প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান

“সু-অৱগত, উন্নত জ্ঞাত সমাজ আমাৰ সকলোৰে বাবে লক্ষ্য হ’ব লাগে, আহক আমি সকলোৱে ইয়াৰ বাবে একেলগে কাম কৰোঁ”

“অগ্ৰদূতে সদায় জাতীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ৰাখিছে”

“বানপানীৰ সময়ত অসমৰ জনসাধাৰণৰ অসুবিধা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে”

“ভাৰতীয় পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু উন্নয়নৰ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে”

“জন আন্দোলনে সাংস্কৃতিক ঐতিহ্য আৰু অসমীয়াৰ গৌৰৱ ৰক্ষা কৰিছে, এতিয়া জনসাধাৰণৰ অংশগ্ৰহণৰ সহায়ত অসমে নতুন উন্নয়নৰ কাহিনী ৰচনা কৰিছে”

“এটা বিশেষ ভাষা জনা কেইজনমান মানুহৰ মাজত কেনেকৈ বৌদ্ধিক স্থান সীমিত হৈ থাকিব পাৰে”

Posted On: 06 JUL 2022 5:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। অগ্ৰদূতৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানটোত উপস্থিত আছিল।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ‘অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ বলিষ্ঠ কণ্ঠ’ দৈনিক অগ্ৰদূতক এই উপলক্ষে অভিনন্দন জনোৱাৰ লগতে সাংবাদিকতাৰ মাধ্যমেৰে ঐক্য আৰু সম্প্ৰীতিৰ মূল্যবোধক জীয়াই ৰখাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে কনক সেন ডেকাৰ নিৰ্দেশনাত অগ্ৰদূতে সদায় জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে। আনকি জৰুৰীকালীন পৰিস্থিতিৰ সময়ত যেতিয়া গণতন্ত্ৰৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছিল, তেতিয়াও অগ্ৰদূত আৰু ডেকা মহোদয়ে সাংবাদিকতাৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাছিল। তেওঁ মূল্যভিত্তিক সাংবাদিকতাৰ এক নতুন প্ৰজন্মৰ সৃষ্টি কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে সহানুভূতি প্ৰকাশ কৰে যে বিগত কিছুদিন ধৰি অসমেও বানপানীৰ ৰূপত বৃহৎ প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হৈছে। অসমৰ বহু জিলাত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈছে। মুখ্যমন্ত্রী আৰু তেওঁৰ চৰকাৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ বাবে দিনে-নিশাই অতি কষ্ট কৰি আছে। প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক, অগ্ৰদূতৰ পাঠকসকলক আশ্বাস প্ৰদান কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একত্ৰিত হৈ তেওঁলোকৰ অসুবিধা হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু উন্নয়নৰ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ উৎকৃষ্ট অৱদানৰ ওপৰত আলোকপাত কৰে।সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা ৰাজ্যখন অতি স্পন্দনশীল স্থান হিচাপে পৰিগণিত হোৱাৰ বাবে ভাৰতত ভাষা সাংবাদিকতাৰ বিকাশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়া ভাষাত সাংবাদিকতা ১৫০ বছৰ পূর্বে আৰম্ভ হৈছিল আৰু সময়ৰ লগে লগে শক্তিশালী হৈ গৈ আছে বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে যোৱা ৫০ বছৰত দৈনিক অগ্ৰদূতৰ যাত্ৰাত অসমৰ পৰিৱৰ্তনৰ ছবি দেখিবলৈ পোৱা যায়। এই পৰিৱৰ্তন বাস্তৱায়িত কৰাত জন আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জন আন্দোলনে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু অসমীয়া গৌৰৱ ৰক্ষা কৰিছে। আৰু এতিয়া জনসাধাৰণৰ অংশগ্ৰহণৰ সহায়ত অসমে লিখিছে এক নতুন উন্নয়নৰ কাহিনী।

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া আলোচনা হয় তেতিয়া সমাধান হয়। সংলাপৰ জৰিয়তেহে সম্ভাৱনাৰ সম্প্ৰসাৰণ ঘটে। সেয়ে ভাৰতীয় গণতন্ত্ৰত জ্ঞানৰ প্ৰবাহৰ সমান্তৰালভাৱে তথ্যৰ প্ৰবাহো অবিৰতভাৱে প্ৰবাহিত হৈ আছে। অগ্ৰদূত সেই পৰম্পৰাৰ অংশ বুলিও তেওঁ কয়।

স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীয়ে এটা বিশেষ ভাষা জনা কেইজনমান লোকৰ মাজত বৌদ্ধিক স্থান সীমিত কৰাৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁ আৰু কয় যে এই প্ৰশ্ন কেৱল আৱেগৰ নহয় বৈজ্ঞানিক যুক্তিৰ। ইয়াক তিনিটা ঔদ্যোগিক বিপ্লৱৰ গৱেষণাত পিছ পৰি থকাৰ কাৰণ হিচাপে চাব পাৰি। প্ৰধানমন্ত্ৰীয়ে কয় যে দাসত্বৰ দীঘলীয়া সময়ছোৱাত ভাৰতীয় ভাষাৰ সম্প্ৰসাৰণ বন্ধ কৰি দিয়া হৈছিল, আৰু আধুনিক এপিষ্টেম’লজীত গৱেষণা কেইটামান ভাষাত সীমাবদ্ধ আছিল। ভাৰতৰ এটা বৃহৎ অংশৰ সেই ভাষাবোৰৰ, সেই জ্ঞানৰ কোনো সুবিধা নাছিল। তেওঁ লগতে কয় যে বুদ্ধিমত্তাৰ বিশেষজ্ঞতাৰ পৰিসৰ সংকুচিত হৈ থাকিল। ইয়াৰ বাবেই উদ্ভাৱন আৰু উদ্ভাৱনৰ ধাৰাটোও সীমিত হৈ পৰিছে। চতুৰ্থ ঔদ্যোগিক বিপ্লৱত ভাৰতে বিশ্বক নেতৃত্ব দিয়াৰ এক বৃহৎ সুযোগ আছে। এই সুযোগ আমাৰ ডাটা পাৱাৰ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ বাবেই হৈছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে “কোনো ভাৰতীয়ক কেৱল ভাষাৰ বাবেই উত্তম তথ্য, উত্তম জ্ঞান, উত্তম দক্ষতা আৰু উত্তম সুযোগৰ পৰা বঞ্চিত হ’ব নালাগে, এয়া আমাৰ প্ৰচেষ্টা। সেইবাবেই আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতীয় ভাষাৰ অধ্যয়নক উৎসাহিত কৰিছো।”

প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাত জ্ঞানৰ বিষয়বস্তুৰ ওপৰত আৰু কয় যে “বিশ্বৰ উত্তম বিষয়বস্তু ভাৰতীয় ভাষাত উপলব্ধ কৰাটো এতিয়া আমাৰ প্ৰচেষ্টা। ইয়াৰ বাবে আমি ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানত কাম কৰি আছো। প্ৰয়াসটো হ’ল যে জ্ঞান আৰু তথ্যৰ এক বিশাল ভঁৰাল হিচাপে পৰিগণিত হোৱা ইণ্টাৰনেটক প্ৰতিজন ভাৰতীয়ই নিজৰ ভাষাত ব্যৱহাৰ কৰিব পাৰে।” তেওঁ শেহতীয়াকৈ মুকলি কৰা ইউনিফাইড লেংগুৱেজ ইন্টাৰফেচ ভাষিনী প্লেটফৰ্মৰ কথাও কয়। “কোটি কোটি ভাৰতীয়ক নিজৰ ভাষাত ইণ্টাৰনেট উপলব্ধ কৰাটো সামাজিক আৰু অৰ্থনৈতিক প্ৰতিটো দিশৰ পৰা গুৰুত্বপূৰ্ণ”, তেওঁ লগতে কয়।

অসম আৰু উত্তৰ-পূবৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংগীতৰ এক চহকী পৰম্পৰা আছে আৰু ইয়াক সামগ্ৰিকভাৱে বিশ্বৰ মাজলৈ যোৱাটো প্ৰয়োজন। তেওঁ কয় যে অঞ্চলটোৰ ভৌতিক আৰু ডিজিটেল সংযোগৰ ক্ষেত্ৰত যোৱা ৮ বছৰৰ প্ৰচেষ্টাই অসমৰ জনজাতীয় পৰম্পৰা, পৰ্যটন আৰু সংস্কৃতিৰ বাবে বিপুল লাভজনক হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচাৰত আমাৰ সংবাদ মাধ্যমে যি ইতিবাচক ভূমিকা পালন কৰিছে, সেয়া আজিও সমগ্ৰ দেশ আৰু বিশ্বজুৰি প্ৰশংসিত হৈছে। “এনেদৰে অমৃত মহোৎসৱতো দেশৰ সংকল্পত আপুনি অংশগ্ৰহণকাৰী হ’ব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

“এখন তথ্য সমৃদ্ধ সমাজ আমাৰ সকলোৰে বাবে লক্ষ্য হ’ব লাগে, আহক আমি সকলোৱে মিলি ইয়াৰ বাবে কাম কৰোঁ”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কৈ সামৰণি মাৰে।

***

DS/AK/MS



(Release ID: 1839661) Visitor Counter : 1338