প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মনৰ আহ্বান মানি চলিবলৈ ক’লে প্ৰধানমন্ত্ৰীয়ে

নিজৰ ফলাফলক লৈ সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 JUL 2022 2:05PM by PIB Guwahati

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছে।

 

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ সকলো যুৱ বন্ধুকে অভিনন্দন জনালো। এই যুৱক-যুৱতীসকলৰ ধৈৰ্য্য আৰু নিষ্ঠা প্ৰশংসনীয়। তেওঁলোকে মানৱ জাতিয়ে এক বিৰাট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে এই পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাইছিল আৰু আজি সফলতা লাভ কৰিছে।”

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ যুৱ এক্সাম ৱাৰিঅ’ৰসকলৰ বাবে অসংখ্য সুযোগে অপেক্ষা কৰি আছে। মই তেওঁলোকক মনৰ আহ্বান মানি চলিবলৈ আৰু ইচ্ছাৰ বিষয়সমূহৰ অন্বেষণ কৰিবলৈ আহ্বান জনাইছো। তেওঁলোকৰ ভৱিষ্যৎ প্ৰচেষ্টাৰাজিৰ অৰ্থে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।”

“একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফলত সন্তুষ্ট নহ’ব পাৰে কিন্তু তেওঁলোকে অৱশ্যেই জানিব লাগিব যে এটা পৰীক্ষাই কেতিয়াও তেওঁলোক কোন সেয়া নিৰ্ধাৰণ নকৰে। আগন্তুক সময়ত তেওঁলোকে অধিক সফলতা লাভ কৰিব বুলি মই নিশ্চিত। লগতে আমি পৰীক্ষাৰে সম্পৰ্কীয় আলোচনা কৰা দিশসমূহৰ অৱলোকনেৰে এইবাৰৰ পিপিচি শ্বেয়াৰ কৰিছো।”

 

***

DS/TS/SB


(रिलीज़ आईडी: 1845277) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Tamil , Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Kannada , Malayalam