প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ২০০ কোটি পালিৰ ঘৰ অতিক্ৰমণৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীক বিল গেট্ছৰ অভিনন্দন


বিজ্ঞানী, চিকিত্সক আৰু নাৰ্ছৰ সমূহীয়া প্ৰয়াসৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী

Posted On: 20 JUL 2022 3:13PM by PIB Guwahati

ভাৰতৰ টীকাকৰণ অভিযানক শক্তি প্ৰদান কৰাত বিজ্ঞানী, চিকিত্সক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা সমূহীয়া প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিল গেট্ছেৰ অভিনন্দনসূচক এক টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,

“ভাৰতৰ টীকাকৰণ অভিযান ‘গতিবেগ’ আৰু ‘মাত্ৰা’ৰেও বৃহত্। বিজ্ঞানী, চিকিত্সক, নাৰ্ছসকলকে ধৰি আন বহুতৰ সমূহীয়া প্ৰয়াসেই এই অভিযানক শক্তি প্ৰদান কৰিছে। একে সময়তে ভাৰতৰ ৰাইজেও বিজ্ঞানৰ ওপৰত গভীৰ আস্থা প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকে ল’বলগীয়া প্ৰতিষেধকৰ পালিসমূহ সময় মতে গ্ৰহণ কৰিছে”।

https://t.co/yi9LQ2ITt4

***

DS/TS/KB


(Release ID: 1844102)