প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পি ভি সিন্ধুক তেওঁৰ প্ৰথম ছিংগাপুৰ অপেন খিতাপ জয় কৰাৰ বাবে অভিনন্দন জনায়

Posted On: 17 JUL 2022 2:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পি ভি সিন্ধুক প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অপেন খিতাপ অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আন খেলুৱৈসকলকো ই অনুপ্ৰেৰণা প্ৰদান কৰিব। 

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"মই @Pvsindhu1 প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অপেন খিতাপ জয় কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁ আকৌ এবাৰ নিজৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু সফলতা অৰ্জন কৰিছে। এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আন খেলুৱৈসকলেও অনুপ্ৰেৰণা লাভ কৰিব।"

***

DS/SH/MANN



(Release ID: 1842640) Visitor Counter : 97