প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কমনৱেলথ গেমছ ২০২২ ত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 AUG 2022 5:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"পুৰুষৰ ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰতিভাশালী লাভপ্ৰীত সিঙক অভিনন্দন জনাইছোঁ। তৰুণ আৰু প্ৰাণৱন্ত লাভপ্ৰীতে তেওঁৰ শান্ত স্বভাৱ আৰু ক্ৰীড়াৰ প্ৰতি থকা নিষ্ঠাৰ বাবে সকলোৰে মন জয় কৰিছে। ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে তেওঁক শুভকামনা জনাইছোঁ।"
***
DS/TS/KG
(ৰিলিজ আই ডি : 1849034)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam