প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম ‘সৰ্ব ভাৰতীয় জিলা ন্যায়িক সেৱাসমূহৰ প্ৰাধিকাৰীমণ্ডলীৰ সন্মিলন’ৰ উদ্ধোধনী সভা সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


“দেশৰ অমৃত যাত্ৰাৰ বাবে স্বাচ্ছন্দ্যৰে বাণিজ্য তথা স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ দৰেই স্বাচ্ছন্দ্যপূৰ্ণ ন্যায়ো সমানেই গুৰুত্বপূৰ্ণ”

“শেহতীয়া আঠোটা বছৰত ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবে দ্ৰুতগতিৰে কাম-কাজ সম্পন্ন কৰা হৈছে”

“প্ৰাচীন ভাৰতৰ ন্যায়িক প্ৰমূল্যসমূহৰ প্ৰতি দয়ব্ধতা প্ৰদৰ্শনৰ লগতে ২১ শতিকাৰ বাস্তৱৰ সৈতে সমন্বয় সাধনৰ বাবে আমাৰ ন্যায়িক ব্যৱস্থা সদা-সচেষ্ট হৈ আহিছে”

Posted On: 30 JUL 2022 11:20AM by PIB Guwahati

প্ৰথম ‘সৰ্ব ভাৰতীয় জিলা ন্যায়িক সেৱাসমূহৰ প্ৰাধিকাৰীমণ্ডলীৰ সন্মিলন’ৰ আজি অনুষ্ঠিত উদ্ধোধনী সভাখন সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সভাত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ইউ ইউ ললিত, ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, শ্ৰী এছ পি সিং বাঘেল, উচ্চতম ন্যায়ালয়ৰ অন্যান্য বিচাৰপতি, উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়ধীশসকল, ৰাজ্যিক ন্যায়িক সেৱা প্ৰাধিকাৰীমণ্ডলীৰ কাৰ্যবাহী অধ্যক্ষ(এছএলএছএ) আৰু জিলা ন্যায়িক সেৱা প্ৰাধিকাৰীমণ্ডলীৰ কাৰ্যবাহী অধ্যক্ষ(ডিএলএছএ)সকল উপস্থিত থাকে। সভাত প্ৰধানমন্ত্ৰীয়ে ‘বিনামূলীয়া ন্যায়িক সাহায্যৰ অধিকাৰ’ শীৰ্ষক এটি স্মাৰক ডাক টিকটো অন্মোচন কৰে।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া স্বাধীনতাৰ অমৃত কাল। আগন্তুক ২৫টা বছৰত দেশক আন এক উচ্চতালৈ লৈ যোৱাৰ বাবে এয়া সংকল্প গ্ৰহণ কৰাৰ সময়। দেশৰ অমৃত যাত্ৰাৰ বাবে স্বাচ্ছন্দ্যৰে বাণিজ্য তথা স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ দৰেই স্বাচ্ছন্দ্যপূৰ্ণ ন্যায়ো সমানেই গুৰুত্বপূৰ্ণ” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

আইনী সাহায্য প্ৰদানৰ প্ৰসংগই ‘ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি’ত স্থান লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি নাগৰিকসকলে পোষণ কৰা আস্থাকে এই কথাই প্ৰতিবিম্বিত কৰে। ন্যায়িক ব্যৱস্থাত যিকোনো সমাজৰ বাবেই প্ৰৱেশৰ অধিকাৰ যিমানেই গুৰুত্বপূৰ্ণ, ন্যায় বিচাৰ প্ৰদানো সিমানেই গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত ন্যায়িক আন্তঃগাঁথনিয়েও এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়।

তথ্য প্ৰযুক্তি আৰু ‘ফিনটেক’ৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ববহণকাৰী ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ন্যায়িক কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰযুক্তিৰ শক্তিক আৰু অধিক ভাবে প্ৰয়োগ কৰাৰ বাবে ইয়াতকৈ ভাল সময় আৰু আন একো হ’ব নোৱাৰে। তেওঁ কয়, ‘ই-ক’ৰ্ট মিছন’ৰ অধীনত দেশত সম্প্ৰতি ‘ভাৰ্চুৱেল আদালত ব্যৱস্থা’ প্ৰবৰ্তন কৰা হৈছে। যান-বাহন বিধি উলংঘাৰ দৰে অপৰাধৰ ক্ষেত্ৰত ‘২৪ ঘণ্টীয়া আদালত’সমূহে কাম-কাজ আৰম্ভ কৰিছে। জনসাধাৰণৰ সুবিধা হ’ব পৰাকৈ আদালতসমূহত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰ্যন্ত দেশত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে এক কোটিৰো অধিক গোচৰৰ শুনানী গ্ৰহণ কৰা হৈছে। এই কথাই “আমাৰ ন্যায়িক ব্যৱস্থাই প্ৰাচীন ভাৰতৰ ন্যায়িক প্ৰমূল্যসমূহৰ প্ৰতি দয়ব্ধতা প্ৰদৰ্শনৰ লগতে ২১ শতিকাৰ বাস্তৱৰ সৈতে সমন্বয় সাধনৰ বাবে সদা-সচেষ্ট হৈ অহাৰ কথাকে প্ৰতিপন্ন কৰিছে। প্ৰতিগৰাকী সাধাৰণ নাগৰিকেই সংবিধানে আগবঢ়োৱা তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্যসমূহৰ অৱগত হোৱা উচিত। তেওঁলোকে তেওঁলোকৰ সংবিধান, সাংবিধানিক কাঠামো, বিধি আৰু প্ৰতিকাৰসমূহৰ কথা অৱগত হ’ব লাগে” বুলিও তেওঁ বক্তব্য দোহাৰে। তেওঁ কয়, “এইক্ষেত্ৰত প্ৰযুক্তিয়ে এক বৃহত্ ভূমিকা পালন কৰিব পাৰে”।

প্ৰসংগক্ৰমে তেওঁ “শেহতীয়া আঠোটা বছৰত ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবে দ্ৰুতগতিৰে কাম-কাজ সম্পন্ন কৰা হৈছে” বুলিও মন্তব্য কৰে।

দেশত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ‘সৰ্ব ভাৰতীয় জিলা ন্যায়িক সেৱাসমূহৰ প্ৰাধিকাৰীমণ্ডলীৰ সন্মিলন’খন ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ বিজ্ঞান ভৱনত অনুষ্ঠিত কৰে ‘ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকাৰী’(এনএএলএছএ)য়ে। সম্প্ৰতি জিলা ন্যায়িক সেৱাসমূহৰ প্ৰাধিকাৰী( ডিএলএছএ)ৰ সৰ্বমুঠ সংখ্যা হৈছে ৬৭৬।

 

***

DS/AK/KB



(Release ID: 1846883) Visitor Counter : 130