প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৯ জুনত প্ৰগতি ময়দান সুসংহত যোগাযোগ কৰিডৰ প্ৰকল্প দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে


মূল সুৰংগ আৰু পাঁচটা আণ্ডাৰপাছ উৎসৰ্গা কৰা হ’ব

ই প্ৰগতি ময়দান পুনৰ্বিকাশ প্ৰকল্পৰ এক অবিচ্ছেদ্য অংশ

ইয়াৰ জৰিয়তে যান-বাহনৰ বাধাহীন চলাচল নিশ্চিত হ’ব আৰু ভৈৰোঁ মাৰ্গৰ যান-বাহনৰ বোজা হ্ৰাস কৰিব

এই প্ৰকল্পই নগৰীয় আন্তঃগাঁথনি সংস্কাৰৰ জৰিয়তে সহজ জীৱনযাত্ৰা নিশ্চিত কৰিব

Posted On: 17 JUN 2022 10:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুন, ২০২২ তাৰিখে পুৱা ১০:৩০ বজাত প্ৰগতি ময়দান সুসংহত যোগাযোগ কৰিডৰ প্ৰকল্পৰ মূল সুৰংগ আৰু পাঁচটা আণ্ডাৰপাছ দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত তেওঁ সমবেত লোকসকলক সম্বোধন কৰিব। সুসংহত যোগাযোগ কৰিডৰ প্ৰকল্পটো প্ৰগতি ময়দান পুনৰ্বিকাশ প্ৰকল্পৰ এক অবিচ্ছেদ্য অংশ।

প্ৰগতি ময়দান সুসংহত যোগাযোগ কৰিডৰ প্ৰকল্পটো ৯২০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকল্প নিৰ্মাণৰ সম্পূৰ্ণ পুঁজি যোগান ধৰিছে। প্ৰগতি ময়দানত গঢ়ি তোলা নতুন বিশ্বমানৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰলৈ নতুন এই যোগাযোগ ব্যৱস্থাৰ মাধ্যমেৰে বাধাহীনভাৱে চলাচল কৰিব পৰা যাব। ইয়াৰ ফলত প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা কাৰ্যসূচীসমূহত আয়োজক আৰু দৰ্শনাৰ্থীসকলে সহজেই অংশগ্ৰহণ কৰিব পাৰিব।

এই প্ৰকল্পটোৰ সুপ্ৰভাৱ প্ৰগতি ময়দানৰ সীমা অতিক্ৰমি আন স্থানতো পৰিব। ইয়াৰ জৰিয়তে যান-বাহনৰ বাধাহীন চলাচল নিশ্চিত হ'ব, যাত্ৰীসকলৰ সময় আৰু ব্যয় বৃহৎ পৰিমাণে ৰাহি হ'ব। নগৰীয় আন্তঃগাঁথনিৰ সংস্কাৰৰ জৰিয়তে নাগৰিকৰ সহজ জীৱনযাত্ৰা নিশ্চিত কৰাৰ বাবে চৰকাৰে যি পৰিকল্পনা গ্ৰহণ কৰিছে ই তাৰেই এটা অংশ।

মূল সুৰংগটোৱে ৰিং ৰোডক প্ৰগতি ময়দানৰ মাজেৰে পাৰ হৈ পুৰাণ কিলা ৰোড হৈ ইণ্ডিয়া গেটৰ সৈতে সংযোগ কৰে। ছয় লেনযুক্ত সুৰংগটোৰ প্ৰতিটো লেনক বেলেগ বেলেগ উদ্দেশ্যত ব্যৱহাৰ কৰা হব। ইয়াৰ ফলত প্ৰগতি ময়দানৰ তলফালে থকা বিশাল পাৰ্কিং অঞ্চলত সহজেই প্ৰৱেশ কৰিব পৰা যাব। সুৰংগটোৰ এটা অনন্য বৈশিষ্ট্য হ'ল পাৰ্কিং স্থানৰ দুয়োফালৰ পৰা যান-বাহন চলাচলৰ সুবিধাৰ বাবে মূল সুৰংগ পথৰ তলত দুটা ক্ৰছ সুৰংগ নিৰ্মাণ কৰা হৈছে। ই নিৰৱচ্ছিন্ন যান-বাহনৰ চলাচলৰ বাবে শেহতীয়া অত্যাধুনিক প্ৰযুক্তি যেনে স্মাৰ্ট ফায়াৰ মেনেজমেণ্ট, আধুনিক ভেণ্টিলেচন আৰু স্বয়ংক্ৰিয় নিষ্কাশন, ডিজিটেলভাৱে নিয়ন্ত্ৰিত চিচিটিভি আৰু সুৰংগৰ ভিতৰত জনসাধাৰণৰ বাবে ঘোষণা প্ৰণালীৰো সংযোগ কৰা হৈছে। দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এই সুৰংগটোৱে ভৈৰোঁ মাৰ্গলৈ এক বিকল্প পথ হিচাপে কাম কৰিব। ইমানদিনে ক্ষমতাতকৈ যথেষ্ট বেছি যান-বাহন ভৈৰোঁ মাৰ্গৰে চলি আছে। আগন্তুক দিনত এই সুৰংগটোৱে ভৈৰোঁ মাৰ্গৰ যান-বাহনৰ বোজাৰ আধাতকৈও বেছি বহন কৰিব বুলি আশা কৰা হৈছে।

এই সুৰংগটোৰ লগতে মথুৰা ৰোডত চাৰিটা, ভৈৰোঁ মাৰ্গত এটা আৰু ৰিং ৰোড আৰু ভৈৰোঁ মাৰ্গৰ সংযোগস্থলত এটাকে ধৰি মুঠ ছয়টা আণ্ডাৰপাছ থাকিব।

 

 ***

DS/ST/KG



(Release ID: 1835019) Visitor Counter : 132