প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে

পোষ্ট কৰা হৈছে: 22 JUL 2022 11:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"ৰাষ্ট্ৰপতি কোবিন্দজীৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰিছিলোঁ। এই নৈশ ভোজত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজী, ভেংকায়াজী আৰু মন্ত্ৰীসহ অন্যান্য সন্মানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। নৈশ ভোজত তৃণমূল পৰ্যায়ত সফলতা লাভ কৰা কেইবাজনো ব্যক্তি, পদ্ম বিজয়ী, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু অন্যান্যসকলক আদৰণি জনাবলৈ পাই আমি আনন্দিত হৈছোঁ।"

"ৰাষ্ট্ৰপতি কোবিন্দৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজৰ আৰু কিছু আভাস।"

 

 ***

DS/KG


(ৰিলিজ আই ডি : 1844910) অতিথি কক্ষ : 140