প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ নৱসাৰীত ‘গুজৰাট গৌৰৱ অভিযান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 10 JUN 2022 3:11PM by PIB Guwahati

ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয় ভাৰত মাতা কী- জয়!

গুজৰাটৰ জনপ্ৰিয়, মৃদু আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ জ্যেষ্ঠ সহযোগী আৰু নৱসাৰীৰ সাংসদ আৰু আপোনালোকে বিগত নিৰ্বাচনত হিন্দুস্তানৰ ভিতৰতে সৰ্বাধিক ভোট প্ৰদান কৰি যিগৰাকী ব্যক্তিক বিজয়ী কৰিছিল আৰু দেশত নৱসাৰীৰ নাম উজলোৱা, আপোনালোকৰ প্ৰতিনিধি শ্ৰী চি আৰ পাটিল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী ভগ্নী দৰ্শনা জী, ভাৰত চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীমণ্ডলী আৰু বিপুল সংখ্যাত ইয়াত উপস্থিত হোৱা মোৰ প্ৰিয় ভাই-ভনীসকল!

আজি ‘গুজৰাট গৌৰৱ অভিযান’ত মোৰ এটা কথাত বিশেষ গৌৰৱ অনুভৱ হৈছে, আৰু সেয়া হৈছে মই ইমান বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে কাম কৰিলো, কিন্তু কেতিয়াও আদিবাসী অঞ্চলত ইমান ডাঙৰ কাৰ্যক্ৰমত উপস্থিত থকাৰ সৌভাগ্য মোৰ হোৱা নাছিল। কিন্তু আজি মই গৰ্বৰে ক’ব খুজিছো যে মই গুজৰাট এৰাৰ পিচত যিকেইগৰাকী ব্যক্তিয়ে গুজৰাটৰ দায়িত্ব চম্ভালিছে, বিশেষকৈ এতিয়া ভূপেন্দ্ৰ আৰু চি আৰ যুটিয়ে যি উত্সাহ আৰু আনন্দৰে নতুন বিশ্বাসৰ সৃষ্টি কৰিবলৈ ধৰিছে, তাৰ পৰিণতিতে আজি মোৰ সন্মুখত পঞ্চাশ লাখৰো অধিক লোক সমবেত হৈছেহি। মোৰ গৰ্ব এই কাৰণেই হৈছে যে যিটো মোৰ কাৰ্যকালত সম্ভৱ হোৱা নাছিল, সেয়া এতিয়া মোৰ সহযোগীয়ে সম্ভৱ কৰি তুলিছে, আৰু আপোনালোকৰ মৰম-চেনেহ যেন বাঢ়ি গৈয়ে আছে। তাকে দখি মোৰ মন গৰ্বিত হৈ উঠিছে। নৱসাৰীৰ এই পবিত্ৰ ভূমিত ‘উনাই মাতা’ৰ মন্দিৰত মূৰ দোৱাই প্ৰণাম কৰিছো। আদিবাসীসকলৰ সামৰ্থ্য আৰু সংকল্পৰ এইডোখৰ ভূমিত ‘গুজৰাট গৌৰৱ অভিযান’ৰ অংশ হ’বলৈ পোৱাটোও মোৰ বাবে নিতান্তই গৌৰৱৰে কথা। গুজৰাটৰ গৌৰৱ শেহতীয়া দুটা দশকত যি দ্ৰুততাৰে বাঢ়িবলৈ ধৰিছে, এয়া সকলোৰে বিকাশ আৰু এই বিকাশৰে বহু নতুন আকাংক্ষাৰ জন্ম হৈছে। এই গৌৰৱশালী পৰম্পৰাক ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে পৰম সততাৰে আগবঢ়াই নিছে। আজি মই তিনি হাজাৰ কোটিৰো অধিক টকা বিনিয়োগযুক্ত এলানি প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমিপূজনৰ সুযোগ লাভ কৰিছো। এই পবিত্ৰ কাৰ্যৰ সৈতে জড়িত হ’বলৈ আপোনালোকে মোক আমন্ত্ৰণ জনোৱা বাবে মই ভূপেন্দ্ৰভাইৰ; ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনাইছো। এইসমূহ প্ৰকল্পই নৱাসাৰীৰ লগতে তাপী, চুৰাট, বালসাড়কে ধৰি দক্ষিণ গুজৰাটৰ কোটি কোটি সতীৰ্থৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিব। বিজুলী, পানী, পথ-ঘাট, স্বাস্থ্য, শিক্ষা আৰু সকলো ধৰণৰ যোগাযোগ আদিক এইসমূহ প্ৰকল্পই, আৰু সেয়াও বিশেষকৈ আমাৰ আদিবাসী অঞ্চলত হোৱাত তেওঁলোকক জীৱন-জীৱিকাৰ নতুন সম্বলৰে সংযোজিত কৰিব। এই সকলোবোৰ উন্নয়ণী যোজনাৰ বাবে মই আজি এইটো অঞ্চলৰ মোৰ সকলো ভাই-ভনীসকলৰ লগতে সমগ্ৰ গুজৰাটকে বহুত বহুত অভিনন্দন জনাইছো।

ভাই-ভনীসকল,

৮ বছৰৰ আগতে আপোনালোকে অনেক আশীৰ্বাদ দি বহুত আশাৰে মোক ৰাষ্ট্ৰৰ সেৱাত মোৰ ভূমিকাক বিস্তাৰিত কৰাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰিছিল। বিগত ৮টা বছৰত আমি বিকাশৰ সপোন  আৰু আকাংক্ষাসমূহৰে কোটি কোটি নতুন লোকক, অনেক নতুন ক্ষেত্ৰক সংযোজিত কৰাত সাফল্য লাভ কৰিছো। আমাৰ দুখীয়া, আমাৰ দলিত, বঞ্চিত, পিচপৰা সম্প্ৰদায়, আদিবাসী, মহিলা আদিৰ সমগ্ৰ জীৱন জীৱনৰ বুনিয়াদী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাতেই পাৰ কৰিবলগীয়া হৈছিল, সময় তেতিয়া এনেকুৱাই আছিল। স্বাধীনতাৰ পিচৰ এই দীঘলীয়া কালখণ্ডত যিসকলে সৰ্বাধিক সময়ৰ বাবে চৰকাৰ চলাইছিল, তেওঁলোকে উন্নয়ণক নিজৰ প্ৰাথমিকতা হিচাপে গণ্য কৰা নাছিল। যিবোৰ ক্ষেত্ৰ, যিবোৰ বৰ্গক ইয়াৰ সকলোতকৈ অধিক প্ৰয়োজন আছিল, সেইবোৰ ক্ষেত্ৰত তেওঁলোকে বিকাশ কৰাই নাছিল, কিয়নো, এই কাম কৰাৰ বাবে অলপ বেছিকৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজন। পকী পথৰ পৰা যিসকল অধিক বঞ্চিত আছিল, সেয়া আছিল গাঁও, সেয়া আছিল আমাৰ আদিবাসী অঞ্চল। কিন্তু এতিয়া, যিসকল দৰিদ্ৰ পৰিয়ালে ৮ বছৰত পকী ঘৰ লাভ কৰিছে, বিজুলী লাভ কৰিছে, শৌচালয় লাভ কৰিছে আৰু গেছৰ সংযোগ লাভ কৰিছে, তাৰ ভিতৰত অধিক সংখ্যকেই মোৰ আদিবাসী ভাই-ভনী,  মোৰ দলিত ভাই-ভনী, মোৰ পিচপৰা পৰিয়ালৰ লোক। বিশুদ্ধ পানীৰ পৰা সকলোতকৈ অধিক বঞ্চিত আছিল আমাৰ গাঁও, দৰিদ্ৰসকল আছিল, আমাৰ আদিবাসীসকল আছিল। টীকাকৰণৰ অভিযান চলিছিল, তেতিয়াও গাঁও, দৰিদ্ৰ আৰু আদিবাসী অঞ্চলসমূহ গৈ পাবলৈ বহু বছৰ লাগিছিল। চহৰততো বাৰু পাই গৈছিল। টিভিত, বাতৰি কাকতত প্ৰশংসাও কৰা হৈছিল। কিন্তু সুদূৰত অৱস্থিত জংঘলবোৰ থাকি গৈছিল। বাৰু, মোৰ গুজৰাটী ভাইসকলে কওকচোন আপোনালোকে প্ৰতিষেধক ল’লে নে? টীকাকৰণ হৈ গ’লনে? হাত ওপৰলৈ উঠাওকচোন। সকলোৱে বিনামূলীয়াকৈ পাইছেনে নাই? পইচা দিব লগা হৈছিলনেকি? দূৰ-সুদূৰৰ হাবিতলীয়া গাঁৱৰো চিন্তা এয়াটো আমাৰ সংস্কাৰতে আছে।

বন্ধুসকল,

‘বেংকিং সেৱা’ৰ অভাৱো সকলোতকৈ অধিক আমাৰ গাঁও আৰু আদিবাসী অধ্যুষিত অঞ্চলতে আছিল। বিগত ৮টা বছৰত ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ৰ মন্ত্ৰ আওঁৰাই আমাৰ চৰকাৰে দৰিদ্ৰসকলৰ বুনিয়াদী সা-সুবিধা প্ৰদান কৰাৰ বাবে, দৰিদ্ৰ কল্যাণত সবাতোকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে।

বন্ধুসকল,

দুখীয়াসকলক সামৰ্থ্যবান কৰি তোলাৰ বাবে এতিয়া আমাৰ চৰকাৰে ‘এশ শতাংশ সবলীকৰণ অভিযান’ আৰম্ভ কৰিছে। কোনো এগৰাকী দুখীয়া, কোনো এগৰাকী আদিবাসীয়েই যাতে কোনো এখন আঁচনিৰ লাভ আদায় কৰাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, যিসমূহ যোজনা তেওঁলোকৰ হিতৰ বাবে যুগুতোৱা হৈছে, সেইসমূহ যোজনাৰ লাভ তেওঁলোকে যাতে উপভোগ কৰিব পাৰে, এতিয়া সেই দিশত আমাৰ চৰকাৰে দ্ৰুতগতিৰে কাম কৰি আছে।

বন্ধুসকল,

এইখন মঞ্চলৈ অহাৰ আগতে, মোৰ ইয়ালৈ আহোতে অকণমান পলমো হৈছিল, কিয়নো মই অকণান সময়ৰ আগতে এই অঞ্চলৰ আমাৰ আদিবাসী ভাই-ভনীসকলৰ লগত তেওঁলোকৰ সুখ-দুখৰ কথা শুনি আছিলো। তেওঁলোকৰ সৈতে কথা-বতৰা পাতি আছিলো। চৰকাৰৰ যোজনাসমূহৰ সম্বন্ধে মই তেওঁলোকৰ পৰা কথাবোৰ প্ৰত্যক্ষ ভাবে জানিবলৈ প্ৰয়াস কৰিছিলো। যেতিয়াই জনতা-জনাৰ্দ্দনৰে এনেদৰে কথা-বতৰা পতাৰ সুযোগ পাওঁ, তেতিয়া বিকাশৰ বাবে সমৰ্থন সিমানেই বাঢ়িবলৈ ধৰে। গুজৰাটৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে এশ শতাংশ সৱলীকৰণৰ অভিযানৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে। মই ভূপেন্দ্ৰভাই, চি আৰ পাটিল আৰু তেওঁলোকৰ সমগ্ৰ গোটটোকেই ইয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।

আজি যেতিয়া বহুত দিনৰ পিচত চিখলীলৈ আহিছো, তেতিয়া স্বাভাৱিক অৰ্থতে সকলো কথা মনত পৰিছে। কিমান বছৰৰ পৰা যে মোৰ আপোনালোকৰ সৈতে সম্বন্ধ অব্যাহত আছে। সেইবোৰ দিনত আমাৰ যে যাতায়াতৰ সাধনেই নাছিল। ইয়ালৈ আহি বাছৰ পৰা নামিয়েই কান্ধত মোনা ওলোমাই আহিছিলো, আৰু ইয়াৰ বহুত পৰিয়ালে, বহুত গাঁও; সংখ্যাটো মোৰ এতিয়া মনত পৰা নাই, মই ইমান দিন ধৰি আপোনালোকৰ মাজত আছো, আৰু কেতিয়াও মই অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সন্মখীন হ’বলগীয়া হোৱা নাছিল। এই মৰম, এই আশীৰ্বাদেইতো মোৰ শক্তি। আদিবাসী ভাইসকলৰ মাজত কাম কৰা সুযোগ পাইছো। তাতোকৈয়ো অধিক মই তেওঁলোকৰ পৰা শিকাৰ সুযোগ পাইছো। দক্ষতা, স্বচ্ছতা, অনুশাসন! আমি ডাংগ জিলালৈ যাওঁ, অথবা আদিবাসীসকলৰ বসতিলৈকে যাওঁ, ৰাতিপুৱাই হওক কিম্বা আবেলিয়েই হওক, অথবা ৰাতিয়েই হওক। সকলো এটা লাইনতে আগবাঢ়ে। এজন আনজনৰ পিচে পিচেহে আগবাঢ়ে। আৰু কেৱল এয়াই নহয়, তেওঁলোকৰ জীৱন-চৰ্যাও কিন্তু খুবেই বুদ্ধিদীপ্ত। আজি আদিবাসী সমাজ এক সামগ্ৰিক জীৱন, আদৰ্শক অন্তঃকৰণৰে গ্ৰহণ কৰা পৰিৱেশক সংৰক্ষিত কৰা এখন সমাজ। এই কথা সকলোৱে কয় যে, আজিৰ এই তিনি হাজাৰ কোটি টকাৰ এই সমূহ যোজনা, মোৰ মনত আছে, এটা সময় আছিল, গুজৰাটত অতীতত এনে এগৰাকী মুখ্যমন্ত্ৰী আছিল এই অঞ্চলৰ, আদিবাসী অধ্যুষিত তেওঁৰ নিজৰ গাঁওখনতে পানীৰ টেংকীয়েই নাছিল। ‘হেণ্ডপাম্প’ বহুৱাইছিল, সেইবোৰো বাৰ মাহতে শুকাই গৈছিল। সেইবোৰৰ ‘ৱাশ্বাৰ’বোৰ ফাটি-চিটি গৈছিল, এই কথা সকলোৱেই গম পাইছিল। তেওঁ যেতিয়া গুজৰাটৰ দায়িত্ব লৈছিল, আৰু তেওঁৰ গাঁৱত পানীৰ টেংকী স্থাপন কৰিছিলো। পানীৰ সেই টেংকীৰ উদ্বোধনো কৰিছিল। গুজৰাটৰ বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ ছবি প্ৰকাশিত হৈছিল যে মুখ্যমন্ত্ৰীয়ে পানীৰ টেংকী উদ্বোধন কৰিলে। এনেবোৰ দিনো গুজৰাটে দেখিবলগীয়া হৈছিল। কিন্তু আজি মোৰ গৰ্ব হৈছে যে মই আদিবাসী বসতিসমূহৰ বাবে ৩ হাজাৰ কোটি টকাৰ কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিছো। আৰু আমাৰ দেশত যি কামেই নকৰক কিয়, কিছুমান লোকেতো চিঞৰিবলৈকে লয় বোলে নিৰ্বাচন আহিছে, সেয়ে কাম কৰিবলৈ ধৰিছে। আমাৰ কাৰ্যকালত এনে এটা সপ্তাহ বিচাৰি লওকচোন, এয়া মোৰ প্ৰত্যাহ্বান বুলিয়েই ধৰিব পাৰে। মই প্ৰায় ২২-২৩ ধৰি চৰকাৰত আছো। এইখিনি সময়ত এটা সপ্তাহ বিচাৰি উলিয়াওকচোন, যিটো সপ্তাহত বিকাশৰ কোনো এটা নহয়, এটা কাম হোৱা নাই। এনে এটা সপ্তাহ বিচাৰি নেপাব। পিচে, দোষ খোচৰাসকলৰতো এনে লাগে যে নিৰ্বাচনৰ সময়, সেয়েহে কামবোৰ চলিবলৈ ধৰিছে। সেয়ে মই এই কথা ক’বলগীয়া হৈছে। মই এইটো অঞ্চলত পানী যোগান ধৰাৰ বাবে ইমান ডাঙৰ আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িব খুজিছিলো তেতিয়া কিমানে যে কৈছিল বোলে অলপ দিনৰ পিচতে ২০১৯ৰ নিৰ্বাচন আহিব কাৰণে মোদী চাহাবে ইয়ালৈ আহি জনতাৰ মন ভুলোৱাত লাগিছেহি। কিন্তু আজি মোৰ গৰ্ব অনুভৱ হৈছে যে, সেইসকল লোকৰ কথা ভুল প্ৰতিপন্ন হ’ল। আৰু এতিয়া অঞ্চলটোত পানী উপলব্ধ হৈছে। বহুতে ভাল পোৱা নাছিল, পৰি যোৱা পানীকণকো মূৰৰ ওপৰত লোৱাৰ দৰে কথা চি আৰয়েও কৰিছিল, ভূপেন্দ্ৰ ভায়েও কৰিছিল। তিনি-চাৰি ফুটৰ ঢাল হয়, ইয়াততো আকৌ ২০০টা পৰ্যন্ত পাহাৰ উঠিব লগাৰ কথা। আৰু তলৰ পৰা পানী উলিয়াই পাহাৰৰ ছটি পৰ্যন্ত লৈ যোৱাৰ প্ৰয়োজন। আৰু সেয়া যদি নিৰ্বাচন জিকাৰ বাবে কৰিবলগীয়া হয়। কেৱল ২০০-৩০০ ভোটৰ বাবে ইমান পৰিশ্ৰম কোনেও নকৰে। সেই পৰিশ্ৰম আন কোনোবা বস্তুত কৰিবগৈ। আমি নিৰ্বাচনত জিকাৰ বাবে নহয়, আমিতো এইখন দেশৰ জনতাৰ ভালৰ বাবে কাম কৰিবলৈকে ওলাই আহিছো। নিৰ্বাচনততো জনতাই আমাক বিজয়ী কৰিয়েই আহিছে। ৰাইজৰ আশীৰ্বাদৰেহে আমি উপবিষ্ট হওঁ। ‘এয়াৰ এষ্টল প্ৰকল্প’ অভিযান্ত্ৰিক জগতখনত, সুৰেন্দ্ৰনগৰ জিলাত ঢাঁকীৰ কাম আৰু মইতো অভিযান্ত্ৰিক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালসমূহৰ কাৰিকৰী বিদ্যাৰ্থীসকলক ক’ম, ঢাঁকীত আমি নৰ্মদাৰ পানী যেনেকৈ ওপৰলৈ নিয়াৰ দিহা কৰিছো, সেইদৰে আমি ইয়াত যেনেদৰে পানী ওপৰলৈ নিছো, এয়া ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অভ্যাস কৰা উচিত। অধ্যাপকসকলো অহা উচিত। পাহাৰৰ উথ্থান-পতন কেনেকুৱা, কেনেকৈ এই ওখ-চাপৰ নেওচি ইমান ওখলৈ পানী নিয়া হ’ব, ইমান ওপৰলৈ নিয়াৰ পিচতো পানীৰ প্ৰয়োজনীয় ছাপ কেনেকৈ অটুত ৰখা হ’ব, এইবোৰ কথাৰ সঠিক হিচাপ-নিকাচ কৰাৰ অনুশীলন হোৱা উচিত। দৰাচলতেই ইয়াত এক বৃহত্ কাম সম্পাদিত হ’ল। আৰু আপোনালোকে ইয়াত, মই ধৰমপুৰৰ বহু আবাসিক অঞ্চলত আছিলো। সাপুতাৰাত আছিলো। সদায়ে ভাবিছিলো খুব বৰষুণ হওক, কিন্তু আমাৰ ভাগ্যত পানী নাছিল। পানী বৈ গৈছিল। আমি প্ৰথমবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে আমাৰ জংঘলৰ ওখ ওখ পাহাৰত বসবাস কৰাসকলেই হওক, আমাৰ দূৰণিবটীয়া গাঁৱত থকা আদিবাসী ভাই-ভনীসকলেই হওক, বা অন্য হাবিতলীয়া অঞ্চলসমূহ বসবাস কৰা আন জনগোষ্ঠীসমূহেই হওক, এই সকলোৰে পানী পোৱাৰ অধিকাৰ আছে। খোৱাৰ বাবে বিশুদ্ধ পানী উপলব্ধ কৰাৰ অধিকাৰ আছে। আৰু তেওঁলোকৰ বাবে আমি ইয়াত ইমান ডাঙৰ অভিযান চলালো। এয়া নিৰ্বাচনৰ বাবে চলোৱা অভিযান নাছিল। আৰু কৈছিলো যে যাৰ আধাৰশিলা আমি কৰিছো, তাৰ উদ্বোধনো আমিয়েই কৰিম। আৰু আজি মোৰ সৌভাগ্য যে এই কামটো কৰাৰ ভাগ্য মোৰ হ’ল। এয়াই ‘কমিটমেণ্ট’, ৰাইজৰ বাবে জীয়াই থকা, ৰাইজৰ বাবে উচৰ্গা, চৰকাৰী উথ্তান-পতনত সময় নষ্ট কৰা মানুহ আমি নহয়। আমি শাসনত বহাটোক কেৱল মাথোঁ ৰাইজক সেৱা কৰাৰ এক সুযোগ বুলিহে গণ্য কৰো। জনতা-জনাৰ্দ্দনৰ ভাল কৰাটোৰ কথা ভাবো। ক’ভিড-সংকটে সমগ্ৰ পৃথিৱীকে গ্ৰাস কৰিছিল। কিন্তু  প্ৰতিষেধকৰ ইমানবোৰ পালি দিয়া একমাত্ৰ দেশখন হৈছে আমাৰ হিন্দুস্থান। ২০০কোটি পালি! আজি সান্দেলপোৰ, খেৰগাম, ৰুমলা, মাণ্ডৱী। পানী যেতিয়া উপলব্ধ হয়, তেতিয়া কিমান শক্তি যে অনুভূত হয় ভাইসকল, আৰু আজিও কিমানবোৰ প্ৰকল্পৰ শিলান্যাস কৰা হৈছে। ১১লাখৰো অধিক লোকে অনেক সমস্যাৰ পৰা মুক্তি লাভ কৰিব এইবোৰ প্ৰকল্পৰ জৰিয়তে। আমাৰ জেসিংপুৰাই হওক, আমাৰ নাৰায়মপুৰাই হওক, সোণগড়য়েই হওক, এই পানী যোগানৰ যোজনাসমূহে, এইসমূহৰ সদ্ব্যহাৰ, সেই প্ৰকল্পসমূহৰ বাবে হোৱা ভূমিপূজন, কিয়নো এই অঞ্চলৰৰো ১৪ লাখৰো অধিক লোকৰ জীৱনকো পানী অধিকাৰ সাব্যস্ত কৰিব পৰা কৰিব লাগিব। বন্ধুসকল, ‘জল জীৱনৰ মিছন’ৰ অন্তৰ্গত আমাৰ গুজৰাটততো আপোনালোকৰ চাগৈ মনত আছে, যিসকলৰ ২০ বছৰ মানহে হৈছে, তেওঁলোকে হয়তো বেছিকৈ নাজানিব। তেওঁলোকতকৈ ডাঙৰসকলে জানিব, তেওঁলোকে কেনে ধৰণৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। তেওঁলোকৰ দেউতাক-ককাকসকলে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। নতুন প্ৰজন্মই এনে কোনো সমস্যাৰ সন্মুখীন হ’বলৈ দিয়াৰ মোৰ অকণো মন নাই। তেওঁলোকে সুখী জীৱন অতিবাহিত কৰক, তেওঁলোকে প্ৰগতিপূৰ্ণ জীৱন লাভ কৰক। আমাৰ অতীতত পানী দাবী উথ্থাপিত হ’লে, খুউব বেছি কি কৰা হৈছিল; বিধায়কসকলে আহি ‘হেণ্ডপাম্প’ স্থাপনৰ দিহা কৰিছিলহি আৰু সেইবোৰ উদ্বোধন কৰিছিলহি। আৰু ছমাহমানৰ ভিতৰত সেই ‘হেণ্ডপাম্প’ৰে বতাহহে ওলাবলৈ লৈছিল, পানী কিন্তু নোলাইছিল। আজি আমি পানী দি আছো। মোৰ মনত আছে, উমৰগামৰ পৰা আম্বাজী পৰ্যন্ত ইমান বিশাল আদিবাসী বেল্ট, আৰু ইয়াৰ মজতে উচ্চবৰ্গৰ সমাজো আছে, অ’বিচি সমাজ, আদিবাসী সমাজো আছে। আৰু ইয়াতো তেজস্বী শিশুৰ জন্ম হওক, ইয়াতো ওজস্বী ল’ৰা-ছোৱালী জন্ম হওক, কিন্তু এই অঞ্চলত এখনো বিজ্ঞানৰ স্কুল নাছিল, ভাইসকল। আৰু দ্বাদশ শ্ৰেণীলৈকে বিজ্ঞান শিক্ষাৰ ব্যৱস্থা থকা বিদ্যালয়েই যদি নাথাকে, আৰু যদি চিকিত্সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাষণ দিয়া হয়, তাৰ পৰা কিবা ভাল হ’ব পাৰেনে ভাইসকল। এয়া মোৰ  মনত আছে, ২০০১ত মই অহাৰ পিচত প্ৰথমটো কাম হিচাপে ইয়াত বিজ্ঞানৰ বিদ্যালয় স্থাপন কৰিছিলো। মোৰ আদিবাসী সন্তানসকল ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক বুলি। আৰু আজি মই গৰ্বৰে কব পৰা হৈছো, বিজ্ঞানৰ স্কুল স্থাপনৰে আৰম্ভ হোৱা কাম, আজি চিকিত্সা মহাবিদ্যালয় আৰু অভযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থাপনলৈকে আগবাঢ়িছে। আজি আদিবাসী অধ্যুষিত এলেকাত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। গোৱিন্দ গুৰুৰ নামত বিশ্ববিদ্যালয়, বিৰসা মুণ্ডাৰ নামত বিশ্ববিদ্যালয়, আদিবাসী এলেকাত বিশ্ববিদ্যালয়। ভাইসকল, প্ৰগতি যদি কৰিব লাগে, বিকাশ যদি কৰিব লাগে তেন্তে দূৰ-দূৰণিৰ হাবিতলীয়া এলেকাসমূহলৈকো যাবলগীয়া হয়। আৰু এই কাম আমি কৰিবলৈ লৈছো। লাখ লাখ লোকৰ জীৱন সলনি কৰাৰ বাবে আমি আয়োজন কৰিছো। বাট-পথেই হওক, ঘৰে ঘৰে ‘অপ্টিকেল ফাইবাৰ’ৰ সংযোগ স্থাপনেই হওক। আজি নৱাসাৰী আৰু ডাংগ জিলাই সেইসমূহৰ সকলোতকৈ অধিক লাভ উপলব্ধ কৰিব পাৰিছে। মই ডাংগ জিলাক বিশেষ ভাবে অভিনন্দন জনাব খুজিছো, আৰু দক্ষিণ গুজৰাটকো অভিনন্দন জনাব লাগিব। ডাংগ জিলাই জৈৱিক খেতিৰ ক্ষেত্ৰত যিখিনি সাফল্য প্ৰদৰ্শন কৰিছে, ‘নেশ্যাৰেল ফাৰ্মিং’-ত ডাংগ জিলা দৰাচলতেই অসাধৰণ সাফল্য অৰ্জন কৰিছে। তাৰ বাবে মই ধন্যবাদ জনাইছো। আজিৰ তাৰিখত নৱাসাৰীত ৫০০ কোটি টকাৰো অধিক মূল্যৰ হাস্পটাল আৰু চিকিত্সা মহাবিদ্যালয়, লাখৰো অধিক লোক ইয়াৰ দ্বাৰা উপকৃত হ’ব। আদিবাসী ভাই-ভনীসকলৰ ভৱিষ্যত্ উজ্জ্বল হওক, আদিবাসী ল’ৰা-ছোৱালীহঁত এতিয়া ডাক্টৰ হ’ব লাগিব, অ’বিচি পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীসকল, পিচপৰা সম্প্ৰদায়ৰ পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীসকল, হডপতি সমাজৰ ল’ৰা-ছোৱালীসকল ডাক্টৰ হওক, তেওঁলোকে ইয়াৰ বাবে ইংৰাজী পঢ়াৰ প্ৰয়োজন নাই। তেওঁলোকে মাতৃভাষাতে পঢ়ি ডাক্টৰ হ’ব পাৰিব। ভাইসকল, মই যেতিয়া গুজৰাটত আছিলো, তেতিয়া আমি ‘বনবন্ধু যোজনা’ আৰম্ভ কৰিছিলো। আজি ‘বনবন্ধু কল্যান যোজনা’ৰ চতুৰ্থ পৰ্ব আমাৰ ভূপেন্দ্ৰভাইৰ নেতৃত্ব চলি আছে। আৰু ১৪ হাজাৰ কোটি টকা, ভাইসকল, বিকাশে কেনেকৈ আগবঢ়াই নিয়ে এয়া তাৰেই উদাহৰণ। এই কাম ভূপেন্দ্ৰভাইৰ চৰকাৰৰ দিনত চলি আছে। ভাই-ভনীসকল, এনে অনেক ক্ষেত্ৰ আছে। আমাৰ আদিবাসী কণ কণ ভাই-ভনীসকল, মোৰ মনত আছে মই ইয়াত ‘ৱাডী প্ৰকল্প’ আৰম্ভ কৰিছিলো। ৱলসাড়ৰ কাষতে। এই ‘ৱাডী প্ৰকল্প’ চোৱাৰ বাবে আমাৰ আব্দুল কালাম জী ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। তেখেতে নিজৰ জন্মদিন উদযাপন কৰা নাছিল, আৰু ইয়ালৈ আহি ৱাডী অঞ্চলত এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিছিলহি। আৰু ‘ৱাডী প্ৰকল্প’নো দৰাচলতে কি? সেই বিষয়ে অধ্যয়ণ কৰি মোক আহি কৈছিলহি যে ‘মোদী জী আপুনি সঁচায়ে গাঁৱৰ মানুহৰ জীৱন সলনি কৰাৰ আচল কামটোকে কৰি আছে’। আৰু ৱাডী প্ৰকল্পত মোৰ আদিবাসীসকলৰ আধা একৰ মাটি, সেয়া লাগিলে গাঁত-গুত থকা মাটিয়েই হওক, একেবাৰে সৰু এডোখৰ মাটিয়েই হওক, অনুৰ্বৰ মাটিয়েই হওক, আমাৰ আদিবাসী ভনীসকলে পৰিশ্ৰম কৰে। আৰু আমাৰ আদিবাসী ভাইসকলো আবেলি অৱশ্যে অকণমান আনন্দ নকৰা নহয়, তথাপি আজি ৱাডী অঞ্চলত মোৰ আদিবাসী ভাইসকলে কাজু বাদামৰ খেতি কৰিছে। এই কাম ইয়াত হৈছে। ভাই-ভনীসকল, বিকাশ সাৰ্বজনীন ভাবে হওক, বিকাশ সৰ্বস্পৰ্শী হওক, বিকাশ সৰ্ববিস্তাৰে হওক, বিকাশ সকলোকে চুব পৰা হওক, সেই দিশত আমি কাম কৰি আহিছো। আৰু এনে বহু কাম আজি গুজৰাটৰ ভূমিত চলি আছে। যিকি নহওক, ইমান বিশাল সংখ্যাৰে আপোনালোক সকলোৱে আহি আশীৰ্বাদ দিছেহি, এই দৃশ্যই ভাইসকল, আপোনালোকৰ বাবে কাম কৰিবলৈ মোক শক্তি প্ৰদান কৰে। আৰু এই শক্তিৰ সহায়তেই গুজৰাটকো আগুৱাই লৈ যাব লাগিব, আৰু হিন্দুস্তানকো আগুৱাই নিব লাগিব। পুনৰবাৰ আপোনালোক আটাইকে এই আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ জনালো। বিশাল সংখ্যাৰে আহি আপোনালোকে আশীৰ্বাদ দিছেহি, তাৰ বাবেও ধন্যবাদ। মই ৰাজ্যচৰকাৰকো অভিনন্দন জনাইছো তেওঁলোকে এনে প্ৰগতিশীল কাম, সময়বদ্ধ ভাবে আৰু সমাজৰ অন্তিম পৰ্যায়ত থকাসকলকো স্পৰ্শ কৰিব পৰাকৈ সম্পন্ন কৰিছে। আপোনালোক আটাইলৈকে শুভকামনা জ্ঞাপন কৰিছো। ‘ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়’!

 

*****

DS/TS/DK/AK/KB


(Release ID: 1834386) Visitor Counter : 140