বিত্ত মন্ত্ৰালয়

১৬৩তম আয়কৰ দিৱস: ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত এক যাত্ৰা

Posted On: 24 JUL 2022 4:53PM by PIB Guwahati

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ড (চিবিডিটি) আৰু দেশজুৰি থকা তাৰ সকলো মাণ্ডলিক কাৰ্যালয়ে আজি আয়কৰ দিৱসৰ ১৬৩তম বৰ্ষপূৰ্তিৰ আয়োজন কৰে। এই উপলক্ষে মাণ্ডলিক স্তৰত কেইবাটাও কাৰ্যক্ৰম আৰু গতিবিধিৰ আয়োজন হয়। এই কাৰ্যক্ৰমসমূহত কৰদাতাৰ ৰাষ্ট্ৰৰ প্ৰতি যোগদানক সন্মান দিবলৈ সম্পৰ্ক কাৰ্যক্ৰম, কৰদাতা সন্মান কাৰ্যক্ৰম, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কম্পিউটাৰ ৰূমত সম্পদৰ সংশোধনৰ বাবে অংশ দান, বিভিন্ন বিভাগীয় কৰ্মচাৰী অনাথালয়/বৃদ্ধাশ্ৰমক স্বেচ্ছামূলক টোকেন দান, ৰক্তদান শিবিৰৰ আয়োজন, স্বাস্থ্য পৰীক্ষা আৰু কোভিড টীকাকৰণ শিবিৰ স্থাপন, বৃক্ষৰোপন তথা স্বচ্ছতা অভিযান অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, অৰ্দ্ধ মাৰাথন, চাইক্লথন, শিশু-যুৱ-বয়স্কক কৰ সাক্ষৰতাৰ ওপৰত ব'ৰ্ড গেমছৰ বিতৰণ, সাংস্কৃতিক কাৰ্যক্ৰম, চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ আৰু অন্যান্য কাৰ্যক্ৰমৰো আয়োজন কৰা হয়।

আয়কৰ বিভাগলৈ পঠিওৱা নিজৰ বাৰ্তাত কেন্দ্ৰীয় বিত্ত তথা কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে শেহতীয়া বছৰবিলাকত চৰকাৰৰ দ্বাৰা সম্পন্ন কৰা সংশোধনৰ জৰিয়তে এটা বিশ্বাস আধাৰিত কৰ প্ৰণালী সুনিশ্চিত হৈছে। বিত্ত মন্ত্ৰীয়ে কয় যে কৰদাতাসকলে কৰ সংগ্ৰহত সংশোধন আৰু আয়কৰ ৰিটাৰ্ণৰ সংখ্যাত বৃদ্ধিৰ লগতে এই বিশ্বাস আধাৰিত দৃষ্টিভংগীৰ পোষকতা কৰিছে। শ্ৰীমতী সীতাৰমণে নীতিগত সংশোধনৰ সফল ৰূপায়ণ আৰু নিজক কৰদাতাৰ ওপৰত কেন্দ্ৰীভূত সংগঠন হিচাপে প্ৰভাৱশালী ৰূপত সলনি কৰাত আয়কৰ বিভাগৰ প্ৰশংসা কৰে। বিত্ত মন্ত্ৰীয়ে যোৱা বিত্ত বৰ্ষৰ সময়ত বৰ্তমানলৈকে সৰ্বাধিক ১৪ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ বাবে বিভাগক অভিনন্দন জনায় আৰু আশা প্ৰকাশ কৰে যে বিভাগে চলিত বিত্ত বৰ্ষতো এই প্ৰদৰ্শন অব্যাহত ৰাখিব।

কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে নিজৰ বাৰ্তাত কয় যে কৰ বিভাগৰ দায়িত্ব কেৱল দক্ষ আৰু প্ৰভাৱশালী কৰ প্ৰশাসনতে সীমাবদ্ধ নহয়, বৰং সৎ কৰদাতাক সন্মানিত কৰা আৰু উন্নত কৰদাতা সুবিধা উপলব্ধ কৰোৱাও তাৰেই কাম। তেওঁ আজিৰ সময়ত মানুহৰ আৱশ্যকতা আৰু আকাংক্ষাৰ অনুৰূপ নিজৰ মাজত পৰিৱৰ্তন অনা আৰু নিজৰ কামকাজক পাৰদৰ্শী কৰি তোলা, হস্তক্ষেপ নোহোৱা আৰু কৰদাতাৰ অনুকূল কৰি তোলা বাবে বিভাগৰ প্ৰশংসা কৰে।

নিজৰ বাৰ্তাত, কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ডঃ ভাগৱত কিষনৰাও কৰাড়ে কয় যে আয়কৰ বিভাগে দেশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিছে। তেওঁ কেইবাটাও কঠিন সংশোধন ৰূপায়ণ কৰা বাবে বিভাগৰ প্ৰশংসা কৰে, য'ত কৰদাতা আৰু অন্যান্য হিতধাৰকৰ সৈতে নিজৰ সংযুক্তিক পুনৰ পৰিভাষিত কৰাৰ ক্ষমতা আছে।

ৰাজহ সচিব শ্ৰী তৰুণ বাজাজে নিজৰ বাৰ্তাত ইতিবাচক পৰিৱৰ্তনক আঁকোৱালি লৈ কৰদাতাক সংযমপূৰ্ণ সেৱা দিয়াৰ দৃষ্টিৰে নিজক এক সক্ষম সংগঠন হিচাপে প্ৰতিপন্ন কৰাত বিভাগৰ প্ৰশংসা কৰে। তেওঁ সজীৱ ঘটনাক্ৰমৰ সৈতে নিজক আপডেট ৰখা আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তথা ডাটা ইণ্টেলিজেঞ্চৰ দৰে আধুনিক প্ৰযুক্তি তথা হস্তক্ষেপ বিহীন ৰাজহ সংগ্ৰহ কৰাত ডাটা এনালাইটিক্সৰ সম্পদৰ ব্যৱহাৰৰ বাবে বিভাগক অভিনন্দন জনায় । তেওঁ কয় যে বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কৰদাতা সম্পৰ্ক কাৰ্যক্ৰমে এতিয়া কৰদাতা আৰু বিভাগৰ মাজত পৰস্পৰ বিশ্বাস তথা সন্মানৰ পৰিৱেশ সৃষ্টি কৰাৰ দিশত যথেষ্ট কাম কৰিব লাগিব।

চিবিডিটিৰ অধ্যক্ষ শ্ৰী নীতিন গুপ্তাই নিজৰ বাৰ্তাত, বিত্ত বৰ্ষ ২০২১-২২ত এতিয়ালৈকে সৰ্বাধিক ১৪.০৯ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা বাবে বিভাগক অভিনন্দন জনাই বিভাগীয় কৰ্মচাৰীক সদ্যহতে আৰাম নকৰিবলৈ আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে টেক্স পেয়াৰ্ছ চাৰ্টাৰৰ সঠিক ভাবনাৰে কৰদাতাৰ অভিযোগৰ ত্বৰিৎ সমাধান সদায়েই তেওঁলোকৰ প্ৰাথমিকতা হ'ব। তেওঁ বিশ্বাস ব্যক্ত কৰে যে বিভাগে আগৰ দৰেই সমান সেৱা কেন্দ্ৰিক দৃষ্টিভংগী, সঠিক মূল্য আৰু নীতিৰ দ্বাৰা শক্তিশালী হোৱাৰ দিশত কাম কৰি থাকিব। চিবিডিটিৰ অধ্যক্ষই 'সংবাদ'ৰ মাধ্যমত কৰদাতা আৰু হিতধাৰককো সম্বোধন কৰে, যি বিভাগৰ ইউটিউব চেনেলৰ মাধ্যমত প্ৰচাৰিত হৈছিল।

আয়কৰ দিৱসৰ আয়োজন বিভাগীয় কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰৰ সেৱাত এই পৰ্যন্ত যাত্ৰা দেখা আৰু ৰাষ্ট্ৰৰ বিকাশত যোগদান দিয়া বাবে নিজক পুনৰ সমৰ্পিত কৰাৰ সুযোগ হিচাপে কাম কৰিছে।

 

***

 

RM/MV/KMN



(Release ID: 1844896) Visitor Counter : 105