প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে 'বাণিজ্য ভৱন' উদ্বোধন কৰে আৰু নিৰ্যাত প’ৰ্টেল মুকলি কৰে


"দেশ নাগৰিক-কেন্দ্ৰিক শাসনৰ দিশত আগবাঢ়িছে"

"ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নীতি, সিদ্ধান্ত, সংকল্প আৰু সেইবোৰৰ ৰূপায়ণ স্বাধীন ভাৰতৰ লক্ষ্যত অতি গুৰুত্বপূৰ্ণ আছিল"

"চৰকাৰ আৰু ইয়াৰ সুবিধাসমূহৰ বাবে সহজ প্ৰৱেশাধিকাৰ সুনিশ্চিত কৰাটো এক প্ৰধান অগ্ৰাধিকাৰ"

"কৰদাতাসকলক তেতিয়াহে সন্মান কৰা হয় যেতিয়া প্ৰকল্প আৰু আঁচনিবোৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হয়"

"বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপনৰ সময়ৰ পৰা উদ্বোধনলৈকে দেশত পৰিৱৰ্তনশীল প্ৰগতি ঘটিছে"

"উন্নয়নশীলৰ পৰা উন্নত স্থিতিলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰপ্তানিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে"

Posted On: 23 JUN 2022 12:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত 'বাণিজ্য ভৱন' উদ্বোধন কৰাৰ উপৰিও নিৰ্যাত পৰ্টেল মুকলি কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী সোম প্ৰকাশ আৰু শ্ৰীমতী অনুপ্ৰিয়া পেটেল উপস্থিত আছিল।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি নতুন ভাৰতত নাগৰিক কেন্দ্ৰিক প্ৰশাসনৰ যাত্ৰা পথত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে যি পথত বিগত ৮ বছৰ ধৰি দেশখন আগবাঢ়ি আছে। তেওঁ কয়, দেশখনে এখন নতুন আৰু আধুনিক বাণিজ্যিক ভৱনৰ লগতে এটা ৰপ্তানি পৰ্টেল, এটা প্ৰতিষ্ঠানিক আৰু আনটো ডিজিটেল আন্তঃগাঁথনি উপহাৰ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি দেশৰ প্ৰথম উদ্যোগ মন্ত্ৰী ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীও। তেওঁ কয়, "স্বাধীন ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ নীতি, সিদ্ধান্ত, সংকল্প আৰু সেইবোৰৰ পৰিপূৰ্ণতা অতি গুৰুত্বপূৰ্ণ আছিল। আজি দেশখনে তেওঁক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।"

মন্ত্ৰালয়ৰ নতুন আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া সহজে ব্যৱসায় কৰাৰ আৰু তাৰ জৰিয়তে 'জীৱনধাৰণ সহজ কৰাৰো' সংকল্প পুনৰায় গ্ৰহণ কৰাৰ সময় আহিছে। তেওঁ কয় যে সহজে সুযোগ গ্ৰহণৰ উপায় এই দুয়োটাৰ মাজৰ সংযোগ সৃষ্টিকাৰী। তেওঁ কয়, চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নালাগে আৰু চৰকাৰক সহজে উপলব্ধ কৰাটো চৰকাৰৰ এক প্ৰধান অগ্ৰাধিকাৰ। এই দৃষ্টিভংগী স্পষ্টভাৱে চৰকাৰৰ নীতিত প্ৰতিফলিত হৈছে বুলি তেওঁ কয়।

শেহতীয়া অতীতৰ বহুতো উদাহৰণ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতৰ নতুন কৰ্ম সংস্কৃতিত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ তাৰিখ সাধাৰণভাৱে প্ৰকল্পৰেই অংগ আৰু ইয়াক কঠোৰভাৱে পালন কৰা হয়। তেওঁ কয় যে যেতিয়া চৰকাৰৰ কোনো প্ৰকল্প বছৰ বছৰ ধৰি পৰি নাথাকে আৰু সময়মতে সম্পূৰ্ণ হয়, তেতিয়াহে চৰকাৰৰ আঁচনিবোৰ ইয়াৰ লক্ষ্যত উপনীত হয় আৰু তেতিয়াহে দেশৰ কৰদাতাক সন্মান কৰা হয়। এতিয়া প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ৰূপত এক আধুনিক ব্যৱস্থা আমাৰ ওচৰত আছে। তেওঁ কয়, এই বাণিজ্য ভৱনে দেশৰ 'গতিশক্তি' আৰু অধিক গতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন বাণিজ্য ভৱনক এই সময়ত বাণিজ্য ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ সাফল্যৰ প্ৰতীক হিচাপে উল্লেখ কৰে। তেওঁ কয় যে আধাৰশিলা স্থাপনৰ সময়ত তেওঁ উদ্ভাৱনৰ প্ৰয়োজনীয়তাৰ ওপৰত আৰু আন্তৰ্জাতিক উদ্ভাৱন সূচকৰ উন্নতিৰ গুৰুত্ব আৰোপ কৰিছিল। আজি, আন্তৰ্জাতিক উদ্ভাৱন সূচকত ভাৰত ৪৬ তম স্থানত আছে আৰু নিৰন্তৰ উন্নতি কৰি আছে। তেওঁ ব্যৱসায় কৰাৰ সহজতা উন্নত কৰাৰ কথাও কৈছিল, আজি ৩২০০০ৰো অধিক অপ্ৰয়োজনীয় বিধি আঁতৰ কৰা হৈছে। একেদৰে, এই ভৱনটোৰ আধাৰশিলা স্থাপনৰ সময়ত জিএছটি নতুন আছিল, আজি প্ৰতি মাহে ১ লাখ কোটি জিএছটি সংগ্ৰহ সাধাৰণ হৈ পৰিছে। চৰকাৰী ই-বজাৰৰ ক্ষেত্ৰত সেইসময়ত ৯ হাজাৰ কোটি টকাৰ অৰ্ডাৰৰ বিষয়ে আলোচনা কৰা হৈছিল, আজি, পৰ্টেলত ৪৫ লাখতকৈও অধিক ক্ষুদ্ৰ উদ্যোগীৰ নাম পঞ্জীয়ন কৰা হৈছে আৰু ২.২৫ লাখ কোটিতকৈ অধিক মূল্যৰ অৰ্ডাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে সেই সময়ত ১২০ টা মোবাইল ইউনিটৰ বিষয়ে কথা কৈছিল, যি ২০১৪ চনত মাত্ৰ ২ টা আছিল, আজি এই সংখ্যাই ২০০ অতিক্ৰম কৰিছে। ৪ বছৰ আগৰ ৫০০ৰ পৰা আজি ভাৰতত ২৩০০টা পঞ্জীভুক্ত ফিন-টেক ষ্টাৰ্টআপ আছে। বাণিজ্য ভৱন ইণ্ডিয়াৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰতি বছৰে ৮,০০০ ষ্টাৰ্টআপক স্বীকৃতি দিয়া আৰম্ভ হৈছিল। আজি এই সংখ্যা ১৫,০০০তকৈও অধিক বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা বছৰ সমগ্ৰ বিশ্বব্যাপী নজিৰবিহীন বাধা-বিঘিনি সত্বেও ভাৰতৰ ৰপ্তানি হৈছে ৬৭০ বিলিয়ন ডলাৰ বা ৫০ লাখ কোটি টকা। যোৱা বছৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বাধা-বিঘিনি সত্বেও দেশে ৪০০ বিলিয়ন ডলাৰ অৰ্থাৎ ৩০ লাখ কোটি সামগ্ৰী ৰপ্তানিৰ সীমা অতিক্ৰম কৰিব লাগিব। আমি ইয়াক অতিক্ৰম কৰি ৪১৮ বিলিয়ন ডলাৰ অৰ্থাৎ ৩১ লাখ কোটি টকাৰ ৰপ্তানিৰ এক নতুন অভিলেখ গঢ়িছোঁ। প্ৰধানমন্ত্ৰীয়ে কয়, "বিগত বছৰসমূহৰ এই সফলতাৰ দ্বাৰা উৎসাহিত হৈ আমি এতিয়া আমাৰ ৰপ্তানিৰ লক্ষ্য বৃদ্ধি কৰিছোঁ আৰু সেই লক্ষ্য পূৰণৰ বাবে আমাৰ প্ৰচেষ্টা দুগুণ কৰিছোঁ। এই নতুন লক্ষ্যসমূহ পূৰণ কৰাৰ বাবে সকলোৰে সামূহিক প্ৰচেষ্টা অতি প্ৰয়োজনীয়"। তেওঁ লগতে কয় যে কেৱল হ্ৰস্বম্যাদী নহয়, দীৰ্ঘম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, নিৰ্যাত—নেশ্যনেল-ইমপোৰ্ট-এক্সপৰ্ট ফৰ ইয়াৰ্লি এনালাইচিচ অৱ ট্ৰেড পট্ৰেল-এ সকলো অংশীদাৰকে বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰি অচলায়তন ভংগ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "এই পৰ্টেলৰ পৰা সমগ্ৰ বিশ্বৰ ২০০ খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰা ৩০ টাতকৈও অধিক সামগ্ৰী গোটৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য উপলব্ধ হ'ব। আগন্তুক সময়ত, প্ৰতিখন জিলাৰ ৰপ্তানি সম্পৰ্কীয় তথ্যও ইয়াত উপলব্ধ হ'ব। ইয়াৰ ফলত জিলাসমূহক ৰপ্তানিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ প্ৰচেষ্টাও শক্তিশালী হ'ব।"

প্ৰধানমন্ত্ৰীয়ে উন্নয়নশীলৰ পৰা উন্নত দেশলৈ পৰিণত হোৱাৰ ক্ষেত্ৰত দেশৰ পৰিৱৰ্তনত ৰপ্তানি বৃদ্ধিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত আঠ বছৰত ভাৰতে নিৰন্তৰভাৱে ইয়াৰ ৰপ্তানি বৃদ্ধি কৰি আহিছে আৰু ৰপ্তানিৰ লক্ষ্য পূৰণ কৰি আহিছে। ৰপ্তানি বৃদ্ধি, সহজ প্ৰক্ৰিয়া, প্ৰক্ৰিয়া সৰলীকৰণ আৰু সামগ্ৰীবোৰ নতুন বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত উন্নত নীতিয়ে যথেষ্ট সহায় কৰিছে। তেওঁ কয় যে আজি প্ৰতিটো মন্ত্ৰালয়, চৰকাৰৰ প্ৰতিটো বিভাগে 'সাৰ্বিক চৰকাৰ' দৃষ্টিভংগীৰে ৰপ্তানি বৃদ্ধিত অগ্ৰাধিকাৰ দিছে। এম.এছ.এম.ই. মন্ত্ৰালয়েই হওঁক বা বৈদেশিক পৰিক্ৰমা, কৃষি বা বাণিজ্য মন্ত্ৰালয়েই হওঁক, সকলোৱে এক উমৈহতীয়া লক্ষ্যৰ বাবে উমৈহতীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, "নতুন ক্ষেত্ৰৰ পৰা ৰপ্তানি বৃদ্ধি পাইছে। আনকি বহুতো প্ৰত্যাশী জিলাৰ পৰাও ৰপ্তানি এতিয়া বহুগুণে বৃদ্ধি পাইছে। কপাহ আৰু হস্ততাঁত সামগ্ৰীৰ ৰপ্তানি ৫৫ শতাংশ বৃদ্ধিয়ে দেখুৱায় যে কেনেদৰে তৃণমূল স্তৰত কাম কৰা হৈছে"।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভোকেল ফৰ লোকেল অভিযান, 'এক জিলা, এটা সামগ্ৰী' আঁচনিৰ জৰিয়তে চৰকাৰে স্থানীয় সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত ৰপ্তানি বৃদ্ধিত সহায় হৈছে। এতিয়া আমাৰ বহুতো সামগ্ৰী প্ৰথমবাৰৰ বাবে পৃথিৱীৰ নতুন দেশলৈ ৰপ্তানি কৰা হৈছে। বাহৰেইনলৈ সীতাভোগ মিথাই, নাগালেণ্ডৰ জলকীয়া লণ্ডনলৈ ৰপ্তানি কৰা, অসমৰ সতেজ বাৰ্মিজ আঙুৰ ডুবাইলৈ, জনজাতীয় মহুয়া সামগ্ৰী ছত্তিশগড়ৰ পৰা ফ্ৰান্সলৈ  আৰু কাৰ্গিলৰ খুমানী ডুবাইলৈ ৰপ্তানিৰ দৰে উদাহৰণ দাঙি ধৰি তেওঁ কয়, "আমাৰ লোকেল দ্ৰুতগতিত গ্লবেল হৈ উঠিছে"।

শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ পুনৰাবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ কৃষক, শিপিনী আৰু আমাৰ পৰম্পৰাগত সামগ্ৰীসমূহক ৰপ্তানি পৰিমণ্ডলৰ সৈতে সংযোগ কৰিবলৈ আমি সহায় কৰিছোঁ আৰু জিআই টেগিংত গুৰুত্ব আৰোপ কৰিছোঁ।"

তেওঁ যোৱা বছৰ ইউ.এ.ই. আৰু অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্য চুক্তিৰ কথাও উল্লেখ কৰে আৰু জনাই যে আন দেশৰ সৈতেও যথেষ্ট অগ্ৰগতি হৈছে। তেওঁ ভাৰতৰ বাবে এক অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশক সুযোগলৈ ৰূপান্তৰ কৰিবলৈ বিদেশত থকা ভাৰতীয় কূটনৈতিক প্ৰতিষ্ঠানসমূহে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে। তেওঁ কয়, "দেশৰ প্ৰগতিৰ বাবে ব্যৱসায়ৰ স্বাৰ্থত নতুন বজাৰ চিনাক্ত কৰা আৰু প্ৰয়োজনীয়তা অনুসৰি সামগ্ৰী উৎপাদন কৰাটো অতি গুৰুত্বপূৰ্ণ।"

শেষত প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো বিভাগক সাম্প্ৰতিক সময়ত বিকশিত কৰা পৰ্টেল আৰু প্লেটফৰ্মসমূহৰ সময়ে সময়ে পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, "যি লক্ষ্যৰে আমি এই ব্যৱস্থা বিকশিত কৰিছোঁ, তাত কিমান সাফল্য লাভ কৰা গৈছে আৰু যদিহে কোনো সমস্যা আছে তেন্তে সেইবোৰ সমাধান কৰাৰ বাবে প্ৰচেষ্টা কৰা উচিত।"

 

 ***

DS/AK/KG



(Release ID: 1837840) Visitor Counter : 123