প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিডব্লিউজি, ২০২২ ৰ বেডমিন্টনত সোণৰ পদক লাভ কৰা লক্ষ্য সেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 08 AUG 2022 6:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত চিডব্লিউজি, ২০২২ ৰ বেডমিন্টনত সোণৰ পদক লাভৰ বাবে লক্ষ্য সেনক অভিনন্দন জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"@lakshya_sen ৰ সাফল্যত মুগ্ধ হৈছো। বেডমিন্টনত সোণৰ পদক লাভৰ বাবে অভিনন্দন জনাইছো। তেওঁ চিডব্লিউজিত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে আৰু ফাইনেলত অসাধাৰণ প্ৰাণোচ্ছলতা দেখুৱাইছে। তেওঁ ভাৰতৰ গৌৰৱ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো।"

***

DS/SH/SB


(ৰিলিজ আই ডি : 1850495) অতিথি কক্ষ : 158