প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪৪ সংখ্যক দবা অলিম্পিয়াডৰ শুভাৰম্ভণি ঘোষণা প্ৰধানমন্ত্ৰীৰ


ভাৰতত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড অনুষ্ঠিত কৰা হৈছে; ভাৰতে প্ৰতিযোগিতাখনিত এতিয়ালৈকে সৰ্ববৃহৎ দলেৰে অংশগ্ৰহণ কৰিছে

“দবাৰ গৃহ ভাৰততে দবাৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছে”

“৪৪ সংখ্যক দবা অলিম্পিয়াড বহু ক্ষেত্ৰতে প্ৰথম আৰু অভিলেখপূৰ্ণ প্ৰতিযোগিতা”

“ভাৰতৰ বাবে তামিলনাডু হৈছে দবাৰ ঘাটি”

“তামিলনাডু হৈছে আধুনিক মন, স্পন্দনশীল সংস্কৃতি আৰু বিশ্বৰ আটাইতকৈ পুৰণি ভাষা তামিলৰ কেন্দ্ৰ”

“ভাৰতত ক্ৰীড়াৰ বাবে বৰ্তমানতকৈ উত্তম সময় কেতিয়াও অহা নাছিল”

“যুৱ প্ৰজন্মৰ শক্তি আৰু অনুকূল পৰিবেশৰ নিখুঁত মিশ্ৰণৰ বাবে ভাৰতৰ ক্ৰীড়া সংস্কৃতি শক্তিশালী হৈ উঠিছে”

“খেলত পৰাজয়ৰ কথা নাথাকে। ইয়াত থাকে মাথো বিজেতা আৰু ভৱিষ্যতৰ বিজয়ী”

Posted On: 28 JUL 2022 8:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইৰ জেএলএন ইনড’ৰ ষ্টেডিয়ামত ৪৪ সংখ্যক দবা অলিম্পিয়াডৰ শুভাৰম্ভণি ঘোষণা কৰে। এই কাৰ্য্যসূচীত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী এল মুৰুগান, আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেশ্যন (FIDE) ৰ অধ্যক্ষ শ্ৰী আৰ্কাডি ড্ভোৰকোভিচ আদি উপস্থিত থাকে।

উপস্থিতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বৰ সকলো খেলুৱৈ আৰু দবা প্ৰেমীসকলক ভাৰতলৈ আদৰণি জনায়। তেখেতে ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ শুভ লগনতে এই কাৰ্য্যসূচীৰ সংযোগৰ কথা ব্যক্ত কৰে। তেখেতে লগতে কয় যে দবাৰ গৃহ ভাৰততে দবাৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে।

প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ৪৪ সংখ্যক দবা অলিম্পিয়াড বহু ক্ষেত্ৰতে প্রথম আৰু অভিলেখপূৰ্ণ প্রতিযোগিতা হিচাপে বিবেচিত হৈছে। দবাৰ উৎপত্তিস্থল ভাৰতত এইবাৰৰ দবা অলিম্পিয়াড অনুষ্ঠিত হৈছে। ৩ দশকৰ পিছত প্ৰথমবাৰৰ বাবে এছিয়াত অনুষ্ঠিত হৈছে। ইয়াত এতিয়ালৈকে সৰ্বাধিক সংখ্যক দেশে অংশগ্ৰহণ কৰিছে। ইয়াত এতিয়ালৈকে সৰ্বাধিক সংখ্যক দলে অংশগ্ৰহণ কৰিছে। ইয়াৰ মহিলা শাখাত সৰ্বাধিক অংশগ্ৰহণকাৰী আছে। দবা অলিম্পিয়াডৰ প্ৰথম টৰ্চ ৰিলে এইবাৰ আৰম্ভ হৈছে বুলিও তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দবাৰ সৈতে তামিলনাডুৰ এক শক্তিশালী ঐতিহাসিক সম্পৰ্ক আছে। এই কাৰণেই ভাৰতৰ বাবে ই দবাৰ ঘাটি। ই ভাৰতৰ বহু দবা বিশাৰদক জন্ম দিছে। ই হৈছে আধুনিক মন, স্পন্দনশীল সংস্কৃতি আৰু বিশ্বৰ আটাইতকৈ পুৰণি ভাষা তামিলৰ কেন্দ্ৰ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়া সুন্দৰ কিয়নো ইয়াত একত্ৰিত হোৱাৰ অন্তৰ্নিহিত শক্তি আছে। ক্ৰীড়াই মানুহ আৰু সমাজক ওচৰ চপাই আনে। ক্ৰীড়াই দলীয় মনোভাৱক প্ৰোৎসাহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত ক্ৰীড়াৰ বাবে বৰ্তমানতকৈ উত্তম সময় কেতিয়াও অহা নাছিল। “অলিম্পিক, পেৰা অলিম্পিক আৰু ডিফ অলিম্পিকত ভাৰতে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। আমি পূৰ্বে জয়ী নোহোৱা ক্ৰীড়াসমূহতো গৌৰৱ অৰ্জন কৰিছো”, তেখেতে কয়। তেখেতে লগতে কয় যে দুটা গুৰুত্বপূৰ্ণ কাৰকৰ নিখুঁত মিশ্ৰণৰ বাবে ভাৰতৰ ক্ৰীড়া সংস্কৃতি শক্তিশালী হৈ উঠিছে। এয়া হৈছে যুৱক-যুৱতীসকলৰ শক্তি আৰু অনুকূল পৰিবেশ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলত পৰাজয়ৰ কথা নাথাকে। ইয়াত থাকে মাথো বিজেতা আৰু ভৱিষ্যতৰ বিজয়ী। তেখেতে ৪৪ সংখ্যক দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰা সকলো দল আৰু খেলুৱৈৰ সফলতা কামনা কৰে।

 

পৃষ্ঠপট

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২২ ৰ ১৯ জুনত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াডৰ টৰ্চ ৰিলেৰো শুভাৰম্ভ কৰিছিল। এই শিখাক ৪০ দিনৰো অধিক সময় ধৰি দেশখনৰ ৭৫ খন ঐতিহাসিক স্থানলৈ লৈ যোৱা হয়। এই শিখাই প্ৰায় ২০,০০০ কিলোমিটাৰ অতিক্ৰম কৰে আৰু চুইজাৰলেণ্ডস্থিত এফআইডিই ৰ মুখ্য কাৰ্য্যালয়ত অৱস্থানৰ পূৰ্বে মহাবলীপুৰমত পৰিসমাপ্ত ঘটিছিল।

২০২২ ৰ ২৮ জুলাইৰপৰা ৯ আগষ্টলৈ চেন্নাইত ৪৪ সংখ্যক দবা অলিম্পিয়াড অনুষ্ঠিত হৈছে। ১৯২৭ ৰপৰা আয়োজিত এই সন্মানীয় প্ৰতিযোগিতাখনি ভাৰতত প্ৰথমবাৰৰ বাবে আৰু এছিয়াত ৩০ বছৰৰ পিছত আয়োজন কৰা হৈছে। ১৮৭ খন দেশৰ অংশগ্ৰহণেৰে, এয়া পূৰ্বৰ দবা অলিম্পিয়াডসমূহতকৈ সৰ্বাধিক অংশগ্ৰহণ। ভাৰতেও প্ৰতিযোগিতাখনিত ইয়াৰ সৰ্ববৃহৎ দলটোৰে অংশগ্ৰহণ কৰিছে। ইয়াৰ ৬ টা দলত ৩০ জন খেলুৱৈ আছে।

 

***

DS/AK/SB



(Release ID: 1846467) Visitor Counter : 110