পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

১ জুলাই, ২০২২ ৰ পৰা চিনাক্তকৃত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ


নিষিদ্ধ কৰা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ অবৈধ প্ৰস্তুত, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিৰীক্ষণৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব

সকলো পক্ষৰে সক্ৰিয় সহযোগিতা আৰু সমন্বিত প্ৰচেষ্টাৰ জৰিয়তেহে মাথো এই নিষেধাজ্ঞা আৰোপৰ সফলতা সম্ভৱ

এছইউপিৰ নিষিদ্ধকৰণত জনসাধাৰণৰ অংশগ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ

Posted On: 28 JUN 2022 1:04PM by PIB Guwahati

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ২০২২ ৰ ভিতৰত পৰ্য্যায়ক্ৰমে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীসমূহৰ ব্যৱহাৰ বন্ধ কৰাৰ আহ্বানৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ১২ আগষ্ট, ২০২১ ত প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা সংশোধনী বিধি, ২০২১ জাৰি কৰে। দেশখনে 'আজাদী কা অমৃত মহোৎসৱ' ৰ উদ্দীপনাক আগুৱাই নি আৱৰ্জনা আৰু অব্যবস্থাপিত প্লাষ্টিকৰ আৱৰ্জনাসমূহৰদ্বাৰা সৃষ্ট প্ৰদূষণ ৰোধৰ বাবে এক সবল পদক্ষেপ গ্ৰহণ কৰে। ভাৰতে ১ জুলাই, ২০২২ ৰপৰা সমগ্ৰ দেশখনতে নিম্ন উপযোগিতা আৰু আৱৰ্জনা হোৱাৰ অধিক সম্ভাৱনা থকা চিনাক্তকৃত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীসমূহৰ প্ৰস্তুত, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব।

সামুদ্ৰিক পৰিবেশকে ধৰি স্থলজ আৰু জলজ বাতাবৰণটোত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ আৱৰ্জনাৰ বিৰূপ প্ৰভাৱ বিশ্বব্যাপী চৰ্চিত। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ফলত হোৱা প্ৰদূষণৰে মোকাবিলা কৰাটো সকলো দেশে সন্মুখীন হোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানত পৰিণত হৈছে। 

২০১৯ ত অনুষ্ঠিত ৪ৰ্থ ৰাষ্ট্ৰসংঘৰ পৰিবেশ সন্মিলনত ভাৰতে এবাৰ- ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ প্ৰদূষণৰে মোকাবিলাৰ ক্ষেত্ৰত, বিশ্ব সমাজখনে এই অতিশয় গুৰুত্বপূৰ্ণ বিষয়টোত গুৰুত্ব আৰোপৰ জৰুৰী প্ৰয়োজনীয়তাক উল্লেখেৰে এটি প্ৰস্তাৱ জনাইছিল। ইউএনইএ ৪ ত এই প্ৰস্তাৱক গ্ৰহণ কৰাটো এটি উল্লেখযোগ্য পদক্ষেপ আছিল। সদ্যসমাপ্ত অৰ্থাৎ, মাৰ্চ, ২০২২ ত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰসংঘৰ পৰিবেশ সন্মিলনৰ ৫ম অধিবেশনত ভাৰতে প্লাষ্টিক প্ৰদূষণ সন্দৰ্ভত বৈশ্বিক ব্যৱস্থা গ্ৰহণৰ অৰ্থে এই প্ৰস্তাৱক লৈ ঐক্যমতত উপনীত হ’বলৈ সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে গঠনমূলক আলোচনাত মিলিত হয়।

ভাৰত চৰকাৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা সৃষ্ট প্ৰদূষণ হ্ৰাসৰ অৰ্থে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিষিদ্ধ কৰা সামগ্ৰীসমূহৰ তালিকাখনত আছে - প্লাষ্টিকৰ ষ্টিকৰে য়াৰ বাড, বেলুনৰ বাবে প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেনডী ষ্টিক, আইচ-ক্ৰীমৰ ষ্টিক, সজোৱাৰ বাবে পলিষ্টাইৰিন (থাৰ্ম’কল), প্লাষ্টিকৰ প্লেট, কাপ, গিলাচ, কাঁটাচামুচ, চামুচ, চুৰীৰ দৰে কাটলেৰী, ষ্ট্ৰ', ট্ৰে, মিঠাইৰ বাকচৰ চাৰিওফালে ৰেপিং বা পেকিং ফিল্ম, আমন্ত্ৰণী পত্ৰ, চিগাৰেটৰ পেকেট, ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ, ষ্টাইৰাৰ।

প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা সংশোধনী বিধি, ২০২১ য়ে তদুপৰি ৩০ ছেপ্টেম্বৰ, ২০২১ ৰপৰা কাৰ্য্যকৰী হোৱাকৈ ৭৫ মাইক্ৰনতকৈ কম ডাঠ আৰু ৩১ ডিচেম্বৰ, ২০২২ ৰপৰা কাৰ্য্যকৰী হোৱাকৈ ১২০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ কেৰী বেগৰ প্ৰস্তুত, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

১৬ ফেব্ৰুৱাৰী, ২০২২ ত পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে লগতে প্লাষ্টিকৰ পেকেজিঙৰ ক্ষেত্ৰত সম্প্ৰসাৰিত উৎপাদকৰ দায়িত্ব সন্দৰ্ভত নীতি-নিৰ্দেশনাও প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা সংশোধনী বিধি, ২০২২ হিচাপে জাৰি কৰিছে। সম্প্ৰসাৰিত উৎপাদকৰ দায়িত্ব (EPR) হৈছে এজন উৎপাদকৰ এনে এক সামগ্ৰীৰ নিষ্পত্তি নোহোৱা পৰ্য্যন্ত পাৰিপাৰ্শ্বিকভাৱে সবল ব্যৱস্থাপনাৰ দায়বদ্ধতা। এই নীতি-নিৰ্দেশনাই প্লাষ্টিকৰ পেকেজিং আৱৰ্জনাৰ ‘চাৰ্কুলাৰ ইকনমি’ সুদৃঢ়কৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ, প্লাষ্টিকৰ পেকেজিঙৰ নতুন বিকল্পৰ বিকাশক প্ৰোৎসাহিত আৰু ব্যৱসায়ীসকলে বহনক্ষম প্লাষ্টিকৰ পেকেজিঙৰ উপায় অন্বেষণৰ পথ প্ৰশস্ত কৰিব। 

ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান (CIPET) আৰু ইয়াৰ ৰাজ্যিক কেন্দ্ৰসমূহৰ সৈতে চিপিচিবি / এছপিচিবি / পিচিচিসমূহৰ সহযোগত নিষিদ্ধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ বিকল্প প্ৰস্তুতৰ অৰ্থে কাৰিকৰী সহায় আগবঢ়াবলৈ এমএছএমই ইউনিটসমূহৰ বাবে কেপাচিটি বিল্ডিং কৰ্মশালাৰ আয়োজন কৰা হৈছে। নিষিদ্ধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ৰূপান্তৰৰ ক্ষেত্ৰত এনে প্ৰতিষ্ঠানসমূহক সহায়ৰ অৰ্থেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ভাৰত চৰকাৰে লগতে সমগ্ৰ দেশখনতে বিকল্প সামগ্ৰীৰ ত্বৰান্বিত প্ৰৱেশ আৰু উপলব্ধতাৰ বাবে উদ্ভাৱনক প্ৰোৎসাহিতকৰণ আৰু এক বাতাবৰণ সৃষ্টিৰ অৰ্থেও পদক্ষেপ গ্ৰহণ কৰিছে। 

১ জুলাই, ২০২২ ৰপৰা চিনাক্তকৃত এছইউপি সামগ্ৰীসমূহত আৰোপিত নিষেধাজ্ঞাৰ ফলপ্ৰসূ বলবৎকৰণৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব আৰু নিষিদ্ধ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰীসমূহৰ অবৈধ প্ৰস্তুত, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিৰীক্ষণৰ বাবে বিশেষ বলবৎকাৰী দল গঠন কৰা হ’ব। নিষিদ্ধ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহ ৰোধৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সীমান্ত চেক পইন্ট স্থাপন কৰিবলৈ কোৱা হৈছে। 

প্লাষ্টিকৰ ভীতি ৰোধত সহায়ৰ অৰ্থে নাগৰিকসকলক সবলীকৰণৰ বাবে চিপিচিবি অভিযোগ নিষ্পত্তি এপ মুকলি কৰা হৈছে। বিস্তৃত জন সজাগতাৰ অৰ্থে ৫ এপ্ৰিলত প্ৰকৃতি (PRAKRITI) – নামেৰে এটি শুভংকৰো উন্মোচন কৰা হয়। 

চৰকাৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিৰ্মূল কৰিবলৈ সজাগতা সৃষ্টিৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই সজাগতা অভিযানে উদ্যোগী আৰু ষ্টাৰ্টআপ, উদ্যোগ, কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয় চৰকাৰ, নিয়ামক সংস্থা, বিশেষজ্ঞ, নাগৰিক সংস্থা, গৱেষণা ও উন্নয়ন (R&D) আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰিছে। 

সকলো পক্ষৰে সক্ৰিয় সহযোগিতা আৰু সমন্বিত প্ৰচেষ্টা তথা জনসাধাৰণৰ উৎসাহজনক অংশগ্ৰহণৰ জৰিয়তেহে মাথো এই নিষেধাজ্ঞা আৰোপৰ সফলতা সম্ভৱ বুলি মন্ত্ৰালয়ে বিশ্বাস কৰে। 

 

***



(Release ID: 1837577) Visitor Counter : 524