প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাৰ বাবে মহিলা ক্ৰিকেট দলৰ সদস্যসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 AUG 2022 8:20AM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

 

"ক্ৰিকেট আৰু ভাৰত অবিচ্ছেদ্য। কমনৱেলথ গেমছত আমাৰ মহিলা ক্ৰিকেট দলে উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে ৰূপৰ পদক লাভ কৰিছে। কমনৱেলথ গেমছত ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পদক লাভ কৰাৰ বাবে, ই সদায় বিশেষ হৈ ৰ'ব। এক উজ্জ্বল ভৱিষ্যতৰ বাবে দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছোঁ।"

 

***

DS/ST /KG


(ৰিলিজ আই ডি : 1850137) অতিথি কক্ষ : 147