসমূহে যিমান সম্ভৱ সোনকালে ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ কংগ্ৰেছত গৃহীত সংবিধানৰ সংশোধনত অনুমোদন জনাব পাৰিব।

চমুকৈ, ২৭ তম ইউপিইউ কংগ্ৰেছত গৃহীত সংবিধানৰ সংশোধনীবোৰে সংঘৰ আইনী স্বচ্ছতা আৰু স্থিৰতা নিশ্চিত কৰিব। ইয়াৰোপৰি ইয়ে পৰিভাষাবাচক স্থিৰতা আনিব, পাঠৰ বহুতো দীৰ্ঘদিনীয়া বিসংগতি সমাধান কৰিব আৰু ১৯৬৯ চনৰ মৈত্ৰী চুক্তি আইন সংক্ৰান্তীয় ভিয়েনা সন্মিলনৰ সৈতে সামঞ্জস্য ৰাখি আইনসমূহৰ 'গ্ৰহণযোগ্যতা বা অনুমোদন'ৰ বাবে ব্যৱস্থা ৰাখিব।

 

*******************************

DS/SH /KG

 



(Release ID: 1851176) Visitor Counter : 127